চৰকাৰৰ চকু কেতিয়া মেল খাব ?? সৰভোগত ঋণগ্ৰস্ত দৰিদ্ৰ কৃষকৰ আত্মহত্যা


ঋণৰ বোজা আৰু হতাশাৰ পৰা মুক্তি বিচাৰি এগৰাকী দুৰ্ভগীয়া কৃষক পুনৰ আত্মঘাতী হৈছে। আত্মহত্যাৰ শেষ সিদ্ধান্তত উপনীত হােৱা কৃষকজন হ’ল বৰপেটা জিলাৰ সৰভোগৰ কুমুৰীয়াৰ ৬৫ বছৰীয়া প্রফুল্ল দাস৷ যোৱা ৩ ছেপ্টেম্বৰত সন্ধানহীন হৈছিল প্রফুল্প দাস। পৰিয়ালৰ লোক তথা ওচৰ-চুবুৰীয়াই প্রফুল্ল দাসৰ সন্ধান কৰি পিচদিনাখন ঘৰৰ কিছু নিলগত এজোপা গছত কৃষকগৰাকী চিপ লৈ ওলমি থকা প্রত্যক্ষ কৰে।প্রথমতে গাঁওবাসীয়ে পাৰিবাৰিক কন্দলৰ বাবে প্রফুল্ল দাসে আত্মহননৰ পথ লোৱা বুলি সন্দেহ কৰিছিল। কিন্তু পিচলৈ এই আত্মহত্যাৰ আঁৰৰ নিৰ্মম সত্য পোহৰলৈ আহিল। আচলতে দৰিদ্রতাৰ বােজা সহিব নােৱাৰি হতভগীয়া কৃষকজনে আত্মহত্যাৰ পথ এখন সুখৰ সংসাৰ আছে। ভূমিহীন কৃষকগৰাকীয়ে এসময়ত আনৰ ঘৰত হালোৱা হিচাপে থাকি পেটৰ ভাত মোকলাইছিল। তেওঁ ঠেলা চলাই আৰু আনৰ মাটি আধি লৈ কৃষিকৰ্মৰে জীৱন নির্বাহ কৰিবলৈ লৈছিল। কৃষকজনে স্থানীয় মহিলা আত্মসহায়ক গোটৰ পৰা ১০ হেজাৰ টকা ঋণ লৈছিল। এই ঋণ যথাসময়ত পূৰণ কৰিব নােৱৰা বাবে পৰিশোধ কৰিবলগীয়া ধনৰ পৰিমাণ হয়গৈ ৩৫,০০০ টকা। ইফালে আনৰ মাটিত খেতি কৰিবলৈ কৃষকজনে কোনাে আত্মীয়ৰ পৰা এহাল বলধ আনিছিল। তেওঁৰ ঘৰৰ পৰা হালৰ গৰুহালো চুৰ কৰি নিয়ে। ফলত গৰুহালৰ বাবদ তেওঁ ১৮,০০০ টকা আৰু নিজৰ পোহনীয়া গাইগৰুজনী আত্মীয়ক দি ক্ষতিপূৰণ কৰে। মহিলা আত্মসহায়ক গােটৰ ৩৫,০০০ টকা ঋণ আছেই। । এনে পৰিস্থিতিত ঋণগ্রস্ত কৃষকজনে সকাহ পােৱাৰ কোনাে বাট দেখা নাপাই এই নিষ্ঠুৰ সিদ্ধান্ত ল’বলৈ বাধ্য হ’ল। এই দুৰ্দশাৰ বাবে কোনো প্রতিবাদ নকৰাকৈয়ে নীৰৱে আঁতৰি গ’ল৷ ৰাজ্যৰ এজন ঋণগ্রস্ত কৃষক।
Share on Google Plus

About Unknown

0 comments:

Post a Comment