উদ্যোগমন্ত্রী চন্দ্রমোহন পাটােৱাৰীয়ে উদ্যোগমন্ত্রী চন্দ্রমোহন পাটােৱাৰীয়ে ঘোষণা কৰিছে যে “চিমেণ্ট কোম্পানীসমূহে দাম কমাবলৈ মান্তি হৈছে। যিসমূহ চিমেণ্ট কোম্পানীয়ে ২৫ টকা দাম বঢ়াইছিল, সেইসমূহ কোম্পানীয়ে ৩০ টকা আৰু ৩০ টকা দাম বঢ়াইছিল। সেইসমূহ কোম্পানীয়ে ৩৫ টকা দাম কমাব লাগিব।” শুকুৰবাৰে চিমেণ্ট কোম্পানীসমূহৰ বিষয়াবৰ্গৰে দিছপুৰত হােৱা আলোচনাৰ অন্তত উদ্যোগমন্ত্ৰীগৰাকীয়ে এই কথা সদৰী কৰি কয়— মুখ্য মন্ত্রীৰ নির্দেশ মৰ্মে আজি চিমেণ্ট কোম্পানীৰ নেতৃবৃন্দৰ লগত এই বৈঠকৰ আয়ােজক কৰা হৈছে। চিমেণ্ট কোম্পানীসমূহে গ্ৰাহকক দাম কমাই দিবই লাগিব। তেওঁলোকে দাম কমাবলৈ বাধ্য।’ইফালে চিমেণ্ট কোম্পানীৰ পৰা ১৫ কোটি টকা লোৱা বুলি কৃষক নেতা অখিল গগৈয়ে অনা অভিযোগৰ সন্দৰ্ভত প্রতিক্রিয়া প্রকাশ কৰি পাটােৱাৰীয়ে কয়—এইসন্দৰ্ভত অখিল গগৈৰ হাতত কিবা তথ্য আছে যদি ৰাজহুৱা কৰক। মই প্রত্যাহ্বান জনাইছোঁ। অখিল গগৈ এজন প্রফেছনেল আন্দোলকগৰী। তেওঁৰ কথা অসমৰ মানুহে বিশ্বাস নকৰে।
Home / চিমেণ্ট কোম্পানীসমূহে দাম কমাবই লাগিব ;;উদ্যোগমন্ত্রী চন্দ্রমোহন
/ চিমেণ্ট কোম্পানীসমূহে দাম কমাবই লাগিব ;;উদ্যোগমন্ত্রী চন্দ্রমোহন
Subscribe to:
Post Comments
(
Atom
)

0 comments:
Post a Comment