বহু অমৰ গীতৰ স্ৰষ্টা নুৰুল হক আৰু নাই

অসমীয়া সংগীত জগতৰ বহু অমৰ গীতৰ গীতিকাৰ নুৰুল হকৰ কালি মৃত্যু হয়। মহম্মদ ৰফীয়ে গোৱা অতি জনপ্ৰিয় অসমীয়া গীত
' অসমীৰে চোতালতে ৰ'দালীয়ে চেনেহতে,,,' আৰু ' মোৰ দৃষ্টিত তুমি ধৰা পৰিলা,,,' গীত দুটি লিখিছিল নুৰুল হকে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৭৮ বছৰ। তেখেতে প্ৰায় ৫৪০ টা অসমীয়া গীত আৰু প্ৰায় ২০০ টা হিন্দী গীত গীত লিখিছে । অসম সাহিত্য সভাৰ বৰপেটাৰোড অধিবেশনৰ আদৰণি গীতটোও তেখেতেই লিখিছিল। একেধাৰে গীতিকাৰ , সংগীত পৰিচালক , প্ৰযোজক , কাহিনীকাৰ তথা ৰূপ সজ্জাকাৰৰ মৃত্যুত অসমে এজনে সুযোগ্য সন্তানক হেৰুৱালে।

Share on Google Plus

About Unknown

0 comments:

Post a Comment