ভুৱা প্ৰমাণ পত্ৰৰে একাংশ বিদেশীয়ে স্বদেশী হোৱাৰ চক্ৰান্তত নামি পৰাৰ তথ্য পোহৰলৈ আহিছে । সদনত সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে জনোৱা মতে--- এন আৰ চিত এচাম লোকে ভুৱা নথি পত্ৰ দিয়াটো সচাঁ । এই সন্দৰ্ভত ১৩০টা গোচৰ ৰুজু কৰা হৈছে । বৰ্তমান এন আৰ চি উন্নীতকৰণৰ ক্ষেত্ৰত পৰীক্ষণ আৰু নথি পত্ৰৰ কাৰ্যালয় পৰীক্ষকৰ কাম চলি আছে। এতিয়ালৈকে ৯৭.৩৫ শতাংশ ক্ষেত্ৰ পৰীক্ষণ সম্পন্ন হৈছে । এন আৰ চি আবেদনকাৰীয়ে দিয়া নথিৰ ভিতৰত ৫.৯৬ কোটি নথি পৰীক্ষণৰ বাবে লোৱা হৈছে । ইয়াৰ ভিতৰত ৪.৫৩ কোটি (৭৬%) নথিৰ পৰীক্ষণ সম্পূৰ্ণ হৈছে । আনহাতে , ২.৬৮ লাখ নথি বিভিন্ন ৰাজ্যলৈ পৰীক্ষণৰ বাবে পঠোৱা হৈছে ।
Home / Uncategories / বিদেশীক স্বদেশী কৰাৰ ভয়ংকৰ প্ৰচেষ্টা ::: এন আৰ চিত ওলাইছে ভুৱা নথি পত্ৰ :: ১৩০টা গোচৰ ৰুজু
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment