ভাৰতীয় বায়ুসেনাৰ আন্তনভ এএন-৩২ বিমানৰ বর্তমানলৈকে ৯ বাৰ দুৰ্ঘটনা ঘটিছে।এই সম্পৰ্কত এক বিশেষ প্ৰতিবেদন ...................

১৯৮৪ চনত ৰাছিয়াই এই ছিৰিজৰ বিমান যোগান দিয়াৰ দুবছৰৰ ভিতৰতে প্রথম দুর্ঘটনাটো ঘটে। ১৯৮৬ চনৰ ২২ মাৰ্চত জম্মুকাশ্মীৰৰ কিষ্টিৱাৰত প্রথমটো দুর্ঘটনাত মৃত্যু হয় সোতৰজন লোকৰ। দ্বিতীয় দুর্ঘটনা ঘটে সেই ঘটনাৰ মাত্র তিনি দিন পিচতে ২৫ মাৰ্চত ভাৰত মহাসাগৰত। মৃত্যু হয় সাতজন লোকৰ। তৃতীয়টো দুর্ঘটনা সংঘটিত হয় ১৯৮৮ চনৰ ৪ অক্টোবৰত কানপুৰৰ ওচৰত শিৱৰাজপুৰত, মৃত্যু হয় দহজনৰ। ১৯৯০ চনৰ ১৫ জুলাইত, চতুর্থ দুর্ঘটনাটো ঘটে তামিলনাডুৰ তাম্বাৰামৰ পৰা কেৰালা থিৰুৱন্তপুৰমলৈ যোৱাৰ পথত। মৃত্যু হয় ছজনৰ। ১৯৯২ চনৰ ১ এপ্রিলত চণ্ডীগড়ত হোৱা দুর্ঘটনাত আঠজন লোকৰ মৃত্যু ঘটে। ১৯৯৯ চনত দিল্লীৰ ইন্দিৰা গান্ধী আন্তর্জাতিক বিমান বন্দৰৰ ওচৰত ষষ্ঠ দুৰ্ঘটনাটো ঘটে। মৃত্যু হয় ২১ জন লোকৰ। সপ্তম দুর্ঘটনাটো ঘটে অৰুণাচল প্রদেশত ২০০০ চনৰ ২৩ ফেব্রুৱাৰীত। এই দুর্ঘটনাত কাৰো মৃত্যু হোৱা নাছিল যদিও ২০০৯ চনৰ ৯ জুনত অৰুণাচল প্রদেশতে অষ্টমটো দুর্ঘটনাত তেৰজন লোকৰ মৃত্যু হয়। নৱম দুর্ঘটনাটো চণ্ডীগড়ত ২০১৪ চনৰ ২০ ছেপ্টেম্বৰত। এই ঘটনাত কাৰো মৃত্যু হোৱা নাছিল। এনেদৰে এ এন ৩২ ছিৰিজৰ বিমানৰ আটাইকেইটা দুর্ঘটনাত ইতিমধ্যে মুঠ ৮২ জন লোকে মৃত্যুক সাবটিবলগীয়া হৈছে। ঘাইকৈ বায়ু সেনাৰ পৰিবহণ বিমান হিচাপে এই বিমানক জোৱান আৰু সামগ্ৰী কঢ়িওৱাৰ কামতে ব্যৱহাৰ কৰা হয়। প্রয়াত প্রধানমন্ত্রী ইন্দিৰা গান্ধীয়ে তদানীন্তন ছোভিয়েট ইউনিয়নৰ সৈতে মৈত্ৰী আৰু সু-সম্পর্ক ৰক্ষাৰ কাৰণে সম্পাদন কৰা চুক্তি অনুসৰি এই বিমান বায়ু সেনাৰ বাবে ক্রয় কৰিছিল।

ছোভিয়েট ইউনিয়নৰ পুৰণি এ এন-২৬ বিমানবোৰকে নতুনধৰণৰ ইঞ্জিন যুক্ত কৰি এ এন-৩২ মডেল হিচাপে গঢ় দিয়া হৈছিল। তেতিয়া এশৰো অধিক এই এ এন-৩২ বিমান ইন্দিৰা গান্ধীৰ চৰকাৰে তদানীন্তন ৰুছ ৰাষ্ট্রপতি ব্রেজনেভৰ সৈতে স্বাক্ষৰিত চুক্তি অনুসৰি ক্রয় কৰিছিল। তেতিয়া এই বিমানৰ মূল্য ধার্য কৰা হৈছিল ১৫ নিযুত ডলাৰ। অৱশ্যে এ এন-২৬ৰ তুলনাত এ এন-৩২ বিমান কিছু উন্নত এই কাৰণেই যে পুনৰ ইন্ধন নভৰোৱাকৈ একেৰাহে চাৰি ঘণ্টা ধৰি এইবিধ বিমান উৰিবলৈ সক্ষম। তদুপৰি এই বিমান সকলোধৰণৰ বতৰত আকাশত উৰিবলৈ সক্ষম। ভাৰতীয় সামৰিক ৱেবছাইটৰ কনছটিয়াম ভাৰতৰক্ষকৰ মতে মজলীয়াধৰণৰ পৰিবহণ বা স্থানান্তৰৰ কামত এই এএন-৩২ বিমানেই হৈছে ভাৰতীয় বায়ু সেনাৰ মেৰুদণ্ডস্বৰূপ। পূৰ্বৰ ছোভিয়েট ইউনিয়নৰ পতনৰ পিচত দেশখনত যি ৰাজনৈতিক অৰাজকতাৰ সৃষ্টি হৈছিল তাৰ পৰিপ্রেক্ষিতত এই বিমানৰ যন্ত্রাংশ সংগ্রহ কৰাটো ভাৰতৰ বাবে কঠিন হৈ পৰিছিল। ফলত কিছুসংখ্যক বিকল এ এন-৩২ বিমানক বায়ু সেনাই এ এন-১২ শক্তি প্রকল্পত ব্যৱহাৰ কৰিছিল আৰু এই বিমানবোৰৰ ফ্রেমবোৰ আৰু বিমানৰ ডেউকাবোৰ যন্ত্রভাণ্ডাৰত সংৰক্ষণ কৰিছিল। বিমানবোৰৰ ফ্ৰেমৰ জীৱনীশক্তিও প্রায় সমাপ্ত হোৱাৰ পথত। লগতে যন্ত্রাংশ পোৱাটোও টান হৈ পৰাত এতিয়া এই বিমানৰ বিকল্প অধিক উন্নত বিমানৰ ব্যৱস্থা কৰাটো জৰুৰী হৈ পৰিছে। ভাৰতীয় বায়ুসেনাৰ ৱেবছাইটত জনোৱা হয় দ্বৈত ইঞ্জিনযুক্ত এই বিমানৰ বহন ক্ষমতা সর্বাধিক ৬.৭ টন। বিমান চালনাত কমেও পাঁচজন বিমানকর্মীৰ প্রয়োজন।

এই বিমানেৰে ৩৯ জন পেৰাট্ৰপাৰক কঢ়িয়াব পাৰি। বিমানৰ গতি প্রতি ঘণ্টাত ৫৩০ কিলোমিটাৰ। ৰাছিয়াই এই বিমান ভাৰতক যোগান দিছিল ১৯৮৪ চনৰ জুলাই মাহৰ পৰা। প্রতিকূল বতৰৰ মাজতো উৰণত সক্ষম এইবিধ বিমানৰ ২৪০ খনৰো অধিক এতিয়াও ভাৰত, শ্ৰীলংকা, কলম্বিয়া, পেৰু, মেক্সিকো, আফগানিস্তান আৰু আফ্রিকাৰ কিছু দেশত চলাই থকা হৈছে। ভাৰতত কমেও এশখন বিমান এতিয়াও ব্যৱহাৰ কৰি থকা হৈছে। কিন্তু মাজে মাজে এই এ এন ৩২ বিমানৰ কিছু সৰু-সুৰা বিজুতি ঘটিয়েই আছিল বুলি জানিব পৰা গৈছে। আজি পৰ্টব্লেয়াৰলৈ গৈ থকা অৱস্থাত সন্ধানহীন হোৱা বিমানখনৰ চলিত মাহতে তিনিবাৰকৈ বিভিন্ন যান্ত্রিক বিজুতি ধৰা পৰিছিল

0 comments:
Post a Comment