বিশ্বৰ কুখ্যাত সন্ত্ৰাসবাদী সংগঠন আইছিছে শেহতীয়া ভাৱে এগৰাকী ১২ বছৰীয়া কিশোৰীক বিক্ৰী কৰিবলৈ ৱাটছএপ আৰু টেলিগ্ৰাম আদি জনপ্ৰিয় মোবাইল এপছৰ জৰিয়তে প্ৰচাৰ কৰাৰ বাতৰি পোৱা গৈছে ।'কুমাৰী আৰু সুন্দৰী ১২ বছৰীয়া কিশোৰী --- যাৰ দাম ৮.২৫ লাখ টকা আৰু অচিৰেই তেওঁক বিক্ৰী কৰা হব।' এই বুলি ৱাটচএপ আৰু টেলিগ্ৰামৰ জৰিয়তে প্ৰচাৰ কৰিছে । এনেদৰে নিলামৰ দৰেই ছোৱালী জনীক বিক্ৰী কৰিব বিচাৰিছে আইছিছে। কিশোৰী জনী বেজিডি সম্প্ৰদায়ৰ । বৰ্তমান স্ব ঘোষিত খালিফাস্থানত নিজৰ খোপনি হেৰুৱাব ধৰা আইছিছে অপহৰণ আৰু পণ বন্দী কৰি ৰখা প্ৰায় তিনি হেজাৰ মহিলা , যুৱতী আৰু কিশোৰীক যৌন দাসী তথা নাৰী দেহৰ ব্যৱসায়ত জড়িত কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে । উক্ত বাতৰিটোৱে সম্প্ৰতি বিশ্বত চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment