মাহ হালধীৰে নোৱালে ধুৱালে
কইনা সজালে কোনে দাপোনমতী
কইনা সজালে কোনে
ডিঙিতে জলিছে হীৰা নে মুকুতা
কপালত হাঁহিলে জোনে দাপোনমতী
কপালত হাঁহিলে জোনে
মাহ হালধীৰে,,,,
মুগাৰে পাতৰে কি সাজে শোৱালে
গুণাৰ বুটা বছা ফুলে
সোণৰে ৰূপৰে গহনা জিলিকিছে
ডিঙিত জোনে বিৰি জলে
দেউতাৰ পদূলি উদুলি মুদুলি
দৰা আদৰিছে কোনে দাপোনমতী
দৰা আদৰিছে কোনে
মাহ হালধীৰে,,,
কৰে গৰখীয়া পেপাটি বজালা
টিহিটি টিহিটি সুৰ
দাপোনমতী মহৰ শিঙৰ পেপাটি
মন কহুৱা ফুল
দুৰণিৰ ৰাতি কোন অজানা অচিনা
বাঁহীটি উচুপে চোন
দাপোনমতী দূৰণিৰ বাঁহীটি চিনাকি চিনাকি সুৰ
উৰণীৰ আঁৰেৰে নেচাবা দাপোনমতী
চল পাই চকুলো বব
আজি যে বোৱাৰী সাজিছা দাপোনমতী
সেউতাৰ সেন্দুৰে কব
হোম জুই জ্বলিছে ধূপ শিখা উৰিছে
উৰুলি দিছেহি কোনে দাপোনমতী
আহুতি যাচিছে কোনে
মাহ হালধীৰে,,,
Home / Uncategories / কন্ঠ শিল্পী বিউতি শৰ্মা বৰুৱালৈ জন্ম দিনৰ শুভেচ্ছা ::: তেখেতৰ জনপ্ৰিয় গীতটিৰে
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment