জাপানৰ লোকসকল এক সৌন্দৰ্য্য পিপাসু মনৰ অধিকাৰী বুলি সুনাম আছে ৷ প্ৰতিটো সৰু সুৰা বস্তুও কলাত্মক ভাৱে সজাই তোলাত জাপানীজ সকল সদায় আগৰণুৱা ৷ তেওঁলোকৰ চিন্তাবোৰ কিমান বেছি ৰুচিসন্মত সেয়া জাপানৰ পদপথত থকা Manhole বোৰৰ ঢাকনিবোৰ চালেই উমান পাব পাৰি ৷ 1985 চনত জাপানৰ চৰকাৰে Manhole ৰ ঢাকনিবোৰৰ কুৎসিত ৰূপবোৰ আতৰাই তাক সুন্দৰ কৰি তুলিবলৈ এক অভিনৱ প্ৰচেষ্টা হাতত লৈছিল ৷ সেই বছৰ চৰকাৰে জাপানৰ প্ৰতিটো পৌৰসভাক নিজ নিজ এলেকাৰ ভিতৰৰ Manhole ৰ ঢাকনিবোৰত কিছুমান সুন্দৰ কলা নিদৰ্শন দাঙি ধৰিবলৈ আহ্বান জনাইছিল ৷ এই কামটো এক বন্ধুত্বসুলভ প্ৰতিযোগিতাৰ মাজেৰে অনুষ্ঠিত কৰা হৈছিল ৷ প্ৰতিটো পৌৰসভাই চেষ্টা কৰিছিল যাতে তেওঁলোকৰ এলেকাৰ Manhole cover ত অঙ্কন কৰা চিত্ৰবোৰ বোৰ আন পৌৰসভাতকৈ বেছি সুন্দৰ হয় ৷ আৰু এই কথাটোক এক প্ৰত্যাহ্বান হিচাবে লৈ পৌৰসভা বিলাকে নিজ নিজ এলেকাৰ Manhole ৰ ঢাকনিবোৰত নানা সুন্দৰ চিত্ৰ অংকন কৰা অভ্যাসটো এবাৰ আৰম্ভ কৰাৰ পিছত তেওঁলোক আজিলৈ থমকি নৰ'ল ৷ বৰ্তমান গোটেই দেশৰ বহুতো অঞ্চলত হাজাৰ হাজাৰ এনে Manhole cover আছে যি সেই অঞ্চলটোৰ কৃষ্টি, সংষ্কৃতি, কলা আদিৰ আভাস অতি মনোমোহা ৰূপত দাঙি ধৰে ৷ দেশৰ সৌন্দৰ্য্য বৰ্ধন কৰা এই কামৰ বাবে এতিয়া অজস্ৰ শিল্পীয়ে বিনা পাৰিশ্ৰমিকেৰে কাম কৰিবলৈও স্বইচ্ছাই আগুৱাই আহে ৷ Manhole cover ৰ দৰে অতি সাধাৰণ বস্তু এটাকো যে ইমান সুন্দৰকৈ সজাই পৰাই তুলি বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিব পৰা যায় সেয়া জাপানে প্ৰমান কৰি দিছে ৷ তেওঁলোকে লগতে দেখুৱাই দিছে যে এটা শিল্পীসুলভ মন আৰু আগ্ৰহ থাকিলে কোনো ধৰণৰ বিশেষ টকা পইছা খৰচ নকৰাকৈও এখন চহৰ বা দেশক সুন্দৰকৈ সজাই পৰাই তুলিব পাৰি ৷ আমাৰ কাৰণে বিড়়ম্বনা এয়াই যে যদিহে আপুনি গুৱাহাটীত থাকে আৰু খোজকাঢ়ি ঘৰলৈ ঘুৰি আহি থাকোতে এই আপডেটটো পঢ়ি আহি আছে, তেন্তে দিন বেয়া থাকিলে পঢ়া শেষ হোৱাৰ আগতে আপুনি ঢাকনিবিহীন মেনহ'লত সোমোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ৷
(যুগুতালে::: অলকেশ ভাগৱতী, গুৱাহাটী)
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment