নাগৰিকত্ব আইন সংশোধনীৰে হিন্দু বাংলাদেশীক সংস্হাপিত কৰাৰ বাবে কেন্দ্রীয় চৰকাৰে লোৱা সিদ্ধান্তৰ ৰাজ্যজুৰি তীব্র প্রতিবাদ সাব্যস্ত হোৱাৰ সময়ত আজি এখন সংবাদমেল অনুষ্ঠিত কৰি বিজেপিৰ ৰাজ্যিক মুখপাত্র ৰূপম গোস্বামীয়ে কয় যে নির্চনত দিয়া প্রতিশ্রুতি অনুসৰি বিজেপিয়ে খিলঞ্জীয়া জাতি-ভাইসকলৰ স্বার্থ সুৰক্ষিত কৰিব৷ ভিজন ডকুমেণ্টত উল্লেখ থকা অসম চুত্তিুৰ প্রসংগৰ কথা উল্লেখ কৰি মুখপাত্র গোস্বামীয়ে কয়, ‘যোৱা চাৰি মাহত সর্নন্দ সোণোৱাল-নেতৃত্বাধীন চৰকাৰে প্রাক৲ নির্চনী প্রতিশ্রুতিসমূহ আখৰে আখৰে ৰূপায়ণ কৰিবলৈ দৃঢ় পদক্ষেপ গ্রহণ কৰিছে৷ খিলঞ্জীয়া লোকসকলৰ সুৰক্ষাৰ বাবে কাজিৰঙাৰ মাটি বেদখলমুত্তু কৰা, সত্র বেদখলমুত্তু কৰাৰ পদক্ষেপ লোৱাৰ লগতে এন আৰ চি উন্নীতকৰণৰ কাম ত্বৰান্বিত কৰাত গুৰুত্ব দিছে৷’ বাংলাদেশৰ পৰা অবাধ হাৰত হোৱা মুছলমানৰ প্রব্রজন আৰু জনসংখ্যা বৃদ্ধিয়ে অসমৰ জনগাঁথনিত পেলোৱা উদ্বেগজনক প্রভাৱৰ কথা উল্লেখ কৰি মুখপাত্র গোস্বামীয়ে কয় যে আগ্রাসন ৰোধৰ বাবে পদক্ষেপ ল’বই লাগিব৷ অসমীয়া ভাষাৰ সন্দর্ভত প্রকাশ পাই অহা সংশয়ৰ কথা পোনছাতেই নাকচ কৰি গোস্বামীয়ে কয় যে 1970 চনৰ পাছত ৰাজ্যখনত কোনো বাংলা ভাষাৰ বিদ্যালয় স্হাপন হোৱা নাই৷ অসম আন্দোলনৰ ঘোৰ বিৰোধিতা কৰা বামপন্হী চিন্তাধাৰাত বিশ্ববাসীসকলে চৰকাৰখনক অস্হিৰ কৰাৰ কাৰণে এনেধৰণৰ সস্তীয়া ৰাজনীতিত নামি পৰাৰ অভিযোগ তুলি অসমীয়া জাতিৰ স্বার্থত এনে সংকীর্ণ ৰাজনীতি পৰিহাৰ কৰিবলৈ আহ্বান জনায়৷ বাংলাদেশত ধর্মীয় উৎপীড়নৰ বলি হোৱাসকলক বিজেপিয়ে সুৰক্ষা দিবই বুলি সংবাদমেলত গোস্বামীয়ে দাবী কৰে৷ সংবাদমেলত দলৰ আন দুগৰাকী মুখপাত্র মনোজ বৰুৱা আৰু পৱিত্র মার্ঘেৰিটা, যুৱ মর্ৰ সভাপতি দিপ্লু ৰঞ্জন শর্, মহিলা মর্ৰ সভাপতি ধীৰা তালুকদাৰ আৰু সংখ্যালঘু মর্ৰ সভাপতি মুমিনুল আৱাল উপস্হিত থাকে৷[উৎস ::দৈনিক জনমভূমি]
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment