নাগৰিকত্ব (সংশোধনী) বিধেয়ক::আজিৰ শুনানিলৈ আমন্ত্রণ নাপালে জাতীয় সংগঠনে::তীব্র প্রতিক্রিয়া

বহু চর্চিত নাগৰিকত্ব (সংশোধনী) বিধেয়কখন সংসদত উত্থাপনৰ পূর্বে লোকসভা আৰু ৰাজ্যসভাৰ পৰামৰ্শক্রমে গঠন কৰা সংসদীয় যুটীয়া সমিতিয়ে বিধেয়কখন সন্দৰ্ভত মতামত প্ৰদানৰ বাবে অসমৰ দল-সংগঠনৰ পৰা আবেদন বিচাৰিছিল। সেইমৰ্মে ৰাজ্যখনৰ অৰ্ধশতাধিক দল-সংগঠন তথা ব্যক্তিবিশেষে মতামত প্ৰদানৰ বাবে যুটীয়া সংসদীয় কমিটীৰ ওচৰত আবেদন জনাইছিল। এইক্ষেত্ৰত বিধেয়কখনক লৈ সৰৱ হৈ থকা সদৌ অসম ছাত্র সস্থা, জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্রাম সমিতি আদি সংগঠনে শুনানিকালত নাগৰিকত্ব (সংশোধনী) বিধেয়কখনে ৰাজ্যখনলৈ নমাই আনিব পৰা নেতিবাচক দিশসমূহ দাঙি ধৰিব বুলি আশা কৰি আছিল যদিও আজিৰ শুনানিলৈ আমন্ত্রণ নাপালে এইসমূহ জাতীয় সংগঠনে। ইয়াৰ পৰিৱর্তে বিধেয়কখনক সমর্থন কৰা ১৩টা সংগঠন তথা ব্যক্তিবিশেষকহে ১৩ অক্টোবৰত শুনানিৰ বাবে আমন্ত্রণ জনোৱা হৈছে। উল্লেখ্য যে যুটীয়া সংসদীয় সমিতিখনৰ হৈ সঞ্চালক টি জি চন্দ্ৰশেখৰে কাইলৈৰ বাবে আমন্ত্ৰণ জনোৱা সংগঠনকেইটাৰ ভিতৰত আছে সদৌ অসম বেংগলী যুৱ-ছাত্ৰ পৰিষদ, হিন্দু আইন কোষৰ অসম প্রদেশ সমিতি, চিটিজেন ৰাইটছ প্রিজাৰভেচন কমিটী আৰু নিখিল ভাৰত বেংগলী জাতীয় পৰিষদ। কেৱল এয়াই নহয়, শুনানিৰ বাবে আমন্ত্রণ লাভ কৰা আন ছয় সংগঠনৰ ভিতৰত আছে ইন্দােৰৰ পূজ্য সিদ্ধি পঞ্চােয়ত, উত্তৰ প্ৰদেশৰ সিদ্ধি সভা, লক্ষীেৰ নিখিল বংগ নাগৰিক সংঘ, কলকাতাৰ সিদ্ধ সংখ্যালঘু প্ৰব্ৰজনকাৰী সংস্থা, আহমেদাবাদৰ পাব্লিক পলিচী ৰিছাৰ্চ চেন্টাৰ, নতুন দিল্লীৰ ৰামভাউ মালগী প্ৰবােধিনী। ইফালে আজি হ’বলগীয়া শুনানিলৈ আমন্ত্রণ লাভ নকৰি তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে কৃষক মুক্তি সংগ্রাম সমিতিয়ে। সংগঠনটােৱে এই সন্দৰ্ভত মন্তব্য কৰে যে যুটীয়া সমিতিখনে শুনানিত কেৱল বিধেয়কখনক সমর্থন কৰাসকলৰ বক্তব্য গ্রহণ কৰি বিধেয়কখন অনুমোদন কৰাৰ ষড়যন্ত্রত লিপ্ত হৈছে। অথচ ৩০ ছেপ্টেম্বৰৰ ভিতৰত বিধেয়কখন সন্দৰ্ভত মতামত গ্রহণ কৰাৰ সময়ত অসমৰ বহু দল-সংগঠন, বিশিষ্ট নাগৰিকে বিধেয়কখনৰ বিৰোধিতা কৰি মতামত প্ৰেৰণ কৰিছে। ইয়াৰ দ্বাৰা এইটাে স্পষ্ট হৈছে যে যুটীয়া সমিতিখন মোদী চৰকাৰৰ ৰিম'ট কন্ট্র’লৰ দ্বাৰা পৰিচালিত। সেই কাৰণে সমিতিখনে শুনানিৰ বাবে আমন্ত্রণ নজনালে অসমৰ এটাও জাতীয় দল-সংগঠনক। কৃষক মুক্তিৰ এই ভাষ্যৰ বিপৰীতে সদৌ অসম ছাত্র সস্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে এই সন্দৰ্ভত উল্লেখ কৰে যে যুটীয়া সমিতিয়ে কাইলৈৰ শুনানিৰ বাবে ছাত্ৰ সন্থাক এতিয়ালৈ আমন্ত্রণ জনোৱা নাই যদিও অচিৰেই আমন্ত্রণ লাভ কৰিব বুলি আশা কৰি থকা হৈছে। সাধাৰণ সম্পাদকজনে ইয়াকে স্পষ্ট কৰে যে নাগৰিকৰ (সংশোধনী) বিধেয়কখনক লৈ ছাত্র সস্থাই এতিয়াও পূৰ্বৰ স্থিতিত আছে। বিধেয়কখনে অসম চুক্তি উলংঘন কৰাৰ লগতে ৰাজ্যৰ খিলঞ্জীয়াৰ প্রতি ভাবুকি নমাই আনিব। সেয়েহে ইয়াক কোনো কাৰণতে গ্রহণ কৰিব নোৱাৰি। মন কৰিবলগীয়া যে বিজেপি সাংসদ ড° সত্যপাল সিঙৰ অধ্যক্ষতাত গঠন কৰা সংসদীয় যুটীয়া সমিতিখনত সদস্য হিচাপে আছে যোৰহাটৰ সাংসদ কামাখ্যাপ্রসাদ তাছা। সাংসদগৰাকীয়ে কালি উল্লেখ কৰা মতে, যুটীয়া সমিতিখনৰ ওচৰত প্রায় ৯ হাজাৰ আবেদন জমা হৈছে। এনে অৱস্থাত সমিতিয়ে একে সময়তে সকলো সংগঠনক আমন্ত্রণ জনাব নোৱাৰে। পর্যায়ক্রমে সকলো দল-সংগঠনক মতামত প্রকাশ কৰিবলৈ আমন্ত্রণ জনাব। সাংসদজনে সদৌ অসম ছাত্র সস্থা, জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ আদি জাতীয় সংগঠনকে সোনকালে আমন্ত্রণ জনাব বুলি জানিবলৈ দিছে।
Share on Google Plus

About Unknown

0 comments:

Post a Comment