অথ: হাগ্ৰামা মহিলাৰী সংবাদ::

মুখ্যমন্ত্ৰীয়ে দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ সময়তে বিটিচি চীফ হাগ্ৰামা মহিলাৰীয়ে দুৰ্নীতিৰ সপক্ষে মাত মতাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সচেতন মহলত। কালি বৰমাত তেওঁ কয়--- ' টকা দিলে কোনেনো নলব? মইতো কম- চৰকাৰত আমাৰ দলৰ যি দুজন মন্ত্ৰী আছে তেওঁলোকক কোনোবাই মাল দিলে লব লাগে। কিন্তু নিজে খুজি লব নেলাগে ।' সোণোৱাল চৰকাৰৰ অংশীদাৰ খোদ বিপিএফ দলৰ মূৰৰ্বী হাগ্ৰামাৰ এই মন্তব্যৰ পিছত দুৰ্নীতিৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰা মুখ্যমন্ত্ৰীয়ে কি প্ৰতিক্ৰিয়া আৰু পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হব।

Share on Google Plus

About Unknown

0 comments:

Post a Comment