পৃথিৱীৰ প্ৰব্ৰজনৰ ইতিহাস মানৱ জাতিৰ ইতিহাসৰ সমানেই পূৰণি ৷ খাদ্য বাসস্থান আৰু নিৰাপত্তাৰ সন্ধানত ইতিহাসে ঢুকি নোপোৱা দিনৰে পৰা বিভিন্ন দেশ আৰু মহাদেশৰ মাজত মানুহৰ প্ৰব্ৰজন হৈ আছে আৰু এই প্ৰক্ৰিয়া মানুহ আৰু পৃথিৱী থকা লৈকে চলি থাকিব ৷ পৃথিৱীৰ বহুত ঠাইৰ আদিম অধিবাসী সম্পূৰ্ণৰূপে অপসাৰিত হৈছে ৷ আকৌ বহুত ঠাইৰ আদিম অধিবাসী প্ৰব্ৰজনৰ ফলতেই সংখ্যালঘুত পৰিণত হৈছে ৷ বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুঠ জনসংখ্যাৰ মাত্ৰ ২% হে আদিম অধিবাসী আৰু ৯৮% শতাংশই ইউৰোপ, আফ্ৰিকা আৰু এছিয়া মহাদেশৰ পৰা প্ৰব্ৰজিত লোক ৷ কিউবাৰ মুঠ জনসংখ্যাৰ মাত্ৰ ০.৩% শতাংশই আদিম অধিবাসী ৷ এসময়ৰ জন-প্ৰাণী শূণ্য অঞ্চল প্ৰব্ৰজনৰ ফলত এতিয়া জনসংখ্যাৰে ভৰি পৰিছে ৷
ইতিহাসবিদসকলৰ মতে আজিৰ পৰা প্ৰায় ৩৫০০ বছৰ আগত ভাৰতীয় উপমহাদেশত কোনো মানুহ নামৰ প্ৰাণী নাছিল ৷ খ্ৰীষ্টপূৰ্ব ১৫০০-১২০০ শতিকাৰ ভিতৰত ককেছিয়ান মূলৰ দ্ৰাবিড় গোষ্ঠীৰ লোক প্ৰথম ভাৰতীয় উপমহাদেশত উত্তৰ-পশ্চিম ফালেদি হিন্দু নদীৰ উপত্যকাত প্ৰবেশ কৰে ৷ তাৰ কেবাশতাব্দীৰ পিছত ককেছিয়ান মূলৰ আৰ্য সকলে একে পথেৰে ভাৰতীয় উপমহাদেশত প্ৰবেশ কৰে ৷ আৰ্যসকল শাৰীৰিক আৰু মানুসিকভাৱে দ্ৰাবিড় সকলতকৈ শক্তিশালি আছিল ৷ তেওঁলোকে নিজৰ বাসস্থান আৰু বৃত্তিৰ (কৃষি কৰ্ম) সুবিধাৰ কাৰণে দ্ৰাবিড়সকলক দক্ষিণ আৰু পূব ভাৰতৰ বিভিন্ন অঞ্চললৈ খেদি পঠিয়ায় ৷ ইয়াৰ ফলতেই আজি বিহাৰ, পশ্চিমবংগ, বাংলাদেশ, উৰিষ্যা, মধ্যপ্ৰদেশ, তামিলনাডু, কেৰেলা তথা অসমৰ যথেষ্ঠ সংখ্যক লোক দ্ৰাবিড় মূলৰ ৷ তেওঁলোকৰ গাৰ বৰণ, উচ্চতা, মুখাবয়ব, চুলি, নাক দাঁত আদিৰ যথেষ্ঠ মিল আছে ৷ অৱশ্যে কালক্ৰমত দ্ৰাবিড় আৰু আৰ্যসকলৰ সংমিশ্ৰণৰ ফলত দ্ৰাবিড় সকলৰো গাৰ বৰণ, শাৰীৰিক বৈশিষ্ট আৰু বৃত্তিৰ যথেষ্ঠ পৰিবৰ্তন হৈছে ৷ ভাৰতবৰ্ষত মংগোলীয় মূলৰ জনজাতি সকলৰ প্ৰবেশ ঘটে অসম আৰু পূব হিমালয়ৰ মাজেৰে ৷ অসমৰ বড়ো, কছাৰী, কাৰ্বি, ৰাভা, মিছিং, ডিমাছা আদি জনজাতীয় লোকসকল খ্ৰীষ্টপূৰ্ব ১২০০-১০০০ শতিকাৰ ভিতৰত তিব্বত, দক্ষিণ পূব এছিয়া আৰু চীন দেশৰ দক্ষিণ অঞ্চলৰ পৰা প্ৰব্ৰজন হয় ৷ জনজাতীয় সকলৰ প্ৰব্ৰজনৰ আগত অসমত দ্ৰাবিড় সকলৰ প্ৰব্ৰজন হৈছিল তাৰ ঐতিহাসিক প্ৰমাণ পোৱা যায় ৷ গতিকে প্ৰব্ৰজনৰ সময়ৰ আধাৰত জনজাতীয় লোকসকলক অসমৰ আদিম বাসীন্দা বা ভূমিপুত্ৰ বুলি দিয়া স্বীকৃতি শুদ্ধ নহয় ৷
এতিয়া প্ৰশ্ন হ'ল, কোনো এটা অঞ্চলৰ আদিম অধিবাসী কোন ? Oxford Advanced American (online) Dictionary অনুসৰী The Abriginal people or Animals of place are ones that have been there from the earliest know time or that were there before people or animal from other countries arrive. অৰ্থাৎ কোনো এখন ঠাইৰ আদিম অধিবাসী সেইসকলক কোৱা হয় যিসকলে সৰ্বপ্ৰথম তাত বসতি স্থাপন কৰে বা অইন দেশৰ মানুহ বসতি স্থাপনৰ কাৰণে অহাৰ আগতে তাত ইতিমধ্যে বসবাস কৰা মানুহখিনি সেই ঠাইৰ আদিম অধিবাসী বা ভূমিপুত্ৰ (Sons of the soilor Aborigins) বোলে ৷ সূত্ৰৰ আধাৰতেই পৃথিৱীৰ বহুত দেশৰ জনগোষ্ঠীক আদিম অধিবাসীৰ মৰ্যদা দিয়া হৈছে ৷ আদিম অধিবাসীৰ সূত্ৰ অনুসৰি অসমৰ জনজাতীয় লোকসকল বড়ো, কছাৰী, কাৰ্বি, খাছী আদি অসমৰ আদিম অধিবাসী বা ভূমিপুত্ৰ হ'ব নোৱাৰে ৷ ইতিহাসবিদসকলৰ মতে অসমত মংগোলীয় মূলৰ জনজাতীয় লোকসকলৰ প্ৰব্ৰজনৰ আগত দ্ৰাবিড় মূলৰ জনগোষ্ঠী বসবাস কৰিছিল ৷ প্ৰখ্যাত ইংৰাজ ইতিহাসবিদ ছাৰ এডৱাৰ্ড গেইট এ তেখেতৰ ঐতিহাসিক গ্ৰন্থ (যাক অসমৰ ইতিহাসত আটাইতকৈ নিৰ্ভৰযোগ্য ইতিহাস বুলি বিশ্বাস কৰা হয়) A History of Assamত মংগোলীয় মূলৰ জনজাতীয় সকলক প্ৰব্ৰজনকাৰী বুলি উল্লেখ কৰিছে (পৃষ্ঠাঃ ৪) ৷ তেখেতে উক্ত গ্ৰন্থত প্ৰব্ৰজনকাৰী জনজাতি সকলৰ অসমত প্ৰবেশ কৰি আগৰে পৰা বসতি স্থাপন কৰি থকা দ্ৰাবিড়সকলক অসমৰ পৰা সম্পূৰ্ণৰূপে খেদি পঠিয়ায় বুলি উল্লেখ কৰিছে ৷
ছাৰ এডৱাৰ্ড গেইটৰ ভাষাত- "In Assam(Excluding the Surma Valley) And north- East Bengal the Dravidians type has to a qreat extent been replaced by the Mongolian"
গতিকে দেখা যায় জনজাতীয় লোকসকল দক্ষিণ-পূব এছিয়াৰ পৰা অহাৰ আগত অসমত দ্ৰাবিড়সকলৰ(বংগীয়মূলৰ)ৰ বাসস্থান আছিল ৷ গতিকে, দ্ৰাবিড় বা তেওঁলোকৰ বংশধৰ সকলেহে অসমৰ প্ৰাচীন বাসিন্দা ৷ জনজাতিসকল বা তেওলোকৰ বংশধৰসকল নহয় ৷ জনজাতি সকলৰ বাহুবল আৰু পৰাক্ৰমৰ আগত শিৰ নত থাকি নাইবা ধৰ্মীয় চক্ৰান্তৰে ৰাজনৈতিক লাভালাভৰ কাৰণে জনজাতিসকলক ভূমিপুত্ৰৰ মৰ্যদা প্ৰদান কৰা হৈছে ৷
এতিয়া প্ৰশ্ন হয়, জনজাতিসকলৰ দ্বাৰা অপসাৰিত হৈ দ্ৰাবিড়সকল অসমৰ পৰা কলৈ গৈছিল আৰু বৰ্তমানৰ তএওঁলোকৰ বংশধৰ কোন ? অসমৰ পূব আৰু উত্তৰে যিহেতু জনজাতিসকলৰেই বাসস্থান আছিল দ্ৰাবিড়সকলৰ কাৰণে সেই অঞ্চল নিৰাপদ নাছিল ৷ অসমৰ পূব আৰু উত্তৰ অঞ্চলত দ্ৰাবিড় বা আৰ্য গোষ্ঠীৰ লোক এতিয়াও নাই ৷ সেইসময়ত বৃহত্তৰ বংগদেশত প্ৰধানকৈ দ্ৰাবিড় মূলৰ লোকৰ বাসস্থান আছিল ৷ গতিকে জনজাতিসকলৰ পৰা ৰক্ষা পোৱাৰ কাৰণে অসমৰ পৰা অপসাৰিত দ্ৰাবিড়সকলে বংগদেশত আশ্ৰয় লৈছিল ৷ ভাৰতৰ আন আন ৰাজ্যৰ তুলনাত বংগদেশত জনসংখ্যাৰ আকাৰ আৰু ঘনত্ব অধিক হোৱাৰ ইয়ে হয়তো অন্যতম কাৰণ ৷
বৰ্তমান দ্ৰাবিড়সকলৰ বংশধৰ কোন ? প্ৰখ্যাত নৃতত্ববিদ অধ্যাপক Flower এ উৎপত্তি আৰু শাৰীৰিক বৈশিষ্টৰ ওপৰত ভিত্তি কৰি মানৱ জাতিক তিনিটা ভাগত ভাগ কৰিছে - নিগ্ৰো, মংগোলীয় আৰু ককেছিয়ান ৷ ককেছিয়ান মূলৰ লোকসকল দুইপ্ৰকাৰ ক'লা আৰু বগা ছালৰ ৷ ক'লা ছালৰ ককেছিয়ান সকলক দ্ৰাবিড় আৰু বগা ছালৰ ককেছিয়ানসকলক আৰ্য গোষ্ঠী বোলে ৷ ক'লা ছালৰ ৰং, দীঘল মূৰ, ক'লা আৰু ডাঙৰ চকু, শকত বুকু আৰু সামান্য চেপেটা নাক দ্ৰাবিড় সকলৰ প্ৰধান বৈশিষ্ট ৷ দ্ৰাবিড়মূলৰ জনগোষ্ঠীৰ প্ৰধান বৃত্তিসমূহ হ'ল- খেতি কৰা, খৰাহি আৰু ৰছী বনোৱা, কাপোৰ ছিলাই কৰা-বোৱা, শাকপাচলি বিক্ৰী কৰা, পৰিবেশন কৰা, শৱদেহ দাহকৰা, ছাফাই কৰা, কমাৰ-কুমাৰ ইত্যাদি ৷ দ্ৰাবিড় মূলৰ কোনো কোনো সম্প্ৰদায়ৰ লোকসকলে উজ্জ্বল, নীলা আৰু ৰঙা ৰঙৰ কাপোৰ পৰিধান কৰে ৷ তিৰোতাসকলে হাতত ছুৰি পিন্ধে ৷ কালক্ৰমত সংমিশ্ৰণ হৈ শাৰীৰিক বৈশিষ্ঠ আৰু বৃত্তিৰ পৰিবৰ্তন হলেওঁ দ্ৰাবিড় মূলৰ বিভিন্ন জনগোষ্ঠীৰ মাজত ওপৰত উল্লেখ কৰা বৈশিষ্টসমূহ এতিয়াও দেখা যায় ৷ অসমৰ কেওট, কৈৱৰ্ত, মুণ্ডা আদিৰ লগতে ধৰ্মান্তৰিত বংগীয় মুছলমানৰ বংশধৰ বা পূৰ্বপুৰুষেই এসময়ত জনজাতিসকলৰ দ্বাৰা অপসাৰিত হৈ বংগদেশলৈ গুছি গৈছিল বুলি বহু নৃতাত্বিক পন্ডিতে মত পোষণ কৰিছে !
গতিকেই, দ্ৰাবিড় মূলৰ আন জনগোষ্ঠীৰ লগতে বংগীয়মূলৰ মুছলমানসকল অসমৰ আদিম জনগোষ্ঠী বা আদিম বাসিন্দা বুলি বহুতে দাবী কৰে কিন্তু তথ্য ভিত্তিক প্রমান আৰু গবেষণা পত্র বিচাৰি পাবলৈ নাই !
0 comments:
Post a Comment