১। ঐতিহ্যমণ্ডিত আঠখেলীয়া বৰ নামঘৰৰ পৰিচালনা সমিতি দখলৰ অপচেষ্টাক কেন্দ্ৰ কৰি মাৰপিটক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া। তেজেৰে নামঘৰ ৰাঙলী হোৱাৰ পিছত পুৱাই শুদ্ধিকৰণ কৰি আৰম্ভ হ’ল নাম-প্ৰসংগ।
২। পাক অধিকৃত কাশ্মীৰত ছাৰ্জিকেল ষ্ট্ৰাইকক লৈ বিৰোধীৰ সন্দেহৰ সময়তে আজি সেনাই ভিডিঅ’ প্ৰকাশ কৰাৰ সম্ভাৱনা। জম্মু-কাশ্মীৰৰ পৰিস্থিতি সম্পৰ্কত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত দিল্লীত নিৰাপত্তা সম্পৰ্কীয় কেবিনেট।
৩। ৰঙিয়াত সৰ্বানন্দ চৰকাৰৰ প্ৰশংসাত গদগদ ৰাজ্যিক বিজেপিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক। সভাপতি নিযুক্তি, চৰকাৰৰ কৰ্মসূচী, উপনিৰ্বাচন সন্দৰ্ভত আলোচনা। মুখ্যমন্ত্ৰীৰ লগতে কাৰ্যনিৰ্বাহকত অংশগ্ৰহণ বিধানসভাৰ অধ্যক্ষৰ।
৪। ভেকোভাওনাত পৰিণত হ’ল গুৱাহাটীক যান-জঁট মুক্ত কৰাৰ বাবে আৰক্ষীয়ে লোৱা পদক্ষেপ। আৰক্ষীয়ে প্ৰত্যাহাৰ কৰিলে One Way।
৫। ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ পয়ালগা ছবি। দ্ৰুত উন্নয়নৰ দাবীৰ বিপৰীতে নলবাৰীত ঘোঁৰাগাড়ীত চিকিত্সালয়লৈ আনিবলগীয়া হ’ল ৰোগীক। গোৱালপাৰাত ঠেলাৰে প্ৰসূতিক আনিলে চিকিত্সালয়লৈ।
৬। গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন। আছু, ABVP, NSUIৰ প্ৰাৰ্থীৰ মাজত মূল যুঁজ।
0 comments:
Post a Comment