ইংৰাজ শাসকৰ দৃষ্টিত তাহানিৰ অসমৰ অনুপ্রৱেশ সমস্যা আৰু কিছু কথা



অবৈধ বাংলাদেশীৰ সমস্যা নতুন নহয়৷ বিভিন্ন সূত্রৰ পৰা এইটো পৰিস্ফুট যে 1900 চনৰ প্রথমার্ধৰ পৰা অসমলৈ অতীজৰ পূব বংগ, আজিৰ বাংলাদেশৰ পৰা অবিৰতভাৱে পমুৱা মুছলমানৰ সোঁত ব’বলৈ ধৰে৷ অৱশ্যে তাৰ আগতে ছেগা-ছোৰোকাকৈ হোৱা মুছলমানৰ আগ্রাসন নুই কৰিব নোৱাৰি৷ পমুৱা মুছলমানৰ প্রব্রজন দেখি সেই কালৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসকসকল সচকিত হৈ উঠিছিল৷ এইখিনিতে 1911 চনৰ ভাৰতৰ লোকপিয়ল আয়ুক্তই প্রকাশ কৰা এটা মন্তব্য এনেধৰণৰ – ‘মুছলমানৰ প্রব্রজনে অসমৰ ভৱিষ্যৎ চিৰদিনৰ বাবে সলাই দিব পাৰে আৰু 1820 চনৰ মানৰ আক্রমণকো চেৰ পেলাই অসমৰ সংস্কৃতি-সভ্যতা ধবংস কৰিব পাৰে৷’ সিমানেই নহয়, 1931 চনৰ ভাৰতৰ লোকপিয়লৰ অধ্যক্ষ এ চি মোলান চাহাবে একেই শংকাকে প্রকাশ কৰাটো অতি তাৎপর্যপূর্ণ৷ মুছলিম লীগৰ ছাৰ ছাদুল্লাই ব্রিটিছ চৰকাৰক যুক্তি প্রদর্শন কৰি কৈছিল যে একমাত্র পূব বংগৰ ভগনীয়াবিলাকৰ দ্বাৰাহে অসমত কৃষি বিপ্লৱ সূচনা কৰা সম্ভৱ৷ গতিকে মুছলমানক অধিক হাৰত অসমলৈ অনুপ্রৱেশ আৰু সংস্থাপনৰ সুবিধা দিব লাগে৷ 1940 চনত লাহোৰত বহা মুছলিম লীগৰ অধিৱেশনত এই প্রস্তাৱ গৃহীত হয়৷ সেই সন্দর্ভত তেতিয়াৰ ভাৰতৰ ভাইচৰয় লর্ড ৱাডেল চাহাবে ছাদুল্লাক কৌতুক কৰি কৈছিল– ‘আপোনাৰ পৰিকল্পনাৰ আঁৰৰ কথাটো হ’ল, অসমত মুছলমানৰ সংখ্যা বৃদ্ধি কৰা, অধিক শস্য উৎপাদন নহয়৷’ বুদ্ধিত বৃহস্পতি ছাৰ ছাদুল্লাৰে শেষত জয় হ’ল আৰু অসমলৈ আগতকৈ দুগুণ হাৰত পমুৱা মুছলমানৰ সোঁত ব’বলৈ ধৰে৷ অসমখনক এখন মুছলিম প্রধান ৰাজ্যত পৰিণত কৰাৰ ষড়যন্ত্র 1910 চনৰে পৰা আৰম্ভ হৈছিল৷ প্রব্রজনৰ সমস্যাই অসমখনক কাল সাপৰ দৰে মেৰিয়াবলৈ ধৰে৷ অতি পৰিতাপৰ কথা যে প্রকৃতার্থত এজন অসমপ্রেমীৰ বাহিৰে বাকী ৰাজনৈতিক ৰথী-মহাৰথীসকল আজিলৈকে কুম্ভকর্ণ নিদ্রাত নিমগ্ন৷ একমাত্র ব্যতিক্রমী লোকজন আছিল বিষ্ণুৰাম মেধি৷
বিদেশী আগ্রাসনৰ ভয়াৱহতাৰ প্রতি লক্ষ্য ৰাখি 1962 চনত অসমৰ কংগ্রেছীসকলে তেতিয়াৰ ভাৰতৰ প্রধানমন্ত্রী জৱাহৰলাল নেহৰুক বিদেশী বিতাৰণৰ এক প্রস্তাৱ দিছিল৷ ইয়াৰ উত্তৰত নেহৰুৱে প্রতিক্রিয়া প্রকাশ কৰি কৈছিল– ‘1952 চনৰ আগতে অহা ভগনীয়াবিলাকক বিচাৰি উলিওৱা সিদ্ধান্ত ল’ব পৰা নহ’ব৷ গতিকে আমি 1952 চনকে আমাৰ অনুসন্ধানৰ সীমা বুলি ধার্য কৰিব লাগিব৷’ দুর্ভাগ্যজনক কথা যে নেহৰুৰ সেই সিদ্ধান্তৰ ওপৰত তীব্র ৰাজনৈতিক হেঁচা আৰম্ভ হ’ল, ফলত সেই সিদ্ধান্ত সিদ্ধান্ত হৈয়েই থাকিল৷ 1950 চনত গোপীনাথ বৰদলৈৰ মৃত্যুৰ পিছত বিষ্ণুৰাম মেধিয়ে অসম শাসনৰ বাঘজৰী চম্ভালি লয়৷ তেখেতে পূব পাকিস্তানৰ পৰা অহা বিদেশী আগ্রাসন বন্ধ আৰু বিতাৰণৰ কাৰণে কার্যব্যৱস্থা হাতত লৈ নেহৰুক খাটনি ধৰিছিল৷ কিন্তু ফখৰুদ্দিন আলি আহমেদ প্রমুখ্যে কেইজনমান নেতাৰ উচটনিত নেহৰুৱে মেধিৰ প্রস্তাৱ পোনছাতেই অগ্রাহ্য কৰিছিল৷ আনকি বিষ্ণুৰাম মেধিক কোনো দিনেই ভাল চকুৰে চোৱা নাছিল৷ ৰাজনীতি নামৰ খেলখনৰ মহিমা অপাৰ৷ যি নেহৰুৱে 1952 চনৰ পিছত অহা বিদেশী বিতাৰণৰ কথা যুক্তিসহকাৰে মানি লৈছিল, সেই নেহৰুৱে নিজৰ ব্যক্তিত্বক জলাঞ্জলি দিবলৈ অকণো চিন্তা নকৰিছিল৷ আগতে উনুকিয়াই অহা অসমৰ ব্যতিক্রমী নেতাজনেই হ’ল বিষ্ণু মেধি৷ বর্তমান অসমৰ 9খন জিলা বাংলাদেশীৰ কবলত, অর্থাৎ তেওঁলোক তাত সংখ্যাগৰিষ্ঠ৷ এইখিনিতে 1950 চনৰ অসমৰ ভগনীয়াৰ তথ্যৰ গইনা লৈ এটা কথা উল্লেখ কৰিব খুজিছোঁ৷ 1901 চনত অসমৰ জনসংখ্যা আছিল 330000জন৷ 1971 চনত পূব পাকিস্তান অর্থাৎ বাংলাদেশৰ পৰা অহা ভগনীয়া সংস্থাপনৰ ফলত অসমৰ জনসংখ্যা হয়গৈ 15000000জন৷ চৰকাৰী তথ্য মতে, 1951 আৰু 1971 চনৰ ভিতৰত অসমত জনসংখ্যা বৃদ্ধিৰ হাৰ আটাইতকৈ বেছি৷ অর্থাৎ ভাৰতবর্ষৰ বাকী অংশতকৈ চাৰিগুণ অধিক৷ 1961 চনৰ অসমৰ জনসংখ্যা প্রতি বর্গ কিল’মিটাৰত 306.3জনৰ বিপৰীতে 1981 চনত 504জন হয়গৈ৷ অতি ভয়লগা কথা যে 1901-1911 চনৰ সময়ছোৱাত যেতিয়া ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ হাৰ 5.7 আছিল তেতিয়া অসমৰ বৃদ্ধিৰ পৰিমাণ হয়গৈ 16.8৷ সেইদৰে 1961-1971 চনত বৃদ্ধিৰ হাৰ আছিল প্রায় 35 শতাংশ৷ অৱস্থাৰ পৰিৱর্তন নহ’লে অসম হয়তো আৰু 20û30 বছৰৰ ভিতৰত মুছলিম প্রধান ৰাজ্য হ’বগৈ, তেতিয়া আমাৰ অর্থাৎ খিলঞ্জীয়া অসমীয়া ত্রিপুৰাৰ ব’ৰ’ক জনজাতিৰ দৰে হ’ব৷ কোৱা বাহুল্য যে বর্তমান ত্রিপুৰাত আদিম জনজাতি আৰু ভগনীয়াৰ মাজৰ জনসংখ্যা অনুপাত হ’ল 28åÃ72৷ আমাৰ সেই দিন আহিবলৈ আৰু বেছি পৰ নাই৷ বর্তমান হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়াৰ বিজেপিৰ সিদ্ধান্তই বাংলাদেশীক আমাৰ পাকঘৰলৈকে প্রৱেশ কৰাৰ পথ প্রশস্ত কৰি যে দিব তাত অকণো সন্দেহ নাই৷                [উৎস :: দৈনিক জনমভূমি ]

Share on Google Plus

About Unknown

0 comments:

Post a Comment