৩ গছিকৈ বন্তি জুলাই সেনা জোৱানলৈ জনাওক ::মুখ্যমন্ত্রী সোণোৱাল



মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে দেশৰ সেনা জোৱান সকলৰ প্রতি শ্রদ্ধা জনাই ৰাজ্যৰ প্ৰতিটো পৰিয়ালকে তিনি গছিকৈ বন্তি প্রজ্বলন কৰিবলৈ আহ্বান জনাইছে ।ৰাজ্যবাসীক দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়— ‘দেশৰ সেনা জোৱানসকলে দেশৰ সুৰক্ষাৰ বাবে অশেষ কষ্টৰে কাম কৰি আহিছে। তেওঁলোকৰ কষ্টৰ বাবেহে জনসাধাৰণে উৎসৱ-পাৰ্বণত আনন্দ কৰিব পাৰিছে। সেই বাবে সেনা জোৱানসকলৰ প্ৰতি শ্রদ্ধা জ্ঞাপন কৰি সকলো পৰিয়ালকে দীপাৱলীৰ দিনটােত তিনিগছিকৈ বন্তি প্রজুলন কৰিবলৈ আহ্বান জনালোঁ।” সৰ্বসাধাৰণ জনতাৰ দৰেই মুখ্যমন্ত্ৰীগৰাকীয়েও দীপাৱলী উদযাপন কৰিব বুলি সাংবাদিকক জানিবলৈ দিয়ে।
Share on Google Plus

About Unknown

0 comments:

Post a Comment