দেৱালী বাম্পাৰঃ

দেৱালী বাম্পাৰঃ ড :ছবি গগৈ 


এইবাৰ জলকীয়া আৰু ভেন্দি এতিয়ালৈকে কিনা নাই । অহাবছৰলৈ হালধিও নিকিনাকৈ হ'ব । আৰু কি কি নিকিনাকৈ থাকিব পাৰোঁ চাওঁ । সৰিয়হ সিঁচিম , বোলোঁ অলপ হ'লেও খাটি তেল খাওঁ । ভাবিছোঁ শাককেইডাল নিকিনাকৈয়ে বাৰীৰে খাওঁ । এলেহুৱা হৈ বেপাৰীক নিদিওঁ দাম । পথাৰত ধৰি আনি বেচা পুথি-খলিহনাকে খাম, গাঁৱৰ দদাইৰ পৰিয়ালটোক তেনেকৈয়ে চাম । অহংকাৰ আছে মোৰ, ঘৰত নলওঁ চালানী বেপাৰীৰ নাম ।

পিতাইৰ বাৰীৰ নাহৰ গছবোৰ কাটি মোকলাই চাহপুলি পিৰালিলৈকে লগালে । না শাক আছে না নাহৰ গুটি আছে !! পিৰালিত এতিয়া ভাতৰ চৰু চুৰ কৰিবলৈ কপিকূল জোপ লৈ বহি থাকে । চাহপাতৰ দাম কমিল, লোকচান দেখি পিতায়ে গালত হাত থৈ আমন-জিমনকৈ বহি থাকে । বজাৰত জুই ছাঁই দাম বুলি মোনা পাতলাই ঘূৰি আহে । হাঁহ-কুকুৰা বেমাৰত মৰে বুলি পুহিবলৈ এৰি আয়ে ব্ৰইলাৰকে খায় । মঙহ আনলৈ ঠেলি মৰমতে আয়ে তলীৰ তেলীয়া জোল কণকে খায় । দিনে দিনে আইৰ পেটটো বাঢ়ি গৈছে, খোজ কেইটা হেৰেক-ফেৰেক হৈছে । চিন্তাত পিতাইৰ বাহু দুটা শুকাইছে । ব্ৰইলাৰৰ মঙহ নহ'লে পেটলৈ ভাত নোযোৱা হৈছে । দেৱালীত তেল কিনিব নোৱাৰি দোকানত সস্তীয়া লাইট বিচাৰি চীনা মোমাইদেউৰ সৰু সৰু চকুকেইটাকে কিনি আনিছে । অলপ হ'লেও ঘৰখন পোহৰ হওক, ভৰিত মৰা কুঠাৰৰ ঘাপৰ বিষটো পাহৰি থাকক !!

বাৰীখনৰ পাছফালে চাহবাগান, আগফালে ধোবাংবাং । পুখুৰীত মাছ ধৰি বান্দৰে নাখায় বোলোঁ পুখুৰীকে খান্দ । আগফালে খাল খান্দি অমংগল নামাতিবি , কোনোবাই দিলে নহয় উপদেশ .... এতিয়া বান্দৰকে গোহালিত বান্ধ !!

লোকেল বুলিলেই দাম , তাতো লেঠা । নহ'বনো কেলৈ ? গাঁথিৰ ধন আৰু দেহৰ ঘামৰ জানো দাম নাই ? হাত পাতি মুখলৈ চাই থাকিলে হ'ব জানো চৰকাৰলৈ ? চালানীত কৰ পায় , লোকেলত চৰকাৰৰো যে দাম নাই ! উপায় নাই !!

নদীৰ পানীয়ে খেতি মাৰে, সেয়ে চাউলৰ দাম । নদীত মাছ মাৰি বেপাৰীয়ে নল'ব নে দাম ? লাভ বঢ়োৱাই যে বেপাৰীৰ কাম !!

পিতাই দুখ নকৰিবি ! জীয়াই থকা দিনকেইটা ভালকৈ থাকিবি । আইক চাবি , ব্ৰইলাৰ হ'বলৈ নিদিবি , ঢেকীয়াকে খুৱাবি । কচু ঢেকীয়াৰ টেক্স নাই, চৰ্বিও নাই । নে বাৰীৰ ঢাপত সেই কেইডালো নাই ???
Share on Google Plus

About Unknown

0 comments:

Post a Comment