নিৰাপত্তা বাহিনীৰ ৰবৰৰ গুলীত শ্ৰীনগৰত কালি এটি ১২ বছৰীয়া শিশুৰ মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি পৰিস্থিতি পুনৰ উত্তপ্ত হৈ পৰিছে। প্রশাসনে পৰিস্থিতি নিয়ন্ত্রণাধীন কৰি ৰখাৰ স্বাৰ্থত ইতিমধ্যে সান্ধ্য আইন জাৰি কৰিছে। জানিব পৰামতে জম্মু আৰু কাশ্মীৰত শেহতীয়াভাৱে বিৰাজ কৰা পৰিস্থিতিৰ লগতে স্থানীয় ৰাইজে শ্ৰীনগৰত কালি এক প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল। এই প্রতিবাদী কাৰ্যসূচীৰ সময়তে নিৰাপত্তা বাহিনী আৰু প্রতিবাদকাৰীসকলৰ মাজত সংঘৰ্ষৰ সূচনা হয়। প্রতিবাদকাৰীসকলক নিয়ন্ত্রণ কৰাৰ বাবে নিৰাপত্তা বাহিনীয়ে কন্দুৱা গেছ প্রয়োগ কৰাৰ লগতে ৰবৰৰ গুলীচালনা কৰে। সেই সময়ত শ্ৰীনগৰৰ ছঈদপুৰা এলেকাত থকা বাসভৱনৰ সন্মুখত থিয় হৈ জুনেইড আহমেদ নামৰ ১২ বছৰীয়া শিশুটিয়ে ঘটনা প্রত্যক্ষ কৰি আছিল। এনেতে আৰক্ষীয়ে চলোৱা ৰবৰৰ গুলী এটাই অতর্কিতে শিশুটিক আঘাত কৰে আৰু ইয়াৰ ফলত শিশুটি গুৰুতৰভাৱে আহত হয়। স্থানীয় লোকে তেতিয়া শিশুটিক শ্বেৰ-ঈ কাশ্মীৰ চিকিৎসা প্রতিষ্ঠানলৈ নিয়ে যদিও তাত তেওঁৰ মৃত্যু ঘটে। ইয়াৰ পিচতে পৰিস্থিতি আৰু অধিক উত্তপ্ত হৈ পৰে। স্থানীয় ৰাইজে জুনেইড আহমেদৰ মৃতদেহ ঘৰলৈ অনাৰ পিচত যথেষ্টসংখ্যক লোক উক্ত স্থানত সমবেত হয় আৰু ভাৰতবিৰােধী শ্ল’গানেৰে পৰিস্থিতি উত্তপ্ত কৰি তোলে। পিচত ৰাইজে সমদল কৰি জুনেইড আহমেদৰ মৃতদেহ কবৰস্থানলৈ নিয়ে আৰু পিচত জানাজা সম্পন্ন কৰে। কিন্তু এই সমদলকাৰীসকলৰ সৈতেও আৰক্ষীৰ সংঘাত হয়। কিয়নাে মৃতদেহ কঢ়িয়াই নিয়া সমদলটােৱে ক্ৰমাৎ হিংসাত্মক ৰূপ ল’বলৈ আৰম্ভ কৰিছিল। সেয়েহে আৰক্ষীয়ে সমদলকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ পুনৰ ৰবৰৰ গুলীচালনা কৰাৰ লগতে কন্দুৱা গেছে প্রয়োগ কৰে। ইয়াৰ ফলত কেইবাজনো প্রতিবাদকাৰী আহত হােৱা বুলি জানিব পৰা গৈছে।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment