দুই নাতিনীলৈ অমিতাভৰ হৃদয়স্পশী চিঠি;; নিজৰ বংশ-মর্যাদা অটুট ৰাখিবলৈ আহ্বান



শিক্ষক দিৱসৰ দিনা বলীউডৰ মেগাষ্টাৰ অভিনেতা অমিতাভ বচনে দুই নাতিনীলৈ লিখা এখনি হৃদয়স্পৰ্শী চিঠিয়ে দেশব্যাপী আলোড়ন সৃষ্টি কৰিছে। অভিনেতা পুত্র অভিষেক বচ্চন আৰু বোৱাৰী অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চনৰ কন্যা আৰাধ্যা বচ্চন আৰু জীয়ৰী শ্বেতানন্দাৰ কন্যা নব্যা নাভেলিলৈ ককাক হিচাপে বচনে নিজৰ বংশ-মর্যাদা অটুট ৰাখি হৃদয়ৰ আহ্বান গ্রহণ কৰি নিজৰ পৰিচয় প্রতিষ্ঠা কৰিবলৈ পৰামর্শ আগবঢ়ায়। দেশত কন্যা সস্তানক বলপূর্বকভাৱে পৰিয়ালৰ লোকে সিদ্ধান্ত জাপি দিয়াৰ প্ৰসংগ উত্থাপন কৰি বিগ বিয়ে পত্ৰখনত দুই নাতিনী আৰাধ্যা আৰু নব্যাক সিদ্ধান্ত গ্রহণ কৰাৰ ক্ষেত্ৰত নিজা চিন্তাধাৰণাক গুৰুত্ব দিবলৈ পৰামর্শ দিয়ে। অকল কাগজত লিখিয়েই সীমাবদ্ধ নাথাকি বিগ বিয়ে ভিডিঅ’ আৰু টুইটাৰযোগেও দুই নাতিনীলৈ শিক্ষক দিৱসৰ দিনা কেইবাটাও গুৰুত্বপূর্ণ পৰামৰ্শ প্রদান কৰে। ভিডিঅ’ত বিগ বিয়ে নমস্তে আৰাধ্যা বুলি উল্লেখ কৰাৰ বিপৰীতে আনগৰাকী নাতিনী হাই নব্যা নাভেলি নমস্তে বুলি সম্ভাষণ কৰে। ড° হৰিবংশ ৰায় বচ্চনৰ পৰিয়ালৰ এগৰাকী আৰাধ্যা আৰু এইচ পি নন্দাৰ পৰিয়ালৰ এগৰাকী নব্যাক তেওঁলোকৰ আজোককাৰ মান-মর্যাদা সর্বদা যাতে অটুট ৰাখে তাৰ বাবেও উপদেশ দিয়ে। কিয়নো তেওঁলোকৰ উপ-নামত সদায়েই বচ্চন আৰু নন্দা সাঙোৰ খাই থাকিব। ক’ৰবালৈ গ’লে কি ধৰণৰ সাজ আৰু কেনেদৰে ব্যৱহাৰ কৰিব লাগে, কাক সাক্ষাৎ কৰিব তাৰ ওপৰত সদায়ে গুৰুত্ব দিয়াৰ প্ৰসংগ উল্লেখ কৰি কেতিয়াও আনৰ সিদ্ধান্তৰ ছায়াত জীৱন নির্বাহ নকৰিবলৈ পত্ৰযোগে বিগ বিয়ে দুই নাতিনীক পৰামর্শ দিয়ে।নিজৰ ইচ্ছানুযায়ী নিজা পছন্দৰে জীৱনটাে আগবঢ়াই নিয়াৰ প্ৰসংগ উল্লেখ কৰি বিগ বিয়ে আনে কি কয় তাৰ ওপৰত গুৰুত্ব নিদিবলৈ পৰামর্শ দিয়ে পত্ৰখনত। নিজা পছন্দৰ মতে বিবাহপাশত আবদ্ধ হােৱাৰ পৰামর্শ দিয়া বিগ বিয়ে তেওঁলোকৰ পৰিয়ালৰ মর্যাদাক কাহানিও যাতে হানি নকৰে তাৰ ক্ষেত্ৰত গুৰুত্ব দিবলৈ পত্ৰখনত উল্লেখ কৰিছে বিগ বিয়ে। দেশত কন্যা সস্তানক বলপূর্বকভাৱে পৰিয়ালৰ লোকে সিদ্ধান্ত জাপি দিয়াৰ প্ৰসংগ উত্থাপন কৰি বিগ বিয়ে পত্ৰখনত দুই নাতিনী আৰাধ্যা আৰু নব্যাক সিদ্ধান্ত গ্রহণ কৰাৰ ক্ষেত্ৰত নিজা চিন্তাধাৰণাক গুৰুত্ব দিবলৈ পৰামর্শ দিয়ে।




Share on Google Plus

About Unknown

0 comments:

Post a Comment