ভূপেনদাই বিশ্ববিশ্ৰুত গণশিল্পী পলৰবছনৰ পৰা পৃথিৱীৰ বুকুৰ জাতৰ বা বৰ্ণৰ মূৰ্খ অহংকাৰ কৰবাত দেখিলে, তাক উদাত্ত কণ্ঠৰে ধমকি দি উপলুঙা কৰাৰ Concept জীৱনৰ পথেয় কৰি লৈছিল ।পলৰবছনৰ সান্নিধ্যই ভূপেনদাৰ জীৱনটোক বিশেষভাৱে প্ৰভাৱিত কৰিছিল । সেয়েহে তেওঁ আমেৰিকাৰ কৃষ্ণাংগ শিল্পীগৰাকীৰ বিখ্যাত গীত " We are in the same boat brother " গীতটি শিকি গাইছিল "আমি একেখন নাৱৰে যাত্ৰী " । এই গীতটি ভূপেনদাই তেওঁৰ সংগীতৰ অনুস্থানত সদায় গাইছিল ----
* * * * * * * *
We are in the same boat brother
we are in the same boat brother ,
If you tip one end you gonna
To rock the other ,
we are in the same boat brother .
আমি একেখন নাৱৰে যাত্ৰী
সহযাত্ৰী একেখন নাৱৰে
যদি সংঘাত হয় , তেনে ধ্বংস হ'ব
গৰ্ব আমাৰ প্ৰগতিৰ ॥
সহযাত্ৰী একেখন নাৱৰে
যদি সংঘাত হয় , তেনে ধ্বংস হ'ব
গৰ্ব আমাৰ প্ৰগতিৰ ॥
প্ৰভু চোৱাঁ তললৈ
সৰগৰ পৰা
হে ' মহা প্ৰভু ,ই শূন্য সাগৰ
এই নাও পৃথিৱীৰ
সৱ মানব জাতিৰ ;
সেয়ে ঈশ্বৰে গঢ়ি দিলে নাবিকৰ দল
সৰগৰ পৰা
হে ' মহা প্ৰভু ,ই শূন্য সাগৰ
এই নাও পৃথিৱীৰ
সৱ মানব জাতিৰ ;
সেয়ে ঈশ্বৰে গঢ়ি দিলে নাবিকৰ দল
চকু কাৰো ক'লা
কাৰো নীলা
কাৰো পিংগল
সেয়েহে আজি তোমাৰ আমাৰ
একে আকাশ একে ধৰণী ॥
আমি একে খন নাৱৰে যাত্ৰী
(যুগুতাল:: বিজয় বৰ্মন , বৰপেটাৰোড )
কাৰো নীলা
কাৰো পিংগল
সেয়েহে আজি তোমাৰ আমাৰ
একে আকাশ একে ধৰণী ॥
আমি একে খন নাৱৰে যাত্ৰী
(যুগুতাল:: বিজয় বৰ্মন , বৰপেটাৰোড )
0 comments:
Post a Comment