হিন্দু বাংলাদেশীক অস্ত্র কৰি পুনৰ যদুকুল ধবংসৰ আখৰা::আঞ্চলিকতাবাদীৰ ক্ষমতাকেন্দ্রিক যুঁজ


অসম গণ পৰিষদ (অগপ)ত পুনৰ আৰম্ভ হৈছে ক্ষমতাকেন্দ্রিক যুঁজ৷ অহা 27 নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া অভিৱর্তনক কেন্দ্র কৰি দলটোত কেইবাটাও শিবিৰৰ সৃষ্টি হৈছে৷ শেহতীয়াকৈ ৰাজ্যৰ ৰাজনীতিত চর্চিত হোৱা হিন্দু বাংলাদেশী প্রসংগক কেন্দ্র কৰি এটা চামে দলৰ বর্তমানৰ নেতৃত্বৰ বিৰুদ্ধে কুচকাৱাজ আৰম্ভ কৰিছে৷ উল্লেখযোগ্য যে এইবাৰৰ নির্বাচনৰ সময়ত বিজেপিৰে অগপৰ মিত্রতা দলটোৰ একাংশ নেতাই বিচৰা নাছিল৷ কিন্তু সেই সময়ৰ ৰাজনৈতিক পৰিস্থিতি আৰু মিত্রতাৰ সপক্ষে জনমতৰ সৃষ্টি হোৱাৰ বাবে তেওঁলোকে মুকলিভাৱে তেতিয়া মিত্রতাৰ বিৰোধিতা কৰিব নোৱাৰিলে৷ পৰৱর্তী সময়ত নির্বাচনত দলটোৱে ভাল ফল প্রদর্শন কৰে আৰু সাতজনলৈ বিধায়ক জিকি আহিবলৈ সক্ষম হয়৷ তাৰ পাছতে মন্ত্রীসভাত অগপৰ দুজন জ্যেষ্ঠ নেতা ক্রমে সভাপতি অতুল বৰা আৰু কার্যকৰী সভাপতি কেশৱ মহন্তই স্থান লাভ কৰাৰ পাছৰে পৰা মিত্রতা ছেদ কৰিবলৈ এটা শিবিৰ সুযোগৰ অপেক্ষাত আছিল৷ সেই শিবিৰটোৰ বাবেই এতিয়া সোণালী সুযোগ আনি দিছে হিন্দু বাংলাদেশী প্রসংগই৷ উক্ত প্রসংগটোকে উত্থাপন কৰি দলটোৰ একাংশ নেতাই এতিয়া লক্ষ্য কৰি লৈছে সভাপতি অতুল বৰাক৷ তাৰ বাবে উক্ত শিবিৰটো প্রায় ঐক্যবদ্ধ হৈছে৷ নির্ভৰযোগ্য সূত্রৰ পৰা জানিব পৰা মতে, দলটোত এতিয়া তিনিটাকৈ শিবিৰৰ সৃষ্টি হৈছে৷ এটা শিবিৰে বিজেপিৰ লগত মিত্রতা অব্যাহত থকাৰ পোষকতা কৰিছে৷ অন্যটো শিবিৰে মন্ত্রী হোৱাৰ আৰু নিগম-নিকায়ৰ অধ্যক্ষ হোৱাৰ আশাত দুুয়োকুল বজাই চলিছে৷ তৃতীয়টো শিবিৰে কোনো কাৰণতে বিজেপিৰ লগত মিত্রতা অব্যাহত ৰখাৰ পক্ষপাতি নহয়৷ এই শিবিৰটোৱে নিজৰ ন্যস্ত স্বার্থ পূৰণৰ বাবে অস্ত্র কৰি লৈছে হিন্দু বাংলাদেশী প্রসংগ৷ উল্লেখযোগ্য যে সেই শিবিৰটোৰ প্রধান লক্ষ্য হৈছে দলটোৰ দুজনকৈ মন্ত্রী৷ উক্ত দুজন নেতা মন্ত্রীসভাত অন্তর্ভুক্ত হোৱাৰ পাছতেই সেই শিবিৰটোৰ একাংশ নেতাই মিত্রতাৰ বিৰুদ্ধে কুচকাৱাজ আৰম্ভ কৰিছিল৷ মন কৰিবলগীয়া যে অগপৰ অধিকাংশ নেতা দীর্ঘদিন ক্ষমতাত নাই৷ তেওঁলোকৰে বেছিসংখ্যকৰে আশা আছিল মিত্রজোঁটৰ চৰকাৰৰ মন্ত্রী হোৱাৰ৷ কিন্তু পৰিৱর্তিত পৰিস্থিতিত বিজেপিৰ বৃহৎ সংখ্যক বিধায়ক বিজয়ী হৈ অহাত অগপৰ পৰা দুই বা তিনিজনকহে মন্ত্রীসভাত অন্তর্ভুক্তিৰ সিদ্ধান্ত লয়৷ যাৰ বাবে স্বাভাৱিকভাৱেই দলটোৰ সভাপতি আৰু কার্যকৰী সভাপতিয়ে মন্ত্রীসভাত স্থান লাভ কৰে৷ এতিয়াও দুজন বা এজন অগপ বিধায়কৰ মন্ত্রীসভাত অন্তর্ভুক্তিৰ পথ খোলা আছে যদিও বৃহৎ সংখ্যক মন্ত্রিত্বপ্রত্যাশী অগপৰ বিধায়কে মন্ত্রীসভাত স্থান নোপোৱাটো নিশ্চিত হোৱাত মিত্রতাৰ বিৰুদ্ধে কুচকাৱাজ আৰম্ভ কৰিছে৷ অৱশ্যে এতিয়াও কেইজনমান নেতাই মন্ত্রী হোৱা আৰু চেয়াৰমেন পদবী লাভ কৰাৰ আশাত দুয়োকুল বজাই ৰাখিছে৷ প্রধানতঃ দলীয় ক্ষমতা আৰু চৰকাৰী ক্ষমতাৰ ৰাজনীতিক কেন্দ্র কৰি পুনৰ দলটোত নেতৃত্ব সলনিৰ কুচকাৱাজ আৰম্ভ হৈছে আৰু এই প্রক্রিয়াত অস্ত্র কৰি লৈছে হিন্দু বাংলাদেশী প্রসংগ৷ উল্লেখযোগ্য যে নাগৰিকত্ব আইন সংশোধন কৰি হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়াৰ সিদ্ধান্ত চূড়ান্ত হ’লে কোনো কাৰণতে অগপ বিজেপিৰ মিত্র হৈ থাকিব নোৱাৰে৷ কাৰণ অসম গণ পৰিষদ দল অসম চুক্তিৰ প্রতি দায়বদ্ধ৷ অসম আন্দোলনৰ ফলতেই দলটোৰ জন্ম হৈছিল৷ সেইবাবে অগপই হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়াৰ প্রচেষ্টাৰ তীব্র বিৰোধিতা কৰিব লাগিব৷ ইতিমধ্যে দলটোৰ সভাপতিয়ে অসম চুক্তি ৰূপায়ণৰ ওপৰত অগপ দায়বদ্ধ বুলি উল্লেখ কৰি প্রসংগটোৰ বিৰোধিতা কৰিছে৷ তাৰ পাছতো যদিহে এই সিদ্ধান্ত চূড়ান্ত হয় তেন্তে মিত্রতা ছেদৰ সিদ্ধান্ত এক সুকীয়া কথা৷ কিন্তু কেন্দ্রই চূড়ান্ত সিদ্ধান্ত নলওঁতেই দলটোত আৰম্ভ হোৱা তৎপৰতাৰ আঁৰত হিন্দু বাংলাদেশীৰ প্রসংগতকৈ একাংশ নেতাৰ ন্যস্ত স্বার্থই যে সর্বাধিক গুৰুত্ব পাইছে সেইটো প্রায় পৰিষ্কাৰ হৈ পৰিছে৷ উল্লেখযোগ্য যে সুদীর্ঘ ষোল্ল বছৰৰ পাছত মিত্রতাই দলটোত প্রাণৰ সঞ্চাৰ কৰিছিল৷ দলটোৰ পৰা দুজনে মন্ত্রিত্ব লাভ কৰাত চৰকাৰৰ অংশীদাৰ হোৱাৰ সুযোগ লাভ কৰিছিল৷ তেনে পৰিৱেশৰ পাছতো বর্তমান একাংশই পুনৰ দলটোৰ মাজত বিভাজন সৃষ্টি কৰাটো আঞ্চলিকতাবাদক সমর্থন কৰা ৰাইজে সহজে ল’ব পৰা নাই৷




Share on Google Plus

About Unknown

0 comments:

Post a Comment