শ্ৰী শ্ৰী মাধৱদেৱ আৰু কীৰ্ত্তন ঘোষা:::

#আজিৰ বাণীঃ

মাধৱদেৱৰ নাম ল'লেই নামঘোষাৰ কথাই মনলৈ আহে ।মাধৱদেৱৰ নামঘোষাৰ মূল দৰ্শন হ'ল "আত্মলঘিমা । আত্মলঘিমাৰ অৰ্থ হ'ল নিজকে লঘু অৰ্থাৎ অহংকাৰশূন্য হৈ সকলো জ্ঞান আৰু আলোকৰ সম্মুখত শিষ্যৰদৰে ক্ষুদ্ৰ অনুভৱত নিমজ্জিত কৰা ।

ক্ষুদ্ৰ হৈ থাকিলেহে বৃহৎ হোৱাৰ বাসনা আৰু চেষ্টা থাকে । লঘুত্বৰ অনুভৱ থাকিলেহে ভাৰযুক্ত হোৱাৰ প্ৰতি অৰ্থাৎ গভীৰতাৰ প্ৰতি ধাউতি থাকে । অহংকাৰশূন্য হ'লেহে জ্ঞান আৰু জ্যোতিৰ দৰ্শন আৰু উপলব্ধি হয় ।

আমি প্ৰায় চাৰে পাঁচশ বছৰ ধৰি শংকৰদেৱ আৰু মাধৱদেৱৰ তিথি পাতি আহিছোঁ । তেওঁলোকক স্মৰণ কীৰ্তন আৰু শ্ৰৱণৰ জৰিয়তে জীয়াই ৰাখিছোঁ । ঠিক সমান্তৰালকৈ আমাৰ মাজত দাস্যভাৱ অৰ্থাৎ অহংকাৰশূন্য ভাব ক্ৰমান্বয়ে কমি আহি আহি অসহিষ্ণুতা আমাৰ চাৰিত্ৰিক বৈশিষ্ট্য হৈ উঠিছে । তাৰ কাৰণ কি হ'ব পাৰে ?

কেৱল গুৰু দুজনাৰে নহয় ; আমি কাৰো অন্তৰ্নিহিত দৰ্শনক বুজি তাক নিজৰ জীৱনত প্ৰয়োগ নকৰোঁ । কি কৈছে সেইটো মনত ৰাখোঁ । সভাই সমিতিয়ে নামঘৰে ৰভাঘৰে আমি তেনে কথাৰে ভাল ভাষণ দিব পাৰোঁ ।

কিন্তু , কি কৰিবলৈ কৈছে আৰু নিজে তাক পালন কৰিব পাৰিছোঁ নে নাই সেই কথাৰ প্ৰতি আমি সদায় উদাসীন ! আমি ধৰ্ম প্ৰচাৰ কৰোঁ হয় কিন্তু পালন নকৰোঁ । আমি দৰ্শন আলোচনা কৰোঁ হয় , কিন্তু হৃদয়ংগম কৰি নিজৰ ওপৰত প্ৰয়োগ নকৰোঁ !

কাৰোবাক গুৰু বুলি মানি ল'লেই নহয় , সেই গুৰুক নিজৰ মাজত ধাৰণ কৰি কঢ়িয়াই নিয়াটোহে প্ৰাথমিক কৰ্তব্য । তেতিয়াহে শিষ্য বা অনুগামী বুলি দাবী কৰাৰ যোগ্যতা লাভ হয় । এই শিষ্যত্বৰ শ্ৰেষ্ঠ উদাহৰণ হ'ল মাধৱদেৱ । আত্মশ্লাঘা অৰ্থাৎ আত্মসমালোচনাৰ জৰিয়তে আত্মলঘিমাত শৰণ লোৱাটোৱেই মাধৱদেৱৰ নামঘোষাৰ মূল দৰ্শন । যিটো কাম কৰি তেওঁ নিজে অসমৰ বৈষ্ণৱ আদৰ্শৰ ক্ৰমবিকাশৰ ইতিহাসত শ্ৰেষ্ঠ শিষ্যৰ আসন খন শুৱনি কৰি আছে । এই আসন তেওঁ নিজে লোৱাৰ প্ৰয়াস কেতিয়াও কৰা নাছিল । তেওঁ মাথোঁ গুৰুক ধাৰণ কৰি তেওঁক কঢ়িয়াই নিছিল । আসনখনে নিজে নিজে তেওঁৰ পিছ লৈছিল আৰু ভক্ত সমাজে আৰু গুৰুৱে সেই আসনত তেওঁক নবহুৱাই উপায় নাছিল । এই দৃষ্টান্তৰ বিপৰীতে বৰ্তমান আসন এখন ল'বৰ বাবেই ধৰ্ম আৰু ধৰ্মীয় দৰ্শনক ব্যৱহাৰ কৰি হেতাওপৰা কৰাও পৰিলক্ষিত হয় । নিতান্তই ধ্বংসমুখী অনুশীলন ।

আজিও মাধৱদেৱৰ তিথিত বাহ্যিকতাৰেই অনুশীলন চলিব । ঘৰে-নামঘৰে নাম-কীৰ্তন মাহ-প্ৰসাদৰ মাজতে গুৰুজন সীমিত থাকিব । আত্মশ্লাঘা বা আত্মসমালোচনা কোনোবাই কৰিবনে ?  আত্মলঘিমাত শৰণাপন্ন হৈ বিনয়বাহক হ'বনে ?

আহক এবাৰ অনুধাৱন কৰোঁ , অনুশীলন কৰোঁ ।
লেখিকা ::: ডঃ ছবি গগৈ, দুলীয়াজান।

Share on Google Plus

About Unknown

0 comments:

Post a Comment