অসমত পাচ জনকৈ বাংলাদেশৰ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী প্ৰৱেশ কৰাৰ বাতৰি পোৱা গৈছে। এইলৈ সমগ্র ভাৰতবৰ্ষতেই কেন্দ্ৰীয় চৰকাৰে হাই এলাৰ্ট জাৰি কৰিছে। কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ নিয়াই ইতিমধ্যে অসম আৰু পশ্চিম বঙ্গ চৰকাৰক সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিছে। উক্ত গোটৱে গুৱাহাটী আৰু কেবাখনো চহৰক কুটাঘাটৰ লক্ষ্য হিচাবে লৈছে । গুৱাহাটীক টাৰ্গেট হিচাবে লৈ প্রৱেশ কৰা বাংলাদেশৰ সন্ত্ৰাসবাদী কেইজন হৈছে--- শ্বাহাদত শ্বেইখ, ছহিদুল ইছলাম, তালহা শ্বেইখ, চালাহুদ্দিন আৰু জাহিদূল। সেয়ে এই তথ্য লাভ কৰাৰ পিছতে অসম আৰক্ষীয়ে বিভিন্ন স্থানত সতৰ্ক দৃষ্টি ৰাখিছে ।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment