অতীজৰ পৰা কলগছ আমাৰ জাতীয় জীৱনৰ অপৰিহাৰ্য্য অংগ হৈ আহিছে ৷ বিয়া, সবাহ, সকাম,পূজা, আদৰণি-তোৰণ, সভা –সমিতি আদি সকলো শুভ কামতে কলগছৰ অপৰ্যাপ্ত প্ৰয়োগ আমি দেখি আহিছোঁ ৷ কলগছৰ প্ৰতিটো অংশই মানৱৰ হিতাৰ্থে ব্যৱহৃত হৈ আছিছে ৷ কলপাতত ভগবানলৈ বুলি নৈবদ্য আগবঢ়াওঁ, মাহ-প্ৰসাদ খাওঁ, ভোজ-ভাত খাওঁ, কলপাতত মেৰিয়াই জুইত দি কচুশাক-বিলাহীৰ-মাছৰ পিতিকা বনাওঁ, কলপাতত যি কোনো খোৱা বস্তুৰ ভাগ বিলাওঁ আৰু বহুত কিবাকিবি কৰোঁ ৷ কলগছৰ শিপা আৰু কলগছৰ গা, কলৰ বাকলিৰ খাৰ বনাওঁ ৷ কলগছৰ গাৰ পৰা কাগজ বনোৱা হয় ৷ বানপানীত কলগছৰ ভুঁৰত উঠি ইঠাই-সিঠাইলৈ যাওঁ ৷ কলগছৰ শুকুৱা ছাল বাকলিৰে ৰচি, পঘা, বেগ আদি বনাব পাৰি ৷ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদে 'জয়মতী' বোলছবিৰ ৰজাৰ ঘৰৰ চেটিংঙ সজোৱাত যথেষ্ট পৰিমাণৰ কলগছ ব্যৱহাৰ কৰিছিল বুলি পঢ়িবলৈ-শুনিবলৈ পোৱা যায় ৷ অসমৰ গ্ৰামাঞ্চলৰ বিয়া আৰু সকামত আজিও কলৰ ডোঙাত আলহীক জলপানেৰে অপ্যায়ন কৰা হয় ৷ পকা কলৰ বাকলিৰে দাঁত মাজি মুখৰ দূৰ্গন্ধ আতৰাব পাৰি, দাঁত চিকচিকিয়াও কৰিব পাৰি ৷ কাচকলৰ পিতিকা আৰু ভাজি বহুতৰ প্ৰিয় খাদ্য ৷ ভীমকল শিশুৰ বাবে, গৰ্ভৱতী মহিলাৰ বাবে আৰু অসুখীয়া লোকৰ বাবেও অতি পুষ্টিকৰ খাদ্য ৷ দক্ষিণ ভাৰতৰ বিভিন্ন চহৰত কলৰ চিপচ প্ৰচুৰ পৰিমানে তৈয়াৰ কৰা হয় ৷ স্বাস্থ্য ভালে ৰাখিবলৈ সকলোলোকে দৈনিক এটা হলেও কল খোৱা উচিত ৷ কলৰ বাৰী পাতি ব্যৱসায় কৰি স্বাৱলম্বী হব পাৰি ৷ আপোনালোকৰ বহুতৰ হয়তো এই কথাটো জ্ঞাতযে এচিয়াৰ ভিতৰৰ সৰ্ববৃহৎ কলৰ বজাৰখন অসমৰ গোৱালপাৰাৰ দৰংগিৰি নামৰ সৰু চহৰখনত অৱস্থিত- য'ৰ পৰা গড়ে দৈনিক ৫০ট্ৰাক কলৰ থোকা ৩৭নং ৰাষ্ট্ৰীয় পথেদি ভাৰতৰ বিভিন্ন ঠাইলৈ ৰপ্তানি হয় ৷ ঘাইকৈ ভীমকলৰ বাকলিৰ পৰা তৈয়াৰ কৰা কলখাৰৰ বিষয়ে মই বিস্তাৰিতভাবে লিখা ইতিপূৰ্বে প্ৰকাশিত প্ৰৱন্ধটো হয়তো বহুতো পাঠকৰ চকুত পৰিছে ৷
আজিৰ এই লিখনিত কলডিলৰ বহুমুখী উপকাৰিতাৰ ওপৰত পোহৰ পেলাবৰ প্ৰয়াস কৰিম ৷
কলডিল কোনে কেনেকৈ খাই ভাল পায় ?
কলডিল হ'ল এবিধ সুস্বাদু আৰু অতি পুষ্টিকৰ খাদ্য ৷ কিছুদিনৰ আগলৈকে কলডিল খাই নোপোৱা অসমীয়া মানুহ নাই বুলিয়েই কব পৰা হৈ আছিলোঁ ৷ পিছে আজিকালি অসমৰ নগৰীয়া মানুহৰ জুতি সলনি হব ধৰিছে ৷ এই ৰচনাখন পঢ়ি যদি দুই এজনে নতুনকৈ কলডিল খাবলৈ আৰম্ভ কৰে সেয়া হব স্বাস্থ্য সজাগতা অনাৰ ক্ষেত্ৰত কৰা মোৰ ক্ষুদ্ৰ প্ৰয়াসৰ সাৰ্থকতা ৷
কলডিলৰ স্বাভাবিক স্বাদ হ'ল তিতিকি ভাৱ থকা ৷ পিছে জালুক,আদা,নহৰু,পিয়াঁজ,জলকীয়া আৰু মছলা লগত পৰিলে, সিজালে কলডিলৰ তিতা স্বাদ মুঠেই নোহোৱা হয় ৷ কোনোৱে মিহিকৈ কুটি শুকানকৈ ভাজি খাই ভাল পায় ৷ কোনোৱে দাইলৰ লগত মিহলাই জুলীয়া আঞ্জা পচন্দ কৰে ৷ কোনোৱে মাংসৰ লগত ভাজি খায় ৷ কোনোৱে চাটনি বা চুপো বনাই খায় ৷ কিন্তু লাগতিয়াল কথাটো হ'ল আপুনি যেনেকৈয়ে খালেও কলডিলৰ উপকাৰিতাখিনি পাবই ৷
কলডিল কুটিলে হাতত ক'লা চেকা লাগে ৷ সেয়া সামান্য চেষ্টা কৰি আতৰাব পাৰি ৷ কুটি থোৱা কলডিল বায়ুৰ অক্সিজেনৰ লগ লাগি ততালিকে ক'লা পৰে ৷ কলডিলৰ কাপোৰত চেকা যাতে নালাগে ৰান্ধনিয়ে সতৰ্ক হোৱা ভাল ৷

কলডিলত কি কি তত্ব থাকে ?
কলডিলত থাকে- প্ৰটিন,ফেট,কাৰ্বোহাইড্ৰেট, ফাইবাৰ,কেলচিয়াম,মেগনেচিয়াম,পটেচিয়াম, আইৰণ, কপাৰ,ফচফ'ৰাচ, ভিটামিন-ই, ভিটামিন-এ, ভিটামিন-চি, মিথানল আৰু কেইবাবিধো এন্টিঅক্সিডেন্ট ৷ কলডিলত থকা 'ফ্লেভনইড' হ'ল কেবল গছ-গছনিত থকা উপকাৰী ৰাসায়নিক পদাৰ্থ, যাৰ উপস্থিতি হ'ল মানৱ শৰীৰৰ ৰোগ প্ৰতিৰোধক অৰ্থাৎ ইমিউনিটি বঢ়োৱাত সহায়ক ৷
এতিয়া কলডিলৰ শৰীৰৰ বিভিন্ন ক্ষেত্ৰত উপযোগিতা চমুকৈ বৰ্ণনা কৰিম ৷

(১) ফ্ৰি-ৰেডিকেলক নিষ্ক্ৰিয় কৰা :- মোৰ দূষ্টিত এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা ৷ ফ্ৰি-ৰেডিকেল নামৰ অপকাৰী, বিপদজনক ৰাসায়নিক তত্ব আমাৰ শৰীৰৰ ভিতৰত নিৰ্মাণ হয় ৷ ইয়াত অৰিহণা যোগায় পাৰিপাৰ্শ্বিকতাত থকা দূষিত ৰাসায়নিক পদাৰ্থই - যেনে চিগাৰেট আৰু আলকেটেৰাৰ ধোঁৱা, চিমেন্টৰ ধূলি,পানীৰ আৰ্চেনিক, এক্সৰেৰ বিকিৰণ, কল-কাৰখানাৰ প্ৰদূষণ আদিয়ে ৷ ফ্ৰি-ৰেডিকেলৰ কুপ্ৰভাৱত মানুহ অকালতে বাৰ্ধক্যৰ দিশে গতি কৰে, পাৰকিনচনিজম আৰু এলঝাইমাৰ জাতীয় ৰোগৰ চিকাৰ হয় ৷ ফ্ৰি-ৰেডিকেলৰ আধিক্যই বা বেচি সক্ৰিয়তাই শৰীৰৰ কোষসমূহৰ বিসংগতি ঘটায় আৰু শৰীৰ ভয়াবহ ৰোগ কেঞ্চাৰৰ দিশে ধাৱমান হয় ৷
কলডিলত থকা মিথানল আৰু অন্যান্য এন্টিঅক্সডেন্টে ফ্ৰি-ৰেডিকেলচৰ সৈতে যুঁজ দিয়ে ৷ নিয়মীয়াকৈ কলডিল গ্ৰহণ কৰা লোকক সেয়ে অকালবাৰ্ধক্য, স্নায়বিক-মানসিক ৰোগ আৰু কেঞ্চাৰে সহজে স্পৰ্শ নকৰে ৷
কলডিলত থকা মিথানল আৰু অন্যান্য এন্টিঅক্সডেন্টে ফ্ৰি-ৰেডিকেলচৰ সৈতে যুঁজ দিয়ে ৷ নিয়মীয়াকৈ কলডিল গ্ৰহণ কৰা লোকক সেয়ে অকালবাৰ্ধক্য, স্নায়বিক-মানসিক ৰোগ আৰু কেঞ্চাৰে সহজে স্পৰ্শ নকৰে ৷
(২) পাক প্ৰণালীৰ সুৰক্ষা প্ৰদান : -কলডিলত থকা ফাইবাৰ দুই প্ৰকাৰৰ - ঘূলি যোৱা (Soluble ) আৰু ঘূলি নোযোৱা (Insoluble ) ৷ ঘূলি যোৱা ফাইবাৰে সহজে পাক প্ৰণালীৰ ভিতৰত প্ৰবেশ কৰে আৰু পানীৰ লগত লগ লাগি জেল বা ঘোল বনায় ৷ ঘূলি নোযোৱা ফাইবাৰে শৌচৰ পৰিমাণ বৃদ্ধি কৰি মল-নিষ্কাষণত সহায় কৰে ৷ কলডিলত থকা ফাইবাৰে শৌচকচা আতৰায় ৷ গতিকে গৰ্ভাৱস্থাত হোৱা শৌচৰ অনিয়ম দূৰ কৰিবলৈ কলডিল খোৱাব লাগে ৷ কলডিলে আভোক আৰু বদহজমিও দূৰ কৰে ৷
(৩) মানসিক স্বাস্থ্য ৰক্ষাত লোৱা ভূমিকা : - কলডিলত থকা মেগনিচিয়ামে মানসিক অৱসাদ, দু:চিন্তা আতৰোৱাত সহায় কৰে ৷ আগতেই কোৱা হৈছে কলডিলে নানাবিধ স্নায়বিক ৰোগৰ পৰাও শৰীৰক সুৰক্ষা দিয়ে ৷ ডিপ্ৰেচন আতৰাই মুড ভালে ৰখাত কলডিল সহায়ক ৷
(৪) মাহেকীয়াৰ সমস্যাৰ উপশম ঘটোৱা : - কলডিলে শৰীৰৰ প্ৰজেষ্টৰন হৰমোনৰ লেভেল বঢ়ায়, যাৰ ফলত মাহেকীয়াৰ অতিস্ৰাৱ ৰোধ হয় ৷ এই ক্ষেত্ৰত দৈ আৰু হালধি কলডিলৰ সৈতে একেলগে খালে বেচি উপযোগী বুলি কোৱা হৈছে ৷
(৫) মাতৃদুগ্ধৰ পৰিমাণ বৃদ্ধিত সহায়ক : - কলডিলে মাতৃদুগ্ধৰ উৎপাদন বৃদ্ধি কৰা দেখা যায় ৷
(৬) জৰায়ুৰ সুৰক্ষা : - জৰায়ুক কলডিলে সুৰক্ষা দিয়ে বুলি আয়ুৰ্বেদে কয় ৷
(৭) মেদবহুলতা হ্ৰাসত সহায়ক : -কলডিলত ফাইবাৰ থকা হেতুকে শকত লোকসকলে মেদবহুলতা কমাবলৈ কলডিল খোৱা উচিত ৷

(৮) ছালৰ কমনীয়তা বৰ্তাই ৰখা :- কলডিলত থকা ভিটামিন-ই আৰু ভিটামিন-চি হ'ল ছালৰ বাবে উপযোগী ৷
(৯) সংক্ৰমণৰোধক ভূমিকা : - কলডিলত থকা মিথানেলৰ বাবে শৰীৰৰ বাবে অপকাৰী বেক্টেৰিয়াই ক্ৰিয়া কৰিবলৈ অক্ষম হয় ৷ লেবৰেটৰীত প্ৰয়োগ কৰি দেখা গৈছে যে ই-কলাই, বেচিলাচ চাবটলিচ, বেচিলাচ চেৰিয়াচ আদি বেক্টেৰিয়াই কলডিলৰ প্ৰভাৱত বাঢ়িব নোৱৰা হয় ৷ আকৌ কলডিলৰ প্ৰভাৱত মেলেৰিয়াৰ পৰাশ্ৰয়ী জীৱাণুৰ অহিত হোৱা পৰিলক্ষিত হৈছে ৷ কলডিল খালে শৰীৰৰ কটা-চিঙা-ঘা সোনকালে শুকোৱা দেখা যায় ৷

(১০) এনিমিয়া দূৰ কৰাত সহায়ক : -লৌহ পদাৰ্থ, নানাবিধ ভিটামিন আদি কলডিলত থকা বাবে হিম'গ্লবিনৰ উন্নতি হয় ৷
(১১) ডায়েবেটিজৰ প্ৰতিৰোধক : -কলডিলত থকা ফাইবাৰ আৰু ফিনলিক এচিড আদি তত্ব থকাৰ বাবে তেজৰ চুগাৰ নিয়ন্ত্ৰণত সহায়ক হয় বুলি বিজ্ঞানীসকলে মত পোষণ কৰে ৷
(১২) লাগতিয়াল ভিটামিন আৰু মিনাৰেলৰ ভূমিকা : - কলডিলত থকা ভিটামিন আৰু আন লাগতিয়াল তত্বসমূহে শৰীৰক হৃদৰোগৰ পৰা সুৰক্ষা দিয়ে ৷

মোখনিত ইমানেই কম যে আমাক প্ৰকৃতিয়ে যোগান ধৰা এই অমূল্য বৰদান কলডিলৰ মাহাত্ম্য এতিয়া বিশ্বই বুজি উঠিছে ৷ দেশে-বিদেশে ইয়াৰ গুণাগুণৰ ওপৰত গবেষণা চলি আছে ৷ উন্নত দেশসমূহৰ চুপাৰমাৰ্কেটৰ পাচলিৰ বিপনিত কলডিলে এবিধ সম্ভ্ৰান্ত পাচলিৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে ৷
ডা০ ভূপেন শইকীয়া
৪ অক্টোবৰ, ২০১৬
ডোহা, কাটাৰৰ পৰা
৪ অক্টোবৰ, ২০১৬
ডোহা, কাটাৰৰ পৰা
ই মেইল : drbksaikia@gmail.com
ৱাটচএপ আৰু ম'বাইল +974 33738722
ৱাটচএপ আৰু ম'বাইল +974 33738722
(ইংৰাজীত মোৰ বিভিন্ন মেডিকেল লিখনিৰ লিংক হ'ল - www.drbhupensaikia.com)
0 comments:
Post a Comment