বৰপেটা সত্ৰত পালিত শ্ৰীকৃষ্ণৰ জন্মৰ লগত সংপৃক্ত এটি উৎসৱ হ'ল পচতি ৷ সাধাৰণতে সন্তান জন্মৰ পঞ্চমদিনা প্ৰসূতিয়ে গা ধোৱে ৷ সেইদিনা দৈৱজ্ঞ মাতি আনি সন্তানৰ নামাকৰণ কৰি গণনা কৰা হয় ৷ প্ৰবাদ মতে, শ্ৰীকৃষ্ণৰ জন্ম ভাদ মাহৰ কৃষ্ণ অষ্টমী হোৱা কাৰণে দ্বাদশী তিথিত বিধি অনুস্থিত কৰিব লাগে কিন্তু নন্দই কংশৰ ভয়ত এই উৎলৱ পলমকৈ পতাৰ আৰ্হিত সাধাৰণতে কাতি মাহৰ কৃষ্ণ একাদশীত বৰপেটা সত্ৰত ইয়াক পালন কৰা হয় ৷ খেনোৰ মতে, কৃষ্ণ জন্মৰ পয়ষস্টি দিন পিছত পাতিছিল বাবে ইয়াৰ নাম পচতি ৷ আজি কাতি মাহৰ কৃষ্ণ একাদশীৰ দিনা বৰপেটা সত্ৰত পালন কৰা হয় পচতি উৎসৱ ৷ বৰপেটা সত্ৰত এই উৎসৱ কেৱল আইসকলেহে উৎসাহ-উদ্দীপনাৰে পালন কৰে ৷ বৰপেটা সত্ৰৰ দক্ষিণ ফালে থকা বদুলা পদ্মআতাৰ ভিঠিৰ সন্মুখত ইয়াক পালন কৰা হয় ৷ পচতিৰ দুটা ভাগ আছে— আগ পচতি আৰু পাছ পচতি ৷ ইয়াত অংশগ্ৰহণ কৰা আইসকলে নাট সদৃশ অনুষ্ঠানেৰে শ্ৰীকৃষ্ণ বাল্যকালৰ কিছু দৃশ্য ৰূপায়ন কৰে ৷ গৰ্গ ঋষি, যশোদা, সূত্ৰধাৰ আদি চৰিত্ৰ ৰূপায়ন কৰাৰ উপৰিও দধিমথন, ঘিলা খেল আদি দৃশ্য ৰূপায়ন কৰে ৷ আনহাতে কৃষি কৰ্মৰ প্ৰতীক ৰূপে এগৰাকী তিৰোতাই পুৰুষৰ পোচাক পিন্ধি দুগৰাকী তিৰোতাৰ গলত যুৱলি দি হাল বোৱাৰ অভিনয় কৰে ৷ ইয়াৰ সমান্তৰালভাবে বিভিন্ন লৌকিক গীত -মাতো পৰিবেশন কৰে যথা– " মাথাত দধিৰ বোজা ওলাইলা সুন্দৰী ৰাধা, যাই ৰাধা যমুনাৰ ঘাটে",
"কানাই পাৰ কৰাহে বেলিৰ পৰিল ছায়া"আদি ৷
আগ পচতি শেষ হলে আবেলি পাছ পচতি অনুষ্ঠিত হয় ৷ পাছ পচতিত বিভিন্ন ঘোষা- পদেৰে নাম-প্ৰসঙ্গ কৰা হয় ৷ পচতি উৎসৱত সত্ৰীয়া সংস্কৃতি আৰু লোক সংস্কৃতিৰ অপূৰ্ব সমন্বয় ঘটে ৷ লোক নাট্যৰ বিভিন্ন দিশ ইয়াত প্ৰতিফলিত হয় ৷পচতিত গোৱা কিছুমান গীত সম্পূৰ্ণ লৌকিক যদিও সত্ৰীয় পৰম্পৰা অনুযায়ী গুৰু দুজনাৰ ঘোষা-পদেৰে নাম- কীৰ্ত্তনো কৰা হয় ৷
### লেখক :: প্ৰিয়ৰঞ্জন দাস, বৰপেটা ।
0 comments:
Post a Comment