আকৌ গ্রাহকক মাধমাৰ::বিদ্যুতৰ প্ৰতি ইউনিটত ৫৯ পইচা বৃদ্ধি




অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে (এ পি ডি চি এল) শেহতীয়াকৈ মাচুল বৃদ্ধিৰ সিদ্ধান্ত গ্রহণ কৰিছে। খাৰুৱা তেলৰ মূল্যবৃদ্ধি আৰু বিদ্যুৎ সংবহন ব্যয় বৃদ্ধি পোৱাৰ অজুহাততে এনে মাচুল বৃদ্ধিৰ সিদ্ধান্ত গ্রহণ কৰিছে এ পি ডি চি এলে। অহা মাহৰ পৰা অসমবাসীয়ে প্রতি ইউনিট বিদ্যুতৰ বাবদ আদায় দিব লাগিব ৫৯ পইচাকৈ অতিৰিক্ত মাচুল। উল্লেখযোগ্য যে সাম্প্রতিক সময়ত অসমত দৈনিক প্রয়োজন হয় ১,৩০০ মেগাৱাট বিদ্যুতৰ। কিন্তু এ পি ডি চি এলে যোগাৰ কৰিবলৈ সক্ষম হয় মাথো ১,০০০ ৰ পৰা ১,০৫০ মেগাৱাটহে। আনহাতে ইয়াৰে ৮০ শতাংশ বিদ্যুৎ এ পি ডি চি এলে ক্রয় কৰিবলগীয়া হয় কেন্দ্রীয় প্রকল্প বা বহিঃৰাজ্যৰ পৰা। এনে প্রেক্ষাপটতে বছৰ বছৰ ধৰি ৰাইজে বিদ্যুৎ সেৱাৰ নামত দুর্ভোগ ভুগি আহিছে। কদর্যময় বিদ্যুৎ সেৱাৰ বিপৰীতে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ তথা এ পি ডি চি এলে যোৱা সময়ছােৱাত সঘন মাচুল বৃদ্ধিৰে ৰাইজক মাধ্যমাৰ শোধাই আহিছে। শোচনীয় বিদ্যুৎ পৰিস্থিতিৰ উন্নয়ন সাধন কৰি ৰাজ্যবাসীক পর্যাপ্ত বিদ্যুৎ যোগান ধৰাৰ পৰিবৰ্তে ৰাজ্যিক বিদ্যুৎ পৰিষদে ধাৰাবাহিকভাৱে মাচুল বৃদ্ধি কৰি অহা কার্যৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠন তথা ৰাইজে যোৱা সময়ছোৱাত প্রতিবাদো সাব্যস্ত কৰি আহিছে। এনে পৰিস্থিতি অব্যাহত থকাৰ সময়তে এ পি ডি চি এলে শেহতীয়াকৈ পুনৰ প্রতি ইউনিট বিদ্যুতৰ বিপৰীতে ৫৯ পইচাকৈ নিৰিখ বৃদ্ধিৰ বাবে গ্রহণ কৰা সিদ্ধান্ত যথেষ্ট তাৎপর্যপূৰ্ণৰূপে বিবেচিত হৈছে। উল্লেখ্য যে যোৱা ১০ বছৰত অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ তথা এ পি ডি চি এলে বিভিন্ন অজুহাতত ১২ বাৰতকৈও অধিকবাৰ বিদ্যুৎ নিৰিখ বৃদ্ধি কৰিছে।
Share on Google Plus

About Unknown

0 comments:

Post a Comment