বৰপেটা DRDA ত ভাৰপ্ৰাপ্ত প্ৰকল্প সঞ্চালকৰ চহী জাল কৰি প্ৰায় ৩৩.৬৩ কোটি টকা লুন্ঠনৰ এক ভয়ংকৰ অভিসন্ধি পোহৰলৈ আহিছে । প্ৰাপ্ত তথ্য মতে, MGNREGA আঁচনিৰ কাম গাঁও পঞ্চায়তৰ জৰিয়তে গাঁও সভাত অনুমোদন কৰি বিভাগীয় আঁচনি প্ৰস্তুত কৰিব লাগে। কিন্তু ভাৰপ্ৰাপ্ত কাৰ্যবাহী অভিযন্তা চামচুল ইছলামে তাকে নকৰি ধন লুন্ঠনৰ অভিসন্ধি কৰি কিছুমান নিজাববীয়াকৈ আঁচনি তৈয়াৰ কৰি গাওঁ সভালৈ প্ৰেৰণ কৰা দেখুৱাই একশ্বন প্লেন প্ৰস্তুত কৰে। ইপিনে যোৱা ১৭ মেত তদানীন্তন ভাৰপ্ৰাপ্ত প্ৰকল্প সঞ্চালক ইন্দিৰা গগৈ কোঁৱৰে পদ এৰে যদিও কাৰ্যবাহী অভিযন্তা গৰাকীয়ে তেওঁৰ চহী জাল কৰি আঁচনি সমূহ আৱন্টন দিয়া দেখুৱাই একশ্বন প্লেন প্ৰস্তুত কৰে। এই কথা পোহৰলৈ অহাত সঞ্চালিকা গগৈয়ে ১৪ জুনত বৰপেটা থানাত এক গোচৰ ৰুজু কৰাত সম্প্ৰতি পলাতক হৈ আছে অভিযন্তা গৰাকী। তেওঁক আৰক্ষী আৰু বিভাগৰ লোকে বিচাৰি উলিয়াব নোৱাৰি নিৰুদ্দেশ হোৱা বুলি এক জাননী জাৰি কৰিছে ।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment