বাংলাদেশত ১১ জেহাদী নিহত::দুৰ্গা পূজাত কৰিছিল কূটাঘাতৰ পৰিকল্পনা



বাংলাদেশৰ ঢাকাৰ সমীপৱতী গাজীপুৰৰ দুটা আশ্রয় শিবিৰ আৰু টাংগাইলৰ এটা আশ্রয় শিবিৰত কালি নিশা আৰক্ষী বাহিনী আৰু এলিট ফ’ৰ্চৰ যৌথ অভিযান কালত গাজীপুৰত ৯ জন আৰু টাংগাইলত ২ জন উগ্ৰপন্থী নিহত হয়। আনহাতে উগ্ৰপন্থীৰে হােৱা গুলীয়াগুলিৰ এই ঘটনাত আৰক্ষী বাহিনীৰাে কেইবাজনো সদস্য আহত হৈছে। বাংলাদেশৰ গৃহ মন্ত্রী আছাদু জামানে আজি এই অভিযানৰ কথা সদৰী কৰে। অভিযানত উগ্ৰপন্থীসকলৰ পৰা কেতবােৰ অস্ত্ৰ-শস্ত্ৰ আৰু গুলী-বাৰুদো উদ্ধাৰ কৰা হয়। আৰক্ষীৰ সন্দেহ দুৰ্গা পূজাত উগ্ৰপন্থীসকলে কূটাঘাতৰ পৰিকল্পনা কৰিছিল। ইপিনে বাংলাদেশৰ প্রধানমন্ত্রী শ্বেখ হাছিনাই আজি ঢাকেশ্বৰী মন্দিৰত শাৰদীয় দুর্গোৎসৱ পৰিদৰ্শন কালত উগ্ৰপন্থীৰ বিৰুদ্ধে পুনৰ কঠোৰ সকীয়নি জাৰি কৰিছে। তেওঁৰ মতে বাংলাদেশত কোনাে উগ্ৰপন্থীক আশ্রয় দিয়া নহ’ব।
Share on Google Plus

About Unknown

0 comments:

Post a Comment