ইজিপ্তৰ মামি বিলাকৰ কথা আমি সকলোৱে জানো ৷ কিন্তু পম্পেই চহৰৰ প্লাষ্টাৰৰ মূৰ্তি বিলাকৰ কথা শুনিছেনে ?
ইটালিৰ নেপলছ্ চহৰৰ পৰা 9 কিলোমিটাৰ নিলগত অৱস্থিত মাউন্ট ভিছুভিয়াছ এক অতি বিপদজনক আগ্নেয়গিৰি ৷ ইউৰোপৰ মূল ভূখণ্ডত থকা আগ্নেয়গিৰি বিলাকৰ ভিতৰত যোৱা এশ বছৰত উদ্গিৰণ হোৱা এইটোৱেই হ'ল একমাত্ৰ আগ্নেয়গিৰি ৷ বৰ্তমান প্ৰায় 30 লক্ষাধিক জনসংখ্যাৰ এক অঞ্চলত অৱস্থিত ভিছুভিয়াছ পুনৰ এবাৰ যিকোনো মূহুৰ্ততে বিষ্ফোৰণ হব পাৰে ৷ সেয়েহে ভিছুভিয়াছক বিশ্বৰ আটাইতকৈ ভয়াবহ আগ্নেয়গিৰি বোৰৰ অন্যতম বুলি ধৰা হয় ৷ এই আগ্নেয়গিৰিটোৰ শেষবাৰৰ বাবে উদ্গিৰণ হৈছিল 1944 চনত ৷ ইয়াৰ আগতেও মাউন্ট ভিছুভিআছৰ 30 বাৰতকৈ বেছি উদ্গিৰণ হৈছে যদিও এইবোৰৰ ভিতৰত আটাইতকৈ বৃহৎ আছিল 79 খৃষ্টাব্দৰ বিস্ফোৰণটো ৷ এই বিষ্ফোৰণ আছিল এক মহাবিষ্ফোৰণ ৷ সেইবছৰৰ 24 আগষ্টৰ দিনা দুপৰীয়া প্ৰচণ্ড শব্দৰে মাউন্ট ভিছুভিয়াছ বিষ্ফোৰিত হয় ৷ মাটিৰ পৰা 33 কিলোমিটাৰ উচ্চতালৈকে ধোৱা, ছাই আৰু লাভাৰ উদ্গিৰণ হৈ পৃথিৱী কঁপাই যেতিয়া এই মহাবিস্ফোৰণ হৈছিল সেই সময়ত ইয়াৰ পৰা নিৰ্গত হোৱা তাপ শক্তিৰ পৰিমাণ আছিল হিৰোশ্বিমাৰ আণৱিক বিষ্ফোৰণতকৈও এক লাখ গুণ বেছি ৷ প্ৰতি চেকেণ্ডত 15 লাখ টনতকৈও বেছি ওজনৰ লাভা নিৰ্গত হোৱা এই অকল্পনীয় বিস্ফোৰণৰ ফলত ইয়াৰ পৰা মাত্ৰ কেই কিলোমিটাৰমান দুৰত থকা পম্পেই আৰু হাৰ্কুলিয়াম নামৰ চহৰ দুখন ছাঁইৰে সম্পূৰ্ণ ৰূপে পোত খাই পৰে ৷ ওঠৰ ঘন্টা ধৰি এই উদ্গিৰণ হৈ থকাৰ পিছত ইয়াৰ পিছদিনা ৰাতিপুৱা ভিছুভিয়াছৰ মুখ খন ভাঙি যায় ৷ লগে লগে গলিত লাভা আৰু ছাঁইৰ এক প্ৰৱল সোত মথাউৰি ভাঙি হো হোৱাই বৈ অহা বানপানীৰ দৰে ঘন্টাত 160 কিলোমিটাৰ বেগেৰে বৈ আহি পম্পেই আৰু হাৰ্কুলিয়ামৰ লগতে এক বিশাল অঞ্চল সম্পূৰ্ণ ৰূপে নিশ্চিহ্ন কৰি পেলায় ৷ হিৰোশ্বিমাৰ মহাবিস্ফোৰণতকৈও এক লাখ গুণ ডাঙৰ বিস্ফোৰণৰ ধ্বংসলীলা কিমান ভয়াবহ হব পাৰে সেই কথা কল্পনা কৰাওঁ টান ৷
সেই সময়ত পম্পেই চহৰৰ জনসংখ্যা আছিল প্ৰায় 20 হাজাৰ ৷ এই লোকসকলৰ বেছিভাগেই ভিছুভিয়াছৰ উদ্গিৰণ হোৱাৰ লক্ষন দেখা পাই আগতীয়াকৈ চহৰখনৰ পৰা পলায়ন কৰিছিল ৷ কিন্তু তাৰ পিছতো 24 আগষ্ট তাৰিখে বিষ্ফোৰণ হোৱাৰ আগমূহুৰ্তলৈকে প্ৰায় 2000 লোক পম্পেই চহৰত থাকি গৈছিল ৷ এই 2000 লোকৰ কোনোজনেই এই অকল্পনীয় বিষ্ফোৰণৰ ধ্বংসলীলাৰ পৰা জীৱন্তে ৰক্ষা পাব নোৱাৰিলে ৷ বিষ্ফোৰণৰ পিছত আকাশৰ পৰা সৰি পৰা শিল আৰু ছাঁইৰ মিশ্ৰণত তেওঁলোক যি যেনেকৈ য'ত আছিল তেনেকৈয়ে পোত খাই যায় ৷ ইয়াৰ পিছদিনা বৈ অহা বোকা আৰু ছাঁইৰ জুলীয়া মিশ্ৰণে তাৰ ওপৰত অতি ডাঠ প্ৰলেপ পেলাই শেষত গোটেই চহৰখনকে বুৰাই পেলায় ৷ বিষ্ফোৰণৰ কিছু সময় পিছৰ পৰাই পম্পেই আৰু হাৰ্কুলিয়াম চহৰত কোনো প্ৰাণীৰে হৃদস্পণ্ডন নাছিল ৷
ইয়াৰ পিছত কেইবা বছৰো পাৰ গৈ গ'ল ৷ প্ৰথমে এটা দশক - দুটা দশক, তাৰপিছত এক শতিকা-দুই শতিকা ৷ ইয়াৰ পিছত এক হাজাৰ বছৰ-ডেৰ হাজাৰ বছৰ ....
ইয়াৰ মাজতে পৃথিৱীত বহু ডাঙৰ ঘটনা ঘটিল, কোটি কোটি লোক আহিল আৰু গ'ল, নানা সাম্ৰাজ্য গঢ় লৈ উঠিল আৰু ধ্বংস হৈ গ'ল, ভিছুভিয়াছতো আকৌ অনেক বাৰ বিস্ফোৰণ হ'ল, কিন্তু পম্পেই আৰু হাৰ্কুলিয়াম চহৰৰ 79 খৃষ্টাব্দত হোৱা সেই ধ্বংসলীলাৰ কোনো নতুন প্ৰমাণ পোৱা নগ'ল ৷ এই ঘটনাৰ 1659 বছৰ পিছত 1738 চনত এদিন স্পেইনৰ ৰজা তৃতীয় চাৰ্লছৰ বাবে নেপলছৰ ওচৰত এটা ৰাজমহল নিৰ্মান কৰিবলৈ মাটি খান্দোতে হঠাৎ বনুৱা সকলে মাটিৰ তলত হেৰাই যোৱা পম্পেই চহৰৰ অস্তিত্ব প্ৰথম বাৰৰ বাবে উদ্ধাৰ কৰে ৷ ইয়াৰ পিছত চেগাচোৰোকাকৈ মাটিৰ তলৰ পৰা পম্পেই আৰু হাৰ্কুলিয়াম চহৰৰ নানা ধ্বংসাৱশেষ উদ্ধাৰ হবলৈ ধৰিলে ৷ 1777 চনত পুৰাতত্ববিদ সকলে মাটিৰ তলত ভিছুভিয়াছৰ লাভা আৰু ছাঁইৰ তলত পোত খাই থকা অৱস্থাৰ পৰা এজনী মহিলাৰ মৃতদেহৰ অৱশিষ্ট উদ্ধাৰ কৰে ৷ সেই ভয়াবহ বিস্ফোৰণৰ 1700 বছৰ পিছত উদ্ধাৰ হোৱা এই মৃতদেহটো আছিল পম্পেই আৰু হাৰ্কুলিয়াম চহৰৰ পৰা উদ্ধাৰ হোৱা প্ৰথম মৃতদেহ ৷ আশ্বৰ্য্যজনক ভাৱে পুৰাতত্ববিদ সকলে লক্ষ্য কৰিলে যে এই মহিলাজনীৰ মৃতদেহটো যদিও মাটিত মিলি গৈছিল তথাপি তেওঁৰ শাৰিৰীক অবয়টো অনুমান কৰিব পৰা অৱস্থাতেই আছিল ৷ কাৰণ যেতিয়া বিষ্ফোৰনৰ পিছত মিহি ছাঁইত এই মহিলাগৰাকী পোত খাই গৈছিল তেতিয়া তেওঁৰ সৰ্বশৰীৰত এক ইঞ্চিও খালী ঠাই নৰখাকৈ ছাঁইবোৰ লিপিট খাই ধৰিছিল ৷ অতি ডাঠ ছাঁইৰ আৱৰণত পোত খাই এই মহিলাগৰাকী কিছু সময়ৰ পিছতে মৃত্যু মুখত পৰিছিল ৷ তাৰ পিছদিনা বোকা আৰু ছাঁইৰ জুলীয়া মিশ্ৰনে তেওঁক কেইবা ফুট মোটা তৰপেৰে সম্পূৰ্ণ ভাৱে ঢাকি পেলালে ৷ দিন বাগৰাৰ লগে লগে মহিলাগৰাকীৰ গাৰ চাৰিওদিশে লাগি থকা ছাঁইবোৰ ঠাণ্ডা হৈ গোট মাৰিবলৈ আৰম্ভ কৰিলে আৰু শেষত মানুহ গৰাকী ছাঁইৰ এক কঠিন আৱৰণৰ মাজত সোমাই পৰিল ৷ ইয়াৰ পিছত লাহে লাহে মহিলাগৰাকীৰ দেহটো মাটিত ( ছাঁইত) মিলি যাবলৈ আৰম্ভ কৰিলে আৰু শেষত 1700 বছৰ পিছত পুনৰুদ্ধাৰ হোৱাৰ সময়লৈ মহিলাগৰাকীৰ কিছু হাড় আৰু দাঁতক বাদ দি দেহৰ সমস্ত অংগ মাটিত মিহলি গৈ গ'ল ৷ কিন্তু তাৰ বহু আগতেই যিহেতু বাহিৰৰ ছাঁইবোৰ সম্পূৰ্ণ গোট মাৰি গৈছিল, সেয়েহে গোট মাৰি যোৱা ছাঁইৰ মাজত মহিলাগৰাকীৰ দেহটো থকা অংশটো ফোপোলা হৈয়েই থাকি গ'ল ৷ এই মৃতদেহটো উদ্ধাৰৰ পিছত লাহে লাহে এনেধৰণৰ নতুন নতুন মৃতদেহ উদ্ধাৰ হৈয়েই থাকিল ৷ প্ৰায় সকলোবোৰ মৃতদেহৰ অৱশিষ্টতেই এটা বস্তু একেই আছিল - গোট মাৰি যোৱা ছাঁইৰ ডাঠ আৱৰণৰ মাজত মৃতদেহবোৰ গলি পচি নোহোৱা হৈ গৈছিল যদিও মাটিৰ সেই অংশটো দেহটোৰ গঠনৰ আকৃতিত ফোপোলা হৈ ৰৈ গৈছিল ৷ এনেদৰে চেগাচোৰোকাকৈ খনন কাৰ্য্য চলি থকাৰ লগতে মৃতদেহো ওলাই গৈ থাকিল ৷ ইয়াৰ প্ৰায় এশ বছৰ পিছত 1864 চনত এদিন খনন কাৰ্য্যৰ দ্বায়িত্বত থকা মুখ্য পুৰাতত্ববিদ গিছপেপে ফিওৰেলিৰ মনলৈ পম্পেইৰ পৰা উদ্ধাৰ হোৱা মৃতদেহবোৰ সংৰক্ষণ কৰিবলৈ এক সুন্দৰ উপায় আহিল ৷ এই উপায়টো হ'ল - তেওঁলোকে মাটিৰ তললৈ খান্দি গৈ থাকোতে যেতিয়াই গম পাইছিল যে সেই ঠাইত এক মৃতদেহৰ অৱশিষ্ট আছে, তেতিয়া তেওঁলোকে সেই ঠাইত এটা সৰু ফুটা কৰি ফুটাটোৰে জুলীয়া প্লাষ্টাৰ অব পেৰিছ ঢালি দিছিল ৷ এই প্লাষ্টাৰ অব পেৰিছ ফুটাটোৰে সোমাই গৈ মাটিৰ তলত থকা ফোপোলা অংশটোত সম্পূৰ্ণ ৰূপে ভৰি গৈছিল ৷ ইয়াৰ দুদিনমান পিছত যেতিয়া প্লাষ্টাৰ অব পেৰিছবোৰ গোট মাৰি গৈছিল, তেতিয়া পুৰাতত্ববিদ সকলে মাটিৰ পৰা গোট মাৰি যোৱা প্লাষ্টাৰ অব পেৰিছ খিনি খান্দি উলিয়াই লৈ আনি তাৰ চাৰিওদিশে গোট মাৰি লাগি থকা ছাঁইবোৰ লাহে লাহে এৰুৱাই দিছিল ৷ আৰু ছাঁইবোৰ গুছোৱা কামটো যেতিয়া শেষ হৈছিল তেতিয়া তাৰ তলৰ পৰা ওলাই পৰিছিল প্লাষ্টাৰ অব পেৰিছেৰে বনোৱা একো একোজন লোকৰ প্ৰতিকৃতি, যি দেখাত 1700 বছৰ আগতে ছাঁইত পোত খাই যোৱা লোকজনৰ অবয়বৰ লগত একেই আছিল ৷ এই প্ৰতিকৃতিবোৰ দেখাত মৃত লোকজনৰ দৰে হোৱাৰ উপৰিও মৃত্যুৰ সময়ত তেওঁৰ দেহটো শেষবাৰৰ বাবে যি ভাঁজত আছিল প্ৰতিকৃতিবোৰো ঠিক সেই একেই ভাঁজতেই তৈয়াৰ হৈ ওলাইছিল ৷ এইবোৰেই হ'ল পম্পেইৰ বিখ্যাত প্লাষ্টাৰ অব পেৰিছৰ প্ৰতিকৃতি ৷ পম্পেইৰ পৰা উদ্ধাৰ হোৱা 1150 টা মৃতদেহৰ 100 টা এই পদ্ধতিৰে চিৰ যুগমীয়া কৰি ৰখা হৈছে ৷ এই প্ৰতিকৃতি বোৰৰ ভিতৰত পুৰুষ, মহিলা, সৰু ল'ৰা-ছোৱালীৰ উপৰিও গাহৰি, কুকুৰ আদিৰ প্ৰতিকৃতিও আছে ৷ পম্পেই চহৰৰ খনন বৰ্তমানেও চলি আছে যদিও এতিয়া নতুন মৃতদেহবোৰ এতিয়া এনেকৈ সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰা হোৱা নাই ৷ চহৰখনৰ বহু সংখ্যক ঘৰ দুৱাৰো বিংশ শতিকাৰ প্ৰথম ভাগতে পুনৰোদ্ধাৰ কৰা হৈছিল যদিও দ্বিতীয় মহাযুদ্ধৰ সময়ৰ প্ৰৱল বোমাবৰ্ষণত এই ঘৰবোৰৰ বিস্তৰ ক্ষতি সাধন হয় ৷ বৰ্তমান চহৰখনৰ এক বৃহৎ অংশ মাটিৰ তলৰ পৰা খান্দি উদ্ধাৰ কৰা হৈছে আৰু প্ৰতি বছৰে প্ৰায় 26 লাখ পৰ্য্যটকে 2000 বছৰ আগতে হেৰাই যোৱা এই চহৰখন আৰু লোকসকলক চাবলৈ ইটালিলৈ যায় ৷ 1997 চনত ইউনেস্কোৱে এই গোটেই অঞ্চলটোকেই বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাবে স্বীকৃতি দিছে ৷ আজিৰ পৰা 2000 বছৰ আগতে মাউন্ট ভিছুভিয়াছৰ মহা উদ্গিৰণৰ সাক্ষী লোকসকলৰ জীৱনৰ শেষ সময়ৰ দেহৰ ভঙ্গীত প্লাষ্টাৰ অব পেৰিছেৰে বনোৱা প্ৰতিকৃতিবোৰৰ অধিকাংশই নেপলছৰ Naples national archaeological Museum ত সংৰক্ষণ কৰা আছে ৷
79 খৃষ্টাব্দৰ পৰা 1944 চনলৈ আন 30 টা উদ্গীৰণৰ পিছতো মাউন্ট ভিছুভিয়াছ ক্ষান্ত হোৱা নাই ৷ বৈজ্ঞানিক সকল নিশ্চিত যে ভিছুভিয়াছে অনাগত দিনত আকৌ এবাৰ প্ৰৱল শক্তিৰে মহাবিষ্ফোৰণ কৰি গৰ্জি উঠিব ৷ কিন্তু এই ঘটনা কেতিয়া হব সেই কথা কোনেও সঠিককৈ নাজানে ৷ এয়া আগন্তুক এবছৰতো হব পাৰে নাইবা অনাগত এক শতিকাতো নহব পাৰে ৷ পিছে এইবাৰ ভিছুভিয়াছৰ উদ্গিৰণ যিদিনাই হব সেইদিনা এয়া হব এক মহাপ্ৰলয় ৷ কাৰণ ভিছুভিয়াছৰ চৌদিশে 200 কিলোমিটাৰৰ অতিশয় বিপদজনক হিচাবে চিহ্নিত অঞ্চলটোত বৰ্তমান প্ৰায় 6 লাখ লোকে বাস কৰে ৷ ভিছুভিয়াছক কোনেও ৰখাব নোৱাৰে ৷ ই নিজৰ ইচ্ছামতে নিজ সময়ত বিষ্ফোৰিত হোৱাটো এশ শতাংশই নিশ্চিত ৷ তেতিয়ালৈ মানৱ জাতিয়ে কেৱল মাত্ৰ সেই ভয়ানক দিনটোত পাৰ্য্যমানে বেছি লোকক জীৱন্তে ৰক্ষা কৰিবলৈ নানা ধৰণে সাজু হব পাৰে ৷ আৰু সেই ঘটনাৰ বাবে প্ৰতিটো বছৰ পাৰ হোৱাৰ লগে লগে বৈজ্ঞানিক সকল পুৰণি বছৰটোতকৈও উন্নত উপায়েৰে সাজু হৈ গৈ আছে ৷ বৰ্তমান ইয়াতকৈ বেছি কৰিব পৰা একো উপায় মানৱৰ হাতত নাই ৷ কাৰণ আন সকলো কথাৰ দৰেই এই বিষয়তো বাকী শেষ সিদ্ধান্ত প্ৰকৃতিয়েহে লব ....
(যুগুতালে:: অলকেশ ভাগৱতী, গুৱাহাটী )

0 comments:
Post a Comment