ঢাকাত ড° ভূপেন হাজৰিকাৰ জন্মদিনৰ অনুষ্ঠান ;;বাংলাদেশৰ শিল্পীৰ কণ্ঠত প্ৰাণ পাই উঠিছে সুধাকণ্ঠৰ গীত

আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ৯০সংখ্যক জন্মদিন।এইলৈ দেশৰ লগতে বাংলাদেশটো চলিছে গণশিল্পীগৰাকীৰ ওপজা দিন উদযাপনৰ আড়ম্বৰপূৰ্ণ আয়োজন। ইয়াৰ অংশস্বৰূপে চুবুৰীয়া ৰাষ্ট্র বাংলাদেশৰ ৰাজধানী ঢাকাত কালিৰে পৰা দুদিনীয়াকৈ আৰম্ভ হৈছে জন্মদিনৰ অনুষ্ঠান।বাংলাদেশৰ সামাজিক অনুষ্ঠান বাংলাদেশ শিল্পকলা একাডেমী আৰু ফ্রেণ্ডছ অফ বাংলাদেশ এ ইয়াৰ উদোগ লৈছে। এইক্ষেত্ৰত সহযোগ কৰিছে ভুপেন হাজৰিকা সাংস্কৃতিক ন্যাসে। এই অনুষ্ঠানত অংশগ্ৰহণৰ উদ্দেশ্যে "ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস’ৰ এটা দল ইতিমধ্যে ঢাকাত উপস্থিত হৈছে। কালি সন্ধিয়া জন্মদিনৰ অনুষ্ঠানৰ শুভাৰম্ভ কৰে বাংলাদেশৰ সাংস্কৃতিক মন্ত্রী আছাদুজ্জামান নুৰে। ইয়াৰ পাছতে শিল্পকলা একাডেমীৰ সঞ্চালকপ্রধান লিয়াকৎ আলীৰ পৌৰােহিত্যত অনুষ্ঠিত হয় ত্ৰাস পাহৰি দানৱক নাশ কৰীে আহক।” শীর্ষক এখন বিশেষ আলোচনা-চক্ৰ। এই আলোচনা-চক্ৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচার্য শিক্ষাবিদ ড° অমৰজ্যোতি চৌধুৰী, ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ উপদেষ্টা অনুৰাধা শৰ্মা পূজাৰী, ফ্রেণ্ডছ অৱ বাংলাদেশ'ৰ সমন্বয়ক এ এছ এম ছামচুল আৰেফিন, সং অসম শাখাৰ সাধাৰণ সম্পাদক সৌমেন ভাৰতীয়া আদিয়ে বক্তব্য আগবঢ়ায়। আলোচনা-চক্ৰৰ অন্তত কণ্ঠশিল্পী ৰূপম ভূঞাই সংগীত আৰু সূৰসংগম’ৰ শিল্পীবৃন্দই সাংস্কৃতিক পৰিৱেশন কৰে। বাংলাদেশৰ কেইবাজনাে শিল্পীৰ কণ্ঠতো প্ৰাণ পাই উঠে সুধাকণ্ঠৰ গীত। উদ্বোধনী অনুষ্ঠানৰ পূর্বে শিল্পকলা একাডেমীত ড° হাজৰিকাৰ সংগীতৰ ওপৰত এখন কৰ্মশালাও অনুষ্ঠিত হয়। এই কৰ্মশালাত শিক্ষার্থীসকলৰ মাজত সুধাকণ্ঠৰ অতি জনপ্রিয় গীত “মানুষ মানুষেৰ জন্য...’ পৰিৱেশন কৰে মনীষা হাজৰিকা আৰু ৰূপম ভূঞাই। বাংলাদেশৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্র্যালয়ৰ পৃষ্ঠপোষকতাত আয়ােজিত বিশ্ববিশ্রুত শিল্পীগৰাকীৰ জন্মদিন উপলক্ষে আজিও বিভিন্ন কাৰ্যসূচী নির্ধাৰণ কৰা হৈছে। তাৰ ভিতৰত ড° হাজৰিকাৰ গীত, তেওঁৰ গীতৰ দৰ্শনৰ ওপৰত বিশেষ আলোচনা-চক্ৰ আৰু কৰ্মশালা অন্যতম। তদুপৰি সন্ধিয়াৰ ভাগত 'ফ্ৰেণ্ডছ অৱ বাংলাদেশ'ৰ সমন্বয়ক এ এছ এম ছামচুল আৰেফিনৰ সভাপতিত্বত এখন গুৰুত্বপূর্ণ আলোচনা-চক্ৰ অনুষ্ঠিত হ’ব। এই আলোচনা-চক্ৰত অংশগ্রহণ কৰিব বিশিষ্ট সংগীত শিল্পী কালিকা প্ৰসাদ, বাংলাদেশৰ সাংসদ পংকজ নাথ আৰু সন্মিলিত সাংস্কৃতিক মঞ্চৰ সভাপতি গােলাম কুদ্দুছ আদিয়ে।



Share on Google Plus

About Unknown

0 comments:

Post a Comment