অম্বুবাচী মেলা আজি আৰম্ভ হল:::

আজি পুৱা ৭.২০ বজাত প্ৰবৃত্তি হল অম্বুবাচী।ইয়াৰ লগে লগে শক্তিপীঠ কামাখ্যাত আৰম্ভ হল ঐতিহাসিক অম্বুবাচী মেলা। আজি পুৱা ৯ বজাত মা কামাখ্যাৰ নিজ পূজা সমাপন কৰাৰ পিছতে মন্দিৰৰ মূল দুৱাৰ বন্ধ কৰি দিয়া হয়।অহা ২৬ জুনৰ পুৱাৰ ভাগত মন্দিৰৰ নিজ পূজা সমাপনৰ পিছতে মন্দিৰৰ দুৱাৰ খুলি দিয়া হব দৰ্শনৰ বাবে । অম্বুবাচী মেলা উপলক্ষে ইতিমধ্যে দেশ বিদেশৰ বহু ভক্ত নীলাচল পাহাৰত পদাৰ্পন কৰিছে। সাধু সন্ত সকলে নানা ধৰণৰ পূজা অৰ্চনা কৰি মন্দিৰ চৌহদ জীপাল কৰি তুলিছে ।

Share on Google Plus

About Unknown

0 comments:

Post a Comment