খাদ্য সুৰক্ষা আঁচনি অব্যাহত থাকিব ;; গুৰুত্ব পূর্ণ বৈঠক


খাদ্য-যোগান বিভাগৰ মন্ত্রী ৰিহণ দৈমাৰী, আয়ুক্ত-সচিব ৰাজেশ প্রসাদ আৰু বিভাগীয় সঞ্চালকগৰাকীয়ে কালি দিছপুৰত সদৌ অসম সুলভ মূল্য ব্যৱসায়ী সস্থাৰে এক বৈঠকত মিলিত হয়। খাদ্য সুৰক্ষা আচনিৰ অধীনত চাউলৰ যোগান বন্ধ কৰি দিয়াৰ পৰিপ্ৰেক্ষিতত অথন্তৰৰ সন্মুখীন হােৱাৰ বাবেই এই বৈঠক অনুষ্ঠিত হয়। খাদ্য সুৰক্ষা আচনিৰ সুবিধা পোৱা দুখীয়া হিতাধিকাৰীসকলৰ স্বাৰ্থত ৰাজ্য চৰকাৰে আন্দােলনৰ কাৰ্যসূচী প্রত্যাহাৰ কৰিবলৈ সুলভ মূল্যৰ ব্যৱসায়ী সন্থাক অনুৰােধ জনােৱাৰ লগতে ইতিমধ্যে পৰিবহণ ব্যয় আৰু কমিছনৰ বাবদ ৬০ কোটি টকা মোকলাই দিয়াৰ কথাও বৈঠকত অৱগত কৰা হয়। সেইমৰ্মে সুলভ মূল্য ব্যৱসায়ী সস্থাই তেওঁলোকৰ প্রতিবাদ কাৰ্যসূচী উঠাই লৈছে যদিও প্রাপ্য ধন আদায় নাপালে অহা মাহৰ পৰা পুনৰ চাউলৰ বিতৰণ বন্ধ ৰখাৰ কথা জানিবলৈ দিয়ে। উল্লেখ্য যে তাৎক্ষণিকভাৱে ৬০ কোটি টকা আদায় পালেও প্রায় ২১১ কোটি টকা তেওঁলোকৰ আদায় পাবলৈ থাকিব। বৈঠকত চৰকাৰী পক্ষই মাহে মাহে পৰিবহণ ব্যয় আৰু কমিছনৰ ধন আদায় দিয়াৰ ব্যৱস্থা লোৱা হ’ব বুলি প্রকাশ কৰে।

Share on Google Plus

About Unknown

0 comments:

Post a Comment