আজব কাণ্ড;;‘অসম পৰ্যটনৰ প্ৰতীক পটত দুটা খৰ্গ থকা আফ্রিকাৰ গড়ৰ ছবি



অসম পর্যটনৰ শেহতীয়াকৈ প্রকাশ কৰা প্রতীকপট (ল’গ’)ক লৈ সর্বত্র সৃষ্টি হৈছে ব্যাপক প্রতিক্রিয়াৰ। কিয়নো প্রতীকপটোট দেখা গৈছে অসমৰ এশিঙীয়া গড়ৰ পৰিবৰ্তে আফ্রিকাৰ দুটা খৰ্গ থকা গড়ৰ ছবি। ৰাজ্যৰ যাউতিযুগীয়া তথা বাৰেৰহণীয়া ঐতিহ্য আৰু সংস্কৃতি প্রতিফলিত নােহােৱা উক্ত প্রতীকপটটাে শীঘ্ৰে বাতিল কৰাৰাে দাবী উত্থাপন হৈছে সচেতন মহলৰ মাজত। উল্লেখযোগ্য যে নতুন চৰকাৰৰ পৰ্যটন বিভাগৰ দায়িত্ব লাভ কৰা মন্ত্রী হিমন্তবিশ্ব শৰ্মাই অসম পর্যটনৰ প্রতীকপট প্রস্তুতৰ প্রক্রিয়া আৰম্ভ কৰে। দেশ-বিদেশৰ পৰ্যটকক অসমৰ প্রতি আকৰ্ষিত কৰাৰ উদ্দেশ্যে এই প্রতীকপটটো যোৱা ৪ ছেপ্টেম্বৰত আনুষ্ঠানিকভাৱে উন্মোচন কৰে মন্ত্রী শৰ্মাই। কিন্তু লক্ষণীয় কথা এয়ে যে অতি নিম্নমানৰ উত্ত প্রতীকপটটােত প্রতিফলিত হােৱা নাই অসমৰ যাউতিযুগীয়া ঐতিহ্য, পৰম্পৰা ,বাৰেৰহণীয়া সংস্কৃতি। প্রতীকপটৰ সমান্তৰালভাৱে পর্যটন বিভাগে এই সম্পৰ্কীয় এটা ভিডিঅ’ প্ৰচাৰ কৰিছে ছচিয়েল মিডিয়াত, য’ত প্রদর্শন কৰা হৈছে অসমৰ এশিঙীয়া গড়ৰ পৰিবৰ্তে আফ্রিকাৰ দুটা খৰ্গ থকা গড়ৰ ছবি। এনে প্রেক্ষাপটতে এতিয়া ৰাইজৰ মাজত সৃষ্টি হৈছে ব্যাপক প্রতিক্রিয়াৰ। ৰাজ্যৰ যাউতিযুগীয়া তথা বাৰেৰহণীয়া ঐতিহ্য আৰু সংস্কৃতি প্রতিফলিত নােহােৱা উক্ত প্রতীকপটটাে শীঘ্ৰে বাতিল কৰাৰাে দাবী উত্থাপন হৈছে সচেতন মহলৰ মাজত।
Share on Google Plus

About Unknown

0 comments:

Post a Comment