ফুটবলৰ প্ৰশিক্ষণৰ বাবে জাৰ্মানলৈ নিৰ্বাচিত অসমৰ চন্দন বড়ো:::

   অসমৰ ক্ৰীড়া জগতলৈ সুখবৰ। ওডালগুৰী জিলাৰ হৰিশিঙা ৰেল ষ্টেচনৰ দাতিতে এটাৰ উখহা পজাত বাস কৰা অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ চন্দন বড়োৱে সুদুৰ জাৰ্মানত ফুটবলৰ প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত হৈছে। পিতৃ নৃপেন বড়ো হৰিশিঙা বজাৰত ঝাড়ু মাৰি  আৰু মাকে অইনৰ ঘৰত কাম কৰি  সামান্য ধন পোৱা এটি পৰিয়ালৰ পৰা এনেদৰে জাৰ্মানীত প্ৰশিক্ষণ লোৱাৰ বাবে নিৰ্বাচিত হোৱাটো সচাকৈয়ে আনন্দৰ বতৰা। চন্দনৰ এই ছবছৰীয়া প্ৰশিক্ষণ সম্পূৰ্ণ বিনামূলীয়া হব।

Share on Google Plus

About Unknown

0 comments:

Post a Comment