পাকিস্তানী সন্ত্রাসবাদীৰ জিম্মৰ পৰা উদ্ধাৰ কৰা অস্ত্ৰ-শস্ত্ৰসমূহৰ তথ্য ফাদিল ::


Image result for pakistani terrorist
ভাৰতৰ নিৰাপত্তা বাহিনীৰে হােৱা সংঘৰ্ষত তিনিদিন পূর্বে নিহত চাৰিজনকৈ পাকিস্তানী সন্ত্রাসবাদীৰ জিম্মৰ পৰা সামৰিক বাহিনীয়ে উদ্ধাৰ কৰা অস্ত্ৰ-শস্ত্ৰসমূহৰ তথ্য কালি ৰাজহুৱা কৰিছে। সেইমতে সন্ত্রাসবাদীকেইজনৰ পৰা উদ্ধাৰ কৰা গ্রেনেডসমূহ পাকিস্তানৰ সামৰিক বাহিনীৰ অস্ত্র নির্মাণ কাৰখানাত নির্মিত। এই কথা গ্রেনেডসমূহতে লিখা আছে। সামৰিক বাহিনীৰ মতে ইয়াৰ দ্বাৰা জম্মু আৰু কাশ্মীৰত হিংসাত্মক ঘটনা সংঘটিত কৰা সন্ত্রাসবাদীবোৰ পাকিস্তানৰ বুলি পুনৰবাৰ প্রতীয়মান হৈছে। সামৰিক মুখপাত্ৰই লগতে ইয়াকো কয় যে নিহত সন্ত্রাসবাদীবোৰৰ পৰা উদ্ধাৰ কৰা ঔষধ, কাপোৰ-কানি, খাদ্য-সামগ্ৰী আদিও পাকিস্তানত নির্মিত বুলি উক্ত সামগ্ৰীবােৰত লিখা আছে। সামৰিক বাহিনীয়ে প্রকাশ কৰামতে নিহত চাৰিজন সন্ত্রাসবাদীৰ পৰা সেনাই ছটাকৈ প্লাষ্টিক বিস্ফোৰক বেগ, বিস্ফোৰক হিচাপে ব্যৱহৃত পেট্রলিয়াম জেলীৰ ছটাকৈ বটল, ছটাকৈ বটলত থকা জ্বলনশীল জুলীয়া পদার্থ আৰু ছটা লাইটাৰ উদ্ধাৰ কৰিছে। সেনাৰ মতে পাকিস্তানী সন্ত্রাসবাদীয়ে উৰিত চলোৱা আক্ৰমণৰ ঘটনাৰ সময়ত একেধৰণৰ বিস্ফোৰক সামগ্ৰী ব্যৱহাৰ কৰিছিল।
Share on Google Plus

About Unknown

0 comments:

Post a Comment