নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 গৃহীত কৰাৰ সন্দর্ভত সাধাৰণ জনতা আৰু বিভিন্ন দল, সংগঠনৰ পৰা পৰামর্শ ল’বলৈ গৈ এতিয়া সমস্যাত পৰিছে সংসদৰ যুটীয়া বাছনী কমিটী৷ কিয়নো দেশৰ বিভিন্ন স্থানৰ পৰা ন হাজাৰৰো অধিক পৰামর্শসহ আৱেদন লাভ কৰিছে যুটীয়া বাছনী কমিটীয়ে৷ ইয়াৰে ভিতৰত বাৰশৰো অধিক এনে আৱেদনকাৰী আছে যিসকলে বাছনী কমিটীৰ শুনানিত উপস্থিতি থাকি নিজৰ পৰামর্শ তথা মতামত প্রদান কৰিব খুজিছে৷ বাছনী কমিটীৰ এটা শীর্ষ সূত্রই আজি এই কথা জানিবলৈ দি প্রকাশ কৰিছে যে, কমিটীয়ে যি শুনানি আৰম্ভ কৰিছে এই শুনানিলৈ ইমান বৃহৎ সংখ্যক দল, সংগঠন আৰু ব্যক্তি সকলোকে নিমন্ত্রণ জনোৱাটো সম্ভৱ নহয়৷ সেয়েহে, কমিটীয়ে বাছনি কৰিহে নির্বাচিত কিছু সংখ্যক দল, সংগঠন আৰু ব্যক্তিক শুনানিলৈ আমন্ত্রণ কৰিছে৷ যাক লৈ এতিয়া সমস্যাৰ সৃষ্টি হৈছে৷ অৱশ্যে, নিমন্ত্রণ জনোৱাসকলৰ ভিতৰত বিধেয়কখনক সমর্থন জনোৱা আৰু বিৰোধিতা কৰা দুয়োটা পক্ষৰে যাতে লোক থাকে সেই কথাত গুৰুত্ব দিয়া হৈছে৷ আনহাতে, অসম, ত্রিপুৰা, পশ্চিম বংগ আৰু গুজৰাটৰ অধিক দল, সংগঠন আৰু ব্যক্তিয়ে পৰামর্শ তথা মতামত প্রেৰণ কৰিছে বুলি উল্লেখ কৰি সূত্রটোৱে লগতে জনায় যে অসমৰ পৰা অহা প্রায় 2200 আৱেদনৰ ভিতৰত অধিক সংখ্যকেই হিন্দু বাংলাদেশীক নগাৰিকত্ব দিয়াৰ ক্ষেত্রত বিৰোধিতা কৰিছে৷ আনহাতে, অসম এনে স্থিতিৰ বিপৰীতে ত্রিপুৰাৰ পৰা সহস্রাধিক এনে আৱেদন আহিছে যিসকলে এই বিধেয়কখনক সমর্থন জনাইছে৷ ত্রিপুৰাৰ দৰেই পশ্চিম বংগৰ পৰাও বিধেয়কখনৰ সমর্থনত অহা আৱেদনৰ সংখ্যা অধিক বুলি জানিবলৈ দিয়ে সূত্রটোৱে৷ প্রণিধানযোগ্য যে বাছনী কমিটীয়ে যি শুনানি আৰম্ভ কৰিছে এই শুনানিলৈ নিমন্ত্রণ কৰা দল, সংগঠন আৰু ব্যক্তিৰ সংখ্যা হৈছে একেবাৰে কম৷ নির্দিষ্ট কিছু সংখ্যক লোককহে শুনানিলৈ মতা হৈছে৷ ইতিমধ্যে বিগত শুনানিত অসমৰ পাঁচটা সংগঠনে এই বিধেয়কখনৰ সমর্থনত মতামত প্রকাশ কৰি থৈ গৈছে৷ আনহাতে, কাইলৈ আৰু পৰহিলৈ দুদিনীয়া কার্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া শুনানিত অসমৰ জাতীয় সংগঠন সদৌ অসম ছাত্র সন্থা, অগপকে ধৰি আন কেইবাটাও সংগঠনক নিমন্ত্রণ জনোৱা হৈছে৷ ইতিমধ্যে অসমত এই বিধেয়কখনক লৈ পৰিস্থিতি উত্তপ্ত হৈ পৰিছে৷ বিভিন্ন দল সংগঠনে এই বিধেয়কখনৰ বিৰোধিতা কৰাৰ বিপৰীতে বঙালী সম্প্রদায়ক প্রতিনিধিত্ব কৰা বহুকেইটা সংগঠনে বিধেয়কখনক সমর্থন জনাইছে৷ সকলোতকৈ ডাঙৰ কথা যে এই বিধেয়কখন গৃহীত কৰাৰ ক্ষেত্রত প্রায়কেইটা ৰাজনৈতিক দলেই সমর্থন আগবঢ়ালেও বিধেয়কখনৰ কিছু কিছু দফাক লৈ আপত্তি দর্শাইছে৷ কিন্তু ইয়াৰ পাছতো কেন্দ্রীয় চৰকাৰে বিধেয়কখন গৃহীত কৰিবলৈ উঠিপৰি লাগিছে৷ এই বিধেয়কখন গৃহীত হ’লে 2014 চনলৈকে অহা সকলো হিন্দু বাংলাদেশী লোকেই নাগৰিকত্ব লাভ কৰিব যাৰ বাবে ফলত দেখদেখকৈ উলংঘা কৰি হ’ব অসম চুক্তি৷ কিয়নো অসম চুক্তি অনুসৰি 1971 চনৰ 25 মার্চৰ পাছত অহা সকলো লোককে বিদেশী বুলি গণ্য কৰা হ’ব৷ পিছে এই সকলোৰে পাছতো একমাত্র হিন্দু বুলিয়েই কেন্দ্রই লাখ লাখ বাংলাদেশীক স্বদেশী কৰিব খুজিছে৷[উৎস :: দৈনিক জনমভূমি ]
তীব্র বিৰোধিতা :: হিন্দু বাংলাদেশীক নগাৰিকত্ব প্ৰদানৰ বিৰুদ্ধে অসমৰ পৰা 2200 খন আবেদন

0 comments:
Post a Comment