ফুলশয্যাৰ নিশা ন-কইনাজনীক "তই" বুলি মাতিছিলো ৷মই কৈছিলো, "তই মোক "আপুনি" বুলি সম্বোধন কৰিবি ৷ মোৰ কাষলৈ অহাৰ চেষ্টা মুঠেও নকৰিবি ৷" কাৰণ তাই আছিল কেৰাহিৰ তলীটোৰ দৰেই ক’লা ৷ ফুলশয্যাৰ নিশা কোঠাটোত সোমাই যেতিয়া বিছনাৰ ফালে লক্ষ্য কৰিলো এনেকুৱা লাগিল যেন ৰঙা সাজ পৰিধান কৰি কিচকিচিয়া ক’লা কুকুৰ এটা মোৰ বিছনাত বহি আছে ৷ ৰঙা ওৰণি, ওঠত টিকটিকিয়া ৰঙা লিপষ্টিক আৰু কপালত মস্ত এটা ফোট ৷ ক’লাৰ মাজত ৰঙাই কি যে এক বিকৃত ৰূপ ধাৰণ কৰিছে, ছিঃ ! বিছনালৈ গৈ লাইট নুমুৱাই দিয়াৰ লগে লগে এনে লাগিল যেন কেবল অন্ধকাৰখনি লগত লৈ শুই আছো ৷ মাথো যৌনতা আৰু নীতি নিয়মৰ দায়ত পৰি সেই নিশাটো তাই লগত কটাইছিলো ৷ তাৰ পিছত বিছনাৰ পৰা উঠাই দিছিলো তাইক ৷
আমি আছিলো যৌতুক প্ৰথাৰ বিৰোধী ৷ সেয়ে দেউতাৰ কথা আছিল যে বিনা যৌতুকত চিনাকি তথা ঘনিষ্ঠ কৰোবাৰ জীয়ৰীক বোৱাৰী কৰি আনিব ৷ কথামতেই কাম ৷ একান্ত অনিচ্ছা সত্বেও দেউতাৰ দুখীয়া বন্ধু এজনৰ ছোৱালীজনীকে বিয়া কৰৰাবলৈ বাধ্য হলো মই ৷ কলেজৰ Selfie boy ৰ কপালত এনে এজনী পত্নী আহিল যাক লৈ কেতিয়াও selfie উঠা সম্ভৱ নহয় ৷ বিয়াৰ পিছত বন্ধু বান্ধৱীৰ অনুৰোধ আহিছিল যে তাইক লৈ ফুৰিবলৈ যাব লাগে ৷ কিন্তু সেই অনুৰোধ মই সদায় প্ৰত্যাখ্যান কৰিছিলো ৷ ৰাতিপুৱা ঘৰৰ পৰা ওলাই গলে দিনটোত এবাৰলৈও ঘৰমুৱা হোৱাৰ মন নাছিল ৷ৰাতিও বহুত পলমকৈ উভতিছিলো ৷ কিন্তু মই ঘৰ নোপোৱালৈকে তাই উজাগৰে বহি থাকে ৷ ভাত বাঢ়ি লৈ বহি থাকে, মই মৌন হৈ ভাত কেইগৰাহ খাই বিছনাত দীঘল দিওঁ ৷ বাহিৰলৈ ওলাই গলেই হাজাৰ বিজাৰ সুন্দৰী দেখিবলৈ পাওঁ, কিন্তু ঘৰলৈ আহি সেই আলকাতৰাৰ ড্ৰামটোলৈ চকু যায় নে ?
এইদৰেই চলি থাকিল মোৰ দাম্পত্য জীৱন ৷ সম্পুৰ্ণ স্বাৰ্থপৰতাৰ পৰিচয় দি মই মোৰ মতে দিন অতিবাহিত কৰি আছো ৷ তাইৰো যে কিবা প্ৰয়োজন থাকিব পাৰে, সেই কথা কোনোদিনে নুসুধিলো ৷ ঘৰত যিহেতু ভাত কাপোৰৰ অভাৱ নাই গতিকে আৰু কি লাগে ? এনেকৈয়ে কেবামাহ অতিক্ৰম কৰিলে ৷
এদিন এজন বন্ধুৱে তাৰ গাৰ্লফ্ৰেন্ডক গিফ্ট দিবলৈ কিবাকিবি কনিলে ৷ সেইখিনি আকৌ ময়েই দি আহিব লাগে ৷ সেইবোৰ লৈ গৈ প্ৰায় মাজৰাতি মোৰ ঘৰ পালো ৷ ভিতৰত সোমাই দেখিলো তাই ছোফাখনতে শুই আছে ৷ ভাৱিলো ভাত খায়েই টোপনিত গল ছগে ৷ অৱশ্যে মই নহালৈকে তাই খোৱাটো দেখা নাই আগতে ৷ মই শুই পৰিলো ৷ কিন্তু মনটোৱে কিবা ছটফটাবলৈ ধৰিলে ৷ মই উঠি গৈ তাইক জগাই দিলো আৰু খোৱা লোৱা কৰি শুবলৈ কলো ৷ পিছদিনাখন ৰাতিপুৱা দেখিলো যে গিফ্টৰ বাকচবোৰ এটাও ঠিক নাই ৷ আটাইবোৰ খুলি মেলি চাইছে কোনোবাটো পিন্ধিও চাইছে ৷ মনটো বৰকৈ আনন্দিত দেখা পাই মই তাইক একো নকলো ৷ ক’লা হলেও সাজোন কাচোনৰ হেপাহনো কাৰ নাথাকে ? মোৰ খং উঠিছিল যদিও তাইৰ অৱস্থা দেখি নিজে নিজেই হাঁহিছিলো ৷ মই সেইবোৰ আকৌ আগৰ দৰে ঠিক কৰি লৈ সেই গিফ্টবোৰ গন্তব্য স্থানত পৌছাই দিলো ৷ ইয়াৰ পিছত হঠাৎ এদিন তাই বমি কৰিলে ৷ জানিব পাৰিলোঁ তাই অন্তসত্ত্বা বুলি ৷
শীতকালৰ এক সন্ধিয়া মা দেউতা দুয়ো গাৱঁলৈ গল ফুৰিবলৈ ৷ ঘৰত সেইদিনাখন কেৱল মই আৰু তাই ৷ সেইৰাতি সোনকালে ঘৰমুৱা হৈছিলোঁ ৷ কাৰণ ঘৰখনত তাই অকলে আছে ৷ গাৱঁলীয়া ছোৱালী ৷ ভুত প্ৰেতৰ ভয় পাব পাৰে কবতো নোৱাৰি ৷ ঘৰত সোমাই শুনিলো ৰন্ধা বঢ়া কৰা নাই ৷ কাৰণ জানিব বিছৰাত তাই কলে, "ভাৱিলো আপুনি বন্ধুবৰ্গৰ লগত হোটেলতে খাই আহিব ৷ দুপৰীয়াৰ ভাত অলপ আছে ৷ মোৰ হৈ যাব ৷" ইফালে মোৰ ভোক লাগিছে ৷ কি কৰো এতিয়া ? ব’ল, কাপোৰ পিন্ধ, হোটেললৈ যাম ৷" তাইক কলো ৷ কিন্তু তাই যাব বিচৰা নাছিল যদিও মোৰ আদেশ অমান্য কৰাৰ সাহস নাপালে ৷ দুয়ো ওলাই গলোঁ চহৰলৈ ৷ মই কলোঁ, "মোৰ হাতত ধৰ, নহলে চহৰৰ ভীৰৰ মাজত কৰবাত হেৰাই যাবি ৷" সেইদিনাখনে তাই প্ৰথম মোৰ লগত বহিৰত ওলাইছিল, প্ৰথমবাৰ মোৰ হাতত ধৰিছিল ৷ যাওঁতে কৈ গৈছিলোঁ, হোটেলত বহি আকৌ মোক আপুনি আপুনি বুলি নকবি, তুমি বুলিহে কবি ৷ মনত থাকিবতো ?" তাই কেৱল মুৰ দুপিয়ালে ৷ কিন্তু হোটেলত খোৱাৰ সময়ত তাই এবাৰো মোক নামাতিলে ৷ ওলোটাই মইহে তাইক সুধিছিলোঁ, "তুমি আৰু কিবা খাবা নেকি ?"
এদিন দেখিলো স্নোৰ টিউব কাটি স্নো উলিয়াই মুখত সানি আছে ৷ খংতে কলো, এইবোৰ শেষ হলে কব নোৱাৰা নেকি ?" সেইদিনাখনেই প্ৰথম তাই মোৰ ওচৰত চেম্পু বিচাৰিছিল ৷ মই সিদিনাখন তাইক লৈ মাৰ্কেটিংত গৈছিলো ৷ বন্ধুবৰ্গৰ বহুতেই তাইক দেখা পাইছিল আৰু বৰ সন্মান সহকাৰে তাইৰ লগত কথা পাতিছিল ৷ সকলোৱে তাইক পাৰ্টিলৈ আহিবলৈ অনুৰোধ কৰিছিল ৷ দুদিনমান পিছত ময়েই তাইক বন্ধুবৰ্গৰ আড্ডা, মানে পাৰ্টিলৈ লৈ গৈছিলো বাইকত বহুৱাই ৷এয়াই আছিল তাইৰ জীৱনৰ প্ৰথম লংড্ৰাইভ আৰু ড্ৰাইভাৰ আছিলো মই ৷ আৰু নিজৰ পত্নীক লৈ এয়াই আছিল প্ৰথম বাইক আৰোহণ ৷ সেয়াই আছিল মোৰ দাম্পত্য জীৱন ৷
জীৱনত এই প্ৰথমবাৰ তাইৰ বাবে সৃষ্টিকৰ্তাৰ ওচৰত হাত পাতিছো মই ৷ তাই যেন সুস্থ থাকে ৷ কাৰণ তাই যে মাতৃ হবলৈ ওলাইছে ৷ আৰু মই পিতৃ হম ৷ নাজানো আজি মোৰ কিয় ইমান চকুলো ওলাইছে তাইৰ বাবে ৷ হস্পিটেলত বাৰে বাৰে তাইৰ কাষলৈ দৌৰি গৈছিলো ৷ তাই যিমানবাৰ মোৰ হাত ধৰি তাইৰ বৰ ভয় লাগিছে বুলি কৈছিল, সিমানবাৰেই মই তাইক অভয় দান কৰি কৈছিলো, "ভয় নকৰিবা, মই আছো নহয় ?" সেই দিনটোত তাই কিন্তু আন কাকো তাইৰ কাষত বিছৰা নাছিল, বিচাৰিছিল কেৱল মোক আৰো মোক ৷ তাই বাৰে বাৰে মোক তাইৰ কাষত থাকিবলৈ অনুৰোধ কৰিছিল ৷ যেতিয়া তাইক অপাৰেছন ৰুমলৈ লৈ গৈছিল, মই বাৰে বাৰে পৰ্দাৰ ফাকেৰে তাইক চাইছিলো ৷ খন্তেক সময় পিছত খবৰ আহিল ল’ৰা সন্তান জন্ম হল বুলি ৷ মনটো বৰকৈ ভাল লাগি গৈছিল ৷ কিন্তু আন এটা খবৰে মোলৈ অন্ধকাৰ নমাই আনিলে ৷ মোক সন্তান উপহাৰ দি তাই মোৰ পৰা চিৰদিনলৈ আতৰি গল এক অজান দেশলৈ ৷ মোৰ এনেকুৱা লাগিছিল যেন মোৰ কলিজাটোৱে ছিঙি গল ৷ বহুত কান্দিলো মই ৷ চিঞৰি চিঞৰি কলো, তুমি উভতি আহা, মাথো এটা নিশা তোমাৰ লগত গল্প কৰিম ৷ এটা মাত্ৰ ছেলফি উঠিম তোমাৰ লগত ৷" মই জানো, তাইক মই মৰম দিব নোৱাৰিলো ৷ কিন্তু আজিও তাইৰ বাবে মোৰ বুকুখন কেতিয়াবা চিৰিংকৈ উঠে ৷
Translated...( প্ৰেৰক:: জাহিদূল ইছলাম মিৰ্ধা)
pohi bohutei dukh lagise
ReplyDeletepohi bohutei dukh lagise
ReplyDeleteHridoyot lagi jowa golpo... Bhal lagil
ReplyDeleteসঁচাকৈ হৃদয় চুই গ'ল……
ReplyDeleteheart touching story....
ReplyDeleteKetia pohi heh korilu gomei napalu...khub khub val lagil....
ReplyDeleteধুনীয়া অ'...
ReplyDelete