জম্মু-কাশ্মীৰৰ এল অ' চি অতিক্ৰমি সন্ত্রাসবাদীয়ে পাকিস্তানী সেনাৰ সহযোগত যোৱানিশা ভাৰত ভূমিত অনুপ্ৰৱেশ কৰি এগৰাকী ভাৰতীয় জোৱানক হত্যা কৰাৰ পাছত মৃতদেহৰ অংগচ্ছেদ কৰি বর্বৰতা প্রদর্শন কৰে। কাশ্মীৰৰ কুপৱাৰা জিলাৰ মেকছিল খণ্ডত ভাৰতীয় জোৱানগৰাকীৰ মৃতদেহৰ অংগচ্ছেদ কৰি পাক সেনাৰ সহযোগত সন্ত্রাসবাদীকেইটাই পুনৰ পাক অধিকৃত কাশ্মীৰলৈ পলায়ন কৰিবলৈ সক্ষম হয়। সেনাৰ বিবৃতিত উল্লেখ কৰা মতে, পাকিস্তানী সেনাই গুলীবর্ষণ কৰি থাকি সন্ত্রাসবাদীক পলায়নৰ সুযোগ উলিয়াই দিয়ে আৰু সন্ত্রাসবাদীয়ে মৃত ভাৰতীয় জোৱানৰ অংগ কাটি ক্ষত-বিক্ষত কৰি থৈ যায়। দুবছৰ পূর্বে বিবাহপাশত আবদ্ধ হােৱা ৩০ বছৰীয়া জোৱান মনদীপ সিঙৰ পত্নী হাৰিয়ানা আৰক্ষীৰ হেড কনিষ্টবল হিচাপে কৰ্মৰত। আনপিনে এল অ' চিত যুদ্ধবিৰতি উলংঘন অব্যাহত ৰখা পাকিস্তানী সেনাই কৰা গুলীচালনাত কালি পুৱা মেছিল খণ্ডত এগৰাকী বি এছ এফৰ জোৱান শ্বহীদ হয়। শ্বহীদ জোৱানগৰাকী মহাৰাষ্ট্ৰৰ চাংলীৰ বাসিন্দা ২৮ বছৰীয়া কনিষ্টবল কলি নীতিন সুভাষ বুলি চিনাক্ত কৰা হৈছে। দেশৰ বাবে প্রাণ আহুতি দিয়া কলি নীতিন সুভষে ২০০৮ চনত বি এছ এফত যোগদান কৰিছিল।
Home / শ্বহীদ জোৱান
/ এল অ' চিত শ্বহীদ জোৱানৰ মৃতদেহৰ অংগচ্ছেন্দ পাক সন্ত্রাসবাদীৰ::বর্বৰতা প্রদর্শন
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment