ভাৰত বাংলাদেশ সীমা ন্ত অঞ্চল পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ :: পৰিস্থিতিৰ বুজ ললে

মুখ্যমন্ত্ৰী সোণোৱালে আজি ভাৰত বাংলাদেশ সীমান্ত অঞ্চল পৰিদৰ্শন কৰে। এই উপলক্ষে তেওঁ মানকাছাৰৰ প্ৰায় ৩০ কি:মি: ভাৰত বাংলাদেশ সীমান্ত পৰিদৰ্শন কৰি কাইটিয়া তাঁৰৰ ব্যৱস্থাৰ বুজ লয়। তেখেতে এই সময় ছোৱাত চাহপাৰা সীমান্ত আৰক্ষী চকী, কাৰকিপাৰা, জোহলা চৰ, ডাইৰা, আচমেৰ আলগা, গধুলি গাওঁ, দীপচৰ সীমান্ত আৰক্ষী চকী আদি অঞ্চল পৰিদৰ্শন কৰে। তেখেতৰ লগত কেবা গৰাকীও বিধায়ক, আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্বল কুমাৰ ভট্টাচাৰ্যৰ লগতে ভালেকেইজন উচ্চ পদস্থ বিষয়াও গৈছে ।
Share on Google Plus

About Unknown

0 comments:

Post a Comment