অসমৰ স্বাস্থ্য বিভাগৰ এক পয়ালগা ছবি উন্মোচিত হৈছে স্বাস্থ্য বিভাগৰ তথ্যত। প্ৰাপ্ত তথ্য মতে, ৰাজ্যৰ ৬০ শতাংশ চিকিৎসালয়ত নাই ঔষধ। আনহাতে যি ৪০ শতাংশত ঔষধ উপলব্ধ , তাতো নাই প্ৰয়োজনীয় তথা পৰ্যাপ্ত পৰিমাণৰ ঔষধ। ৰাজ্যৰ ৪৬২১ খন উপ স্বাস্থ্য কেন্দ্ৰৰ ৩০০৫ খনতে নাই খোৱা পানীৰ ব্যৱস্থা। ২৩৪০ খনত নাই বিদ্যুত সংযোগ। ৯১৫ খন চলি আছে ভাড়াঘৰত। ৰাজ্যৰ ১০১৪ খন প্ৰাথমিক স্বাস্থ্য কেন্দ্রৰ ভিতৰত ৯৮০ খনত নাই অস্ত্ৰোপচাৰ কৰাৰ কোনো ব্যৱস্থা। ২১৪ খনত নাই লেবাৰ ৰুম । আনহাতে ১৫১ খন সমূহীয়া স্বাস্থ্য কেন্দ্রৰ ভিতৰত ৭২ শতাংশতেই নাই এক্স ৰে ৰুম । সম্প্ৰতি ৰাজ্যৰ জন সংখ্যা অনুসৰি কমেও ১১ হেজাৰ চিকিৎসকৰ প্ৰয়োজন যদিও ২১০০ টাকৈ চিকিৎসকৰ পদ খালী আছে। ৰাজ্যত অভাৱ ৮৮ শতাংশ বিশেষজ্ঞ চিকিৎসক আৰু ৫৩ শতাংশ নাৰ্ছৰ। একেদৰে ৰেডি'গ্ৰাফাৰ, লেবৰেটৰী টেকনিচিয়ান,ফাৰ্মাচিষ্টৰ ভালেমান পদো খালী হৈ আছে। পৰিবৰ্তনৰ শ্লোগানেৰে দিছপুৰ দখল কৰা সোণোৱাল চৰকাৰে এইক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হব।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment