ভুৱা তথ্য দাখিল NRCত ::: ৫বছৰ পৰ্যন্ত হব পাৰে জেল

NRCত ভুৱা তথ্য দাখিল কৰিলে ৫ বছৰ পৰ্যন্ত জেল হব পাৰে বুলি সদৰী কৰিছে NRCৰ ৰাজ্যিক সমন্বক প্ৰতীক হাজেলাই। এই সম্পৰ্কত ৰাজ্যখনত এতিয়ালৈকে ১৩৭ টা গোচৰ ৰুজু হৈছে । সেই মৰ্মে ধুবুৰীত ৫টা, কাছাৰত ৬টা, নলবাৰীত ৩৩ টা, চিৰাংত ২টা, মৰিগাওঁত ৫টা, নগাওঁত ১৫ টা, বঙাইগাওঁত ৬টা, কাৰ্বি আংলঙত ৫টা, কামৰূপত ৯টা, বৰপেটাত ১৭ টা, দৰংত ১১টা, কোকৰাঝাৰত ৬টা ,গোৱালপাৰাত ৫টা, হাইলাকান্দিত ৩টা , শোণিতপুৰত ৩টা, ডিমা হাছাওত ২টা, যোৰহাটত ১ টা আৰু ডিব্ৰুগড়ত ৩টা গোচৰ ভুৱা নথি পত্ৰ দাখিল কৰাৰ বাবে ৰুজু হৈছে ।

Share on Google Plus

About Unknown

0 comments:

Post a Comment