বিধান সভাৰ অধ্যক্ষক দেখা নাপাব পাৰে এইবাৰ দুৰ্গা পূজাত:::


বিধান সভাৰ অধ্যক্ষ ৰনজিৎ দাসৰ দুৰ্গা পূজাৰ লগত বিশেষ সম্পৰ্ক আছে। বৰপেটাৰোডৰ প্ৰায় ৭০ খন দুৰ্গা পূজাৰ লগতে সৰভোগ আৰু উত্তৰাঞ্চলৰ প্ৰায়বোৰ পূজা থলীতে দান বৰঙণি দিয়াৰ উপৰিও ৰাইজৰ খা-খবৰ লৈ পূজা উপভোগ কৰাটো তেখেতৰ দীৰ্ঘ দিনীয়া নিজস্ব নিয়ম। তদুপৰি বৰপেটাৰোডৰ মৰা মানাহত বিজয়া দশমীৰ দিনা হোৱা সমূহীয়া প্ৰতিমা বিসৰ্জন থলীত তেখেতে নিজ হাতে বিশুদ্ধ খোৱা পানী বিতৰণ কৰি  আহিছে ভক্ত প্ৰাণ ৰাইজক দীৰ্ঘ বছৰ ধৰি । কিন্তু এইবাৰ যেন ব্যতিক্ৰম হব এই চিনাকি দৃশ্যবোৰৰ। কাৰণ তেওঁ এইবাৰ দুৰ্গা পূজাত নথকাৰ সম্ভাৱনা অধিক। কালি তেখেতে ৰাষ্ট্ৰপতিক বানপানীৰ সম্পৰ্কত সাক্ষাৎ কৰিছিল । সাক্ষাৎ কালতে ৰাষ্ট্ৰপতিয়ে তেওঁ নিজে ৰাষ্ট্ৰপতি ভৱনত পতা দুৰ্গা পূজালৈ অধ্যক্ষ দাসক নিমন্ত্ৰণ জনাইছে। এনে সন্মানজনক নিমন্ত্ৰণ ৰক্ষা কৰাটো তেখেতে উচিত বাবেই হয়তো সমষ্টিবাসীয়ে এইবাৰ লগ নাপাব তেখেত সকলৰ মৰমৰ প্ৰতিনিধি জনক। অৱশ্যে এইক্ষেত্ৰত এতিয়াও অধ্যক্ষৰ ভ্ৰমণসূচী চুড়ান্ত হোৱা নাই।

Share on Google Plus

About Unknown

0 comments:

Post a Comment