ভয়াবহ বানৰ কবলত ৰাজ্য :: ১৫ জিলাৰ ৬.৫০ লাখ লোক ক্ষতিগ্ৰস্ত

বিগত কিছুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ভয়াবহ বানপানীৰ কবলত পৰিছে ৰাজ্যখন। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য মতে-- ৰাজ্য খনৰ ১৫ খন জিলাৰ ৬.৫০ লাখ লোক এই বানৰ কবলত পৰিছে । তদুপৰি ৪৫,৯৩২.৭৫ হেক্টৰ শস্য ভূমি বানত ডুব গৈছে। বানৰ কবলত পৰা জিলা কেইখন হৈছে-- বঙাইগাওঁ, ধুবুৰী, লখিমপুৰ, যোৰহাট , গোলাঘাট, ধেমাজি , শিৱসাগৰ, বৰপেটা ,কোকৰাঝাৰ, নগাওঁ, ডিব্ৰুগড়,চিৰাং,গোৱালপাৰা আৰু তিনিচুকীয়া। মুখ্যমন্ত্ৰী সোণোৱালে বান পৰিস্থিতিৰ ওপৰত অনুষ্ঠিত এক পৰ্যালোচনা সভাত সংশ্লিষ্ট বিভাগ সমূহক বানপীড়িত ৰাইজক উদ্ধাৰ আৰু সাহাৰ্য প্ৰদানত কোনো ধৰণৰ ক্ৰুটি নকৰিবলৈ কাঢ়া নিৰ্দেশ দিছে।

Share on Google Plus

About Unknown

0 comments:

Post a Comment