গুৱাহাটী মহানগৰীৰ ছয়মাইলৰ চন্দন নগৰত থকা ৰয়েল এনফিল্ড বুলেটৰ উলাৰত কালি এক অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ডত নিহত হয় গুৱাহাটীৰ বামুণীমৈদামৰ বাসিন্দা ভুলু কর্মকাৰ (৫৫) আৰু নলবাৰী জিলাৰ মুকলিমুৱা আদাবাৰীৰ মতলব আলী (২০)। ভি আই পি পথৰ সমীপত থকা ছহিলা এক্সপ' ভিজন প্রাইভেট লিমিটেডৰ ভীলাৰখনৰ পিচভাগত থকা কোঠা এটাত অতি ৰহস্যজনকভাৱে সংঘটিত হয় এই ঘটনা। আৰক্ষী সূত্রে জানিব আলীয়ে ৱৰ্কশ্বপৰ বাবে ব্যৱহাৰ কৰিবলগীয়া এটা কোঠাত ‘স্পনজ’লগাই আছিল। কাম কৰি থকা অৱস্থাতে হঠাতে কোঠাটােত কোনাে কাৰণত জুইৰ সূত্রপাত হয়। নিমিষতে ঠেক কোঠাটাে জুয়ে সম্পূৰ্ণৰূপে আগুৰি ধৰে। ভিতৰৰ পৰা বন্ধ থকা কোঠাটােৰ পৰা ওলাই সাৰিবলৈ সক্ষম নহ’ল ভুলু আৰু মতলিব। অগ্নিদগ্ধ হৈ প্রাণ গ’ল দুয়োজনৰে। সমগ্র এলেকাটাে ধোঁৱাময় হােৱাৰ পিচতহে ঘটনা সন্দৰ্ভতঅৱগত হয় স্থানীয় লোকসকল। ঘটনাৰ খবৰ পোৱা মাত্রকে দিছপুৰ আৰক্ষী আৰু অগ্নিনির্বাপক সংগঠনৰ কৰ্মচাৰী ঘটনাস্থলীত উপস্থিত হৈ জুই নির্বাপণ কৰে। কোঠাটােৰ ভিতৰৰ পৰা সম্পূৰ্ণৰূপে দগ্ধ অৱস্থাত উদ্ধাৰ হয় দুয়ােজনৰে মৃতদেহ। কি কাৰণত কোঠাটােত অগ্নিকাণ্ড সংঘটিত হ’ল, সেয়া এইপৰ্যন্ত স্পষ্ট হােৱা নাই।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment