মহাপুৰুষ শংকৰদেৱৰ তিৰােভাৱ তিথিত সেৱা ললে বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত দাসে

মহাপুৰুষ শংকৰদেৱৰ তিৰােভাৱ তিথি মইনাপৰীয়া নামঘৰ আৰু ঢেঁকীয়াখোৱা বৰনামঘত উদযাপন কৰা হয়। পুৱা বৰনামঘৰত চাৰি প্ৰসংগ নাম-কীৰ্তনৰ লগতে গায়ন-বায়নসহ নাম-প্ৰসংগ কৰি ভক্তসকলে অংশ লয়। অগণন ভক্তৰ সমাগম হােৱাৰ লগতে কালি অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত দাসে মইনাপৰীয়া নামঘৰত শৰাই- নৈবেদ্য আগবঢ়াই পিছত ঢেঁকীয়াখোৱা বৰনামঘৰলৈ গৈ নামপ্ৰসংগত সেৱা লয়। বৰনামঘৰতো অধ্যক্ষগৰাকীয়ে পত্নীসহ টীয়কৰ বিধায়ক ৰেণুপমা ৰাজখোৱা আৰু বিজেপি দলৰ কামীসকলে সেৱা লয়। নামঘৰ পৰিচালনা সমিতিৰ লগত আলোচনাত মিলিত হৈ চৰকাৰৰ পৰা দিব পৰা সকলো ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে অধ্যক্ষজনে। পুৱাৰে পৰা অসমৰ বিভিন্ন জিলাৰ ভক্তসকলে নামঘৰত ভিৰ কৰা পৰিলক্ষিত হয়।
Share on Google Plus

About Unknown

0 comments:

Post a Comment