সেনা আৰু আৰক্ষীয়ে এক যুটীয়া অভিযান চলাই কালি কাৰ্বি আংলঙৰ পৰা United People's Liberation Army(UPLA)ৰ সেনাধক্ষ্য নিকুঞ্জ কাঠাৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । তেওঁৰ উপৰিও আৰু তিনি জন কেডাৰক গ্ৰেপ্তাৰ কৰা হয়। কাঠাৰে বিগত ২০১৪ চনত কাৰ্বি আংলঙৰ আৰক্ষী অধীক্ষক নিত্যানন্দ গোস্বামীৰ হত্যাকাণ্ডৰ লগত জড়িত আছিল । তেওঁ লগতে বিভিন্ন হত্যা , ধন দাবী, অপৰহৰণ কাণ্ডৰ লগতো জড়িত থকাৰ ভালেমান অভিযোগ আছে। আৰক্ষীক দিয়া স্বীকাৰুক্তি অনুসৰি তেওঁ স্বাধীনতা দিৱসৰ পূৰ্ব বিভিন্ন স্থানত আই ই ডি বিষ্ফোৰণৰ পৰিকল্পনা কৰিছিল আৰু অলপতে ম্যানমাৰৰ পৰা আহিছিল ।
Home / Uncategories / কাৰ্বি আংলঙত UPLAৰ সেনাধ্যক্ষক তিনি সতীৰ্থ সহ গ্ৰেপ্তাৰ:: কুটাঘাটৰ পৰিকল্পনা কৰিছিল স্বাধীনতা দিৱসৰ পূৰ্বে
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment