চেন্নাইৰ স্বৰ্ণভূমি একাডেমী অৱ মিউজিকত অধ্যয়নৰত ছাত্র নিলয় সেনগুপ্তাৰ ৰহস্যজনক মৃত্যু ঘটিছে মহাৱলিপুৰমত। সৰুৰে পৰা সংগীতৰ প্ৰতি বিশেষ ধাউতি থকা গুৱাহাটীৰ কালাপাহাৰ ভাস্কৰ নগৰৰ ছাত্র নিলয় সেনগুপ্তাই "ডাম'ৰ শিক্ষা গ্ৰহণৰ বাবে ২০১৪ চনত নামভৰ্তি কৰিছিল। চেন্নাইৰ স্বর্ণভূমি একাডেমী অৱ মিউজিকত। দেওবাৰে ভ্ৰমণৰ বাবে নিলয় অন্যান্য ছাত্র-ছাত্ৰী আৰু ৭ গৰাকী অধ্যাপকৰ সৈতে গৈছিল ব্লৱে ৰিজ’ৰ্টলৈ গৈ সন্ধানহীন হৈ পৰিছিল ছাত্ৰজন। লোকক। তেওঁলোকেও বাৰে বাৰে চেষ্টা কৰিও লগ কৰিবলৈ সক্ষম নহ’ল স্বৰ্ণভূমি একাডেমী অৱ মিউজিক কর্তৃপক্ষক। আজি পুৱা চেন্নাইৰ স্থানীয় প্রশাসনৰ সহযোগত নিলয়ৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় পিতৃ তথা জ্যেষ্ঠ ভাতৃয়ে। কেৱল অন্তর্বস পৰিহিত অৱস্থাত উদ্ধাৰ হয় নিলয় সেনগুপ্তৰ মৃতদেহ। মৃতদেহৰ মূৰৰ পিছফালে আঘাতৰ চিন স্পষ্ট, মূৰ আৰু মুখমণ্ডলত লাগি আছিল তেজৰ চেকুৰা। ইফালে পৰিয়ালৰ লোকৰ প্ৰত্যক্ষ অভিযোগ— ষড়যন্ত্রমূলকভাৱে হত্যা কৰা হৈছে নিলয়ক। সাতগৰাকীকৈ অধ্যাপকৰ উপস্থিতিত কিদৰে বর্বৰভাৱে হত্যা কৰিব পাৰে এজন ছাত্ৰক ? নিলয়ৰ হত্যাৰ সৈতে অধ্যাপক জড়িত থকাৰাে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালটােৱে। নিলয়ৰ খুড়াক সুশান্ত সেনগুপ্তাই কয় যে আজি চেন্নাইলৈ বিমানযোগে যাব গোটেই পৰিয়ালটাে আৰু যি পর্যন্ত ২২ বছৰীয়া ছাত্ৰজনৰ হত্যাকাৰীক আৰক্ষীয়ে চিনাক্ত কৰিব নোৱাৰে, সেই পর্যন্ত নিলয়ৰ মৃতদেহ চমজি নল’ব। যাৰ বাবে কিংকর্তব্যবিমূঢ় হৈ পৰিছে পৰিয়ালটাে। নিলয়ৰ মৃত্যুৱে পুনৰ ৰাজ্যবাসীক ভাবিবলৈ বাধ্য কৰিছে বহিঃৰাজ্যত  সুৰক্ষিত অসমৰ শিক্ষার্থী নহয়। যাৰবাবে  উত্তৰ-পূর্বাঞ্চলৰ শিক্ষার্থী বহিঃৰাজ্যত নির্যাতিত হােৱাটো যেন  বর্তমান  এক চিৰাচৰিত ঘটনাত  পৰিণত হৈছে। 
Home / গুৱাহাটীৰ ছাত্ৰৰ চেন্নাইত ৰহস্যজনক মৃত্যু;; হত্যাৰ সন্দেহ
 / গুৱাহাটীৰ ছাত্ৰৰ চেন্নাইত ৰহস্যজনক মৃত্যু;; হত্যাৰ সন্দেহ
Subscribe to:
Post Comments
                            (
                            Atom
                            )
                          
 
 
 
 
 
 

 
0 comments:
Post a Comment