উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাৰ সদ্য প্রকাশিত ‘অসমৰ যাত্রা ও নিৰাশাৰ পৰা আশালৈ নামৰ গ্ৰন্থখনত এক ভয়ংকৰ তথ্য প্রকাশ পাইছে যে ২০৫১ চনৰ ভিতৰত অসমত সংখ্যালঘুত পৰিণত হ’ব হিন্দুসকল। গ্ৰন্থখনত কেনেদৰে ২০৫১ চনৰ ভিতৰত হিন্দুসকল সংখ্যালঘুত পৰিণত হ’ব সেয়া তথ্যসহকাৰে দেখুওৱা হৈছে। জনসংখ্যা বৃদ্ধি সন্দৰ্ভত কেইবাটাও গৱেষণালব্ধ মডেল’ বা আহিৰ তথ্য প্রকাশ কৰি গ্ৰন্থখনত উল্লেখ কৰা হৈছে যে ২০৬১ চনৰ ভিতৰত হিন্দু জনসংখ্যা ৫০ শতাংশৰ তললৈ নামিব। অর্থাৎ ২০৬১ চনত হিন্দু জনসংখ্যা ৪৮.০৩ শতাংশ হ’বগৈ আৰু সেই সময়ত মুছলমান জনসংখ্যা মুঠ জনসংখ্যাৰ ৪৮.৩১ শতাংশ হ’বগৈ। ২০৬১ চনত কনষ্টেণ্ট গ্রন্থ মডেল অনুসৰি হিন্দু জনসংখ্যাৰ হাৰ ৪৪.৯৫ শতাংশ হােৱাৰ বিপৰীতে পলিনমিয়েল মডেল অনুসৰি এই হাৰ ৪৪.৯৫ শতাংশ হ’বগৈ। উপৰােক্ত দুয়োটা মডেল অনুসৰি ২০৬১ চনত মুছলমানসকল সংখ্যাগৰিষ্ঠ হ’বগৈ আৰু এই দুয়ােটা মডেল অনুসৰি ২০৫১ চনৰ ভিতৰত হিন্দুসকল সংখ্যালঘুত পৰিণত হ’ব। তাৎপর্যপূর্ণভাৱে অহা ৪০৫০ বছৰৰ ভিতৰত খিলঞ্জীয়া সংখ্যালঘু হােৱাটাে নিশ্চিত বুলি উল্লেখ কৰা হৈছে গ্ৰন্থখনত। এন আৰ চিৰ সন্দর্ভত বহু স্পর্শকাতৰ দিশ উনুকিয়াই গ্ৰন্থখনত কোৱা হৈছে বর্তমানৰ এন আৰ চি উন্নীতকৰণ প্রক্রিয়াই অবৈধ প্ৰব্ৰজনকাৰীক জালিয়াতিৰে নাগৰিকত্ব আৰোপত সহায়হে কৰিব। উল্লেখ্য যে গ্ৰন্থখনৰ লেখক উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা হাজৰিকাই কয় যে অবৈধ প্ৰব্ৰজনৰ লগত সম্পূক্ত হৈ থকা বিষয়বােৰ আইনৰ লগত জড়িত হৈ আছে। এনে পৰিস্থিতিত আইন সম্পৰ্কীয় দিশবােৰ জনসাধাৰণে যাতে সহজে বুজি পায়, তাৰ বাবেই হাতপুথিৰূপে এই গ্ৰন্থখন ৰচনা কৰা হৈছে ।
Home / Uncategories / ২০৫১ চনৰ ভিতৰত অসমত সংখ্যালঘুত পৰিণত হ’ব হিন্দুসকল;;উপমন্যু হাজৰিকাৰ গ্ৰন্থখনত তথ্য প্রকাশ
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment