সাধাৰনতে সাংবাদিক বুলি কোৱাৰ লগে লগে সৰ্বসাধাৰনৰ মনত হাতত ডিজিটেল কেমেৰা আৰু কিছুমান নিৰ্দিষ্ট ব্ৰেণ্ড বা ল’গ’ যুক্ত মাইক্ৰ’ফোন লৈ ঘুৰি ফুৰা এচাম প্ৰবল প্ৰতাপী মানুহৰ ছবি ভাঁহি উঠে৷ আচলতে সাংবাদিক মানে নো কি? জনপ্ৰিয় অনলাইন বিশ্বকোষ Wikipedia ৰ মতে " সাংবাদিকতা হৈছে জনসাধাৰনৰ কাষলৈ লৈ যাবলৈকে বাতৰি আৰু তথ্য সংগ্ৰহ, প্ৰস্তত আৰু বিয়পাই দিয়া এটি কাৰ্য্য৷" আৰু এই কাৰ্য্যৰ লগত জড়িত ব্যক্তিসকলেই হ’ল সাংবাদিক৷
প্রতিষ্ঠিত অসমীয়া কাকত এখনৰ সম্পাদক মহোদয়ৰ ভাষ্য
এই সংজ্ঞাৰ পৰা এটা কথা স্পষ্ট যে সমাজ এখন সুস্থ ৰূপত বৰ্তি থাকি প্ৰগতিৰ পথত আগুৱাই যোৱাৰ ক্ষেত্ৰত সাংবাদিক সকলৰ ভূমিকা অপৰিসীম৷ সাংবাদিক সকলে জাতি,ধৰ্ম,বৰ্ণ নিৰ্বিশেষে সমাজৰ সকলো শ্ৰেনীৰ লোকক সংগঠিত কৰি আৰ্থ-সামাজিক,ৰাজনৈতিক আদি সমস্যাসমূহৰ বিৰুদ্ধে জনগনৰ মাজত সজাগতা সৃষ্টি কৰিব লাগে৷ এইটো সাংবাদিক সকলৰ নৈতিক দায়িত্ব৷ সাংবাদিক সকলৰ এই নৈতিক দায়িত্ব পালনৰ ওপৰতে সমাজ এখনৰ শান্তি আৰু প্ৰগতি বহু পৰিমানে নিৰ্ভৰ কৰে৷ এইবোৰ কাৰনতেই ছাগে সংবাদ মাধ্যমক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি বিভূষিত কৰা হয়৷ কিন্ত পৰিতাপৰ বিষয় হ’ল যে ভাৰতবৰ্ষৰ সংবাদ মাধ্যম সমূহে নৈতিকতাক বিসৰ্জন দি কেতিয়াবা যদি কোনোবা বহুজাতিক কোম্পানীৰ ব্ৰেণ্ড এম্বেছাদৰ, কেতিয়াবা আকৌ কোনোবা ৰাজনৈতিক দলৰ মুখপাত্ৰ, কেতিয়াবা আকৌ সকলো সীমা চেৰাই গৈ বিচাৰক( আদালত) ৰ ভূমিকা পালন কৰা পৰিলক্ষিত হয়৷
আমাৰ অসম মুলুকতো এই ধাৰাই ক্ৰমাৎ তীব্ৰ ৰূপ ধাৰন কৰিবলৈ লৈছে৷ ই সমাজৰ বাবে মুঠেও শুভলক্ষন নহয়৷ উদাহৰনস্বৰূপে দুটামান ঘটনাৰ বিষয়ে উনুকিয়াব বিচাৰিছো৷ ২০০৮ চনৰ ৩০ অক্টোবৰত NDFB য়ে ঘটোৱা ধাৰাবাহিক বোমা বিস্ফোৰনৰ পিছত অসমৰ সংবাদ মাধ্যমবোৰে সেয়া বাংলাদেশৰ হুজি( হৰকত উল জেহাদ এ ইছলাম) নামৰ জেহাদী সংগঠনটোৱে সংঘটিত কৰা বুলি তাল ফাল লগাই দিলে৷ আনকি ছেটেলাইট মেপ যোগে জেহাদী(?) সকলে অসমলৈ সোমোৱা ৰাস্তাটোও ৰঙা ৰঙা চিন দি দেখুৱালে৷ কোনোবাজন জেহাদীৰ মোবাইল নম্বৰো প্ৰচাৰ কৰা হ’ল৷ তাৰ পৰিণতিত এজন নিৰীহ মুছলিম যুৱকে আইনী মেৰপেচত সোমাই অৱশেষত আত্মহত্যাৰ দৰে চূড়ান্ত সিদ্ধান্ত ল’বলগা হ’ল৷ সেই সময়ছোৱাত সংবাদ মাধ্যমে সমগ্ৰ অসমতে এনে এটা পৰিৱেশৰ সৃষ্টি কৰিলে যে মুছলমান সম্প্ৰদায়ৰ যুৱক সকলে এক অজান আশংকাত ভূগি ঘৰৰ পৰা বাহিৰলৈ ওলাবলৈকেও ভয় কৰিছিল৷ আনকি আমি নিজেও কেইদিনমান বাহিৰত ঘূৰা ফুৰা কৰা নাছিলো৷ কিয়নো বৰপেটা ৰোডৰ পাইকাৰী পাচলি বজাৰৰ যিখিনি ঠাইত বোমা বিস্ফোৰণ হৈছিল তাৰ নাতিদূৰৈত আমাৰ কলেজীয়া বন্ধুসকলৰ আবেলিৰ আড্ডাথলী আছিল৷ সেয়েহে আমি এক অজান আশংকাত ভূগিছিলো কেতিয়া বা আমালৈও সন্দেহৰ আঙুলি উঠে আৰু আইনী মেৰপেচত পৰি জীৱনটো ধ্বংস হয়৷ পিছত যেতিয়া NDFB য়ে ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিলে তেতিয়াহে সংবাদ মাধ্যমৰ অপপ্ৰচাৰৰ চোক অলপ কমিল৷ কিন্ত সংবাদ মাধ্যমে কৰা ভুলৰ ক্ষমা কিন্ত নিবিচাৰিলে৷
ঠিক সেইদৰে কেইদিনমান আগত অসমৰ আগশাৰীৰ দৈনিক বাতৰি কাকত এখনে "চৰে চৰে জেহাদীৰ জাল" শিৰোনাম দি বাতৰি প্ৰকাশ কৰিলে৷ বাতৰিৰ সত্যাসত্য প্ৰমানৰ বাবে লগত এখন ফটোও প্ৰকাশ কৰিলে৷ কিন্ত সত্য উদ্ঘাটন হ’ল যেতিয়া ফটো খনৰ প্ৰকৃত কাহিনীটো "দৈনিক গণ অধিকাৰ" নামৰ কাকত খনে ৰাইজৰ মাজত দাঙি ধৰিলে৷ ফটোখন আছিল হায়দৰাবাদৰ এখন বিদ্যালয়ৰ ছাত্ৰী সকলে থাইলেণ্ডৰ এটি জনপ্ৰিয় সমৰকলাৰ প্ৰশিক্ষন লোৱাৰ সময়ৰ ফটো৷ কিন্ত নৈতিকতাক বিসৰ্জন দি বাতৰিৰ নামত উদ্দেশ্যপ্ৰণোদিত ভাৱে কাল্পনিক গল্প প্ৰকাশ কৰা সেই নিৰ্লজ্জ কাকত গোষ্ঠীয়ে এবাৰো ক্ষমা খোজাৰ প্ৰয়োজনবোধ নকৰিলে৷
অতি শেহতীয়া ভাৱে যোৱা ০৫ আগষ্ট,২০১৬ইং তাৰিখে কোকৰাঝাৰ জিলাৰ বালাজান তিনিআলিত সন্দেহজনক উগ্ৰপন্থীয়ে যি নৰসংহাৰ চলালে তাতো আমাৰ এই নিজকে নিৰপেক্ষ বুলি দাবী কৰা নিৰ্লজ্জ সংবাদ মাধ্যমে কোনো ধৰনৰ অনুসন্ধান অবিহনেই মুছলমান সন্ত্ৰাসবাদীৰ ভূত দেখা পালে৷ আনকি অতি দৃষ্টিকটূ ভাৱে এটা বৈদ্যুতিন সংবাদ মাধ্যমৰ এংকৰজনে ঘটনাস্থলীত থকা সাংবাদিক জনক সোধা দেখা গ’ল যে "উগ্ৰপন্থী কেইজনৰ মুখত দাড়ি আছিল নেকি? পাঞ্জাৱী পিন্ধিছিল নেকি?" আদি প্ৰশ্ন৷ তাৰমানে ইয়াৰ দ্বাৰা ঘটনাস্থলীত থকা সাংবাদিক জনক এইবোৰ ক’বলৈ প্ৰৰোচিত(Provoke) কৰা নহ’লনে? আনকি আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াসকলে ঘটনাত NDFB(s) জড়িত থকাৰ কথা ঘোষনা কৰাৰ পিছতো কিন্ত সংবাদ মাধ্যমৰ অপপ্ৰচাৰ চলোৱা বন্ধ নহ’ল৷ তেওঁলোকে ঘটনাৰ দায়িত্ব অস্বীকাৰ কৰি NDFB(s) য়ে প্ৰেৰন কৰা ই-মেইলটোক স্বৰ্গবানী বুলি মানি লৈ ঘটনাৰ আক্ৰমন শৈলীক সৰোগত কৰি তাৰ লগত আইছিছ মাৰ্কা জেহাদী জড়িত থকাৰ এটা ধাৰনা অসমবাসীক দিবলৈ অপচেষ্টা কৰা দেখা গ’ল৷ কিন্ত NDFB(s)য়ে পঠিওৱা ই-মেইলটোত স্বাক্ষৰ কৰিছিল ১৯জুলাই,২০১৬ইং তাৰিখে৷ ইয়াৰ কাৰণটো এনেকুৱাওতো হ’ব পাৰে যে এনে এটা ঘটনা সংঘটিত কৰিব বুলি NDFB(s) য়ে আগতেই সিদ্ধান্ত লৈছিল আৰু ঘটনাৰ পিছ মূহুৰ্তত ইয়াৰ দায়িত্ব অস্বীকাৰ কৰিবলৈকে আগতীয়াকৈ মেইল বাৰ্তা প্ৰস্তত কৰি ৰাখিছিল৷ যাতে দোষটো আনৰ ওপৰত জাপি দি পৰিস্থিতি অন্য ফালে ঢাল খোৱাব পৰা যায়৷
ঘটনাটো এই দৃষ্টিকোণৰ পৰা বিশ্লেষণ কৰা নহ’ল কিয়? এনে কৰিলে কেচুঁ খান্দোতে সাপ ওলোৱাৰ ভয় নহয়তো? কিহৰ স্বাৰ্থত সাংবাদিক সকলে এইদৰে উদ্দেশ্যপ্ৰনোদিত বাতৰি প্ৰচাৰ কৰে? এনে কাৰ্য্যৰ দ্বাৰা তেওঁলোকে নিজকে বেশ্যাৰ শাৰীলৈ অৱনমিত কৰা নাইনে? বেশ্যাৰ লগত এইকাৰনেই তুলনা কৰিছো যে যদিও আমি বেশ্যা বুলিলে অৰ্থৰ বিনিময়ত নিৰ্দিষ্ট সময়ৰ বাবে কাৰোবাৰ শয্যাসংগী হোৱা মহিলাকে বুজো ইয়াৰ বহলভিত্তিক সংজ্ঞাটো অলপ বেলেগ৷ এই সংজ্ঞামতে "ন্যস্ত স্বাৰ্থ পূৰণৰ উদ্দেশ্যে নিজৰ ইচ্ছাৰ বিৰুদ্ধ কৰা সকলো অনৈতিক কামেই বেশ্যামী৷" এই দৃষ্টিকোণৰ পৰা চালে এইসকল সাংবাদিক আৰু বেশ্যাৰ মাজত কিবা পাৰ্থক্য আছে জানো?
সংবাদ মাধ্যম সমূহৰ কাৰ্য্যালয় আৰু পতিতালয়ৰ মাজত কিবা পাৰ্থক্য থাকিল জানো? কিন্ত আটাইতকৈ চিন্তনীয় কথাটো হ’ল যে সাংবাদিক সকলে এইদৰে নিজে বিচাৰকৰ ভূমিকা পালন কৰি নিৰ্দিষ্ট এটা জনগোষ্ঠীক হকে -বিহকে কাঠগড়াত থিয় কৰোৱাটো কিমান যুক্তিসংগত? এইদৰে উদ্দেশ্যপ্ৰনোদিত ভাৱে কাল্পনিক তথা প্ৰৰোচনামূলক বাতৰি পৰিৱেশন কৰা সংবাদ মাধ্যম বা সাংবাদিক সকলৰ ওপৰত কোনো ধৰনৰ আইনী ব্যৱস্থা লোৱা নহয় কিয়? সাংবাদিক সকলৰ কোনো ধৰনৰ আচৰন বিধি(Code of Conduct) আছে নে নাই? যদি আছে সেয়া বলৱৎ নহয় কিয়? যদি নাই তেন্তে এখন সুস্থ আৰু প্ৰগতিশীল সমাজ গঢ়ি তোলাৰ স্বাৰ্থত সেয়া অনতি বিলম্বে হ’ব লাগে৷ সকলো শান্তিকামী আৰু সচেতন নাগৰিকে এই দাবী সজোৰে উত্থাপন কৰিব লাগে৷
বৰ্তমান সময়ত আমাৰ অসমৰ সাধাৰন মানুহৰ বাবে ই এক আতংক হৈ পৰিছে।
ReplyDelete