অপৰাধীৰ উৎস,সন্দেহযুক্ত নাগৰিকৰ ঘাটি ৰাজ্যৰ ২,৩০০ চৰ:: শেন চকু ৰখাৰ নির্দেশ জাৰি

সকলোধৰণৰ আধুনিক সা-সুবিধাৰ অভাৱ সত্ত্বেও একপ্রকাৰ জনবিস্ফোৰণৰ গৰাহত পৰিছে ৰাজ্যৰঅধিকাংশ চৰ অঞ্চল। শেহতীয়াকৈ চােৰাংচােৱা সংস্থাই ৰাজ্যৰ গৃহ বিভাগত দাখিল কৰা তথ্যসমৃদ্ধ প্রতিবেদনৰ পিচতে এতিয়া মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে অসমৰ ২,৩০০ চৰৰ ওপৰত শেন চকু ৰখাৰ নির্দেশ জাৰি কৰিছে আৰক্ষী বিভাগক। বিভিন্ন অপৰাধৰ উৎস আৰু সন্দেহযুক্ত নাগৰিকৰ আশ্রয়স্থলী বুলি অভিযোগ উঠা এনে ২,৩০০ চৰত তীক্ষ নজৰ ৰখাৰ বাবে দায়িত্ব ন্যস্ত কৰিছে সংশ্লিষ্ট জিলাসমূহৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলক। আনকি উপায়ুক্ত, আৰক্ষী অধীক্ষকসকলক সন্দেহৰ আওতাত থকা ২,৩০০ চৰলৈ গৈ তাত বাহৰ পাতি পৰিস্থিতি পর্যবেক্ষণৰ নির্দেশ দিছে মুখ্যমন্ত্রীয়ে। নিজ নিজ এলেকাৰ অধীনত থকা এনে চৰ অঞ্চলসমূহত প্রয়োজন অনুসৰি আৰক্ষী চকী স্থাপনৰ বাবে যাৱতীয় ব্যৱস্থা গ্রহণৰাে নির্দেশ দিছে মুখ্যমন্ত্রীয়ে। সেই অনুসৰি উপায়ুক্ত, আৰক্ষী অধীক্ষকসকলে ৰাজ্যৰ ২,৩০০ চৰৰ ভিতৰত তেওঁলোকৰ এলেকাত থকা চৰসমূহলৈ গৈ তাত বাহৰ পাতি চৰজমিন তদন্তৰে পৰিস্থিতিৰ ওপৰত এক বিস্তৃত প্রতিবেদন দাখিল কৰিব লাগিব ৰাজ্য চৰকাৰৰ গৃহ বিভাগক। বিভাগে এই প্রতিবেদনৰ ওপৰত পর্যালোচনা কৰি পৰৱতী সময়ত চকী স্থাপনকে ধৰি সংশ্লিষ্ট চৰ অঞ্চলসমূহৰ পৰা আন এলেকাসমূহলৈও পৰিচালিত অপৰাধ নিয়ন্ত্রণৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত লৈছে।
Share on Google Plus

About Unknown

0 comments:

Post a Comment