ৰাজ্যৰ স্বাস্থ্য খণ্ডত হাহাকাৰ লাগিছে কেন্দ্ৰীয় চৰকাৰৰ এক নিৰ্দেশনাক কেন্দ্র কৰি। কেন্দ্ৰীয় চৰকাৰৰ মহা ঔষধ নিয়ন্ত্ৰকে দিয়া নিৰ্দেশনাৰ ভিত্তিত ৰাজ্যৰ স্বাস্থ্য বিভাগে এক নিৰ্দেশনাৰ জৰিয়তে ৰাজ্যৰ ৯,৯১৬ খন সংৰক্ষিত ফাৰ্মাচীৰ অনুজ্ঞা পত্ৰ বাতিল কৰাৰ বাবে ঔষধ নিয়ন্ত্ৰকক নিৰ্দেশ জাৰি কৰিছে । ৰাজ্য চৰকাৰে ড্ৰাগছ এণ্ড কছমেটিক এক্ট ১৯৪০ আৰু ৰুল ১৯৪৫ৰ আধাৰত ৰাজ্য চৰকাৰে ৯,৯১৬ গৰাকী শিক্ষিত নিবনুৱাক সংৰক্ষিত ফাৰ্মাচীৰ অনুজ্ঞা পত্ৰ প্ৰদান কৰিছিল । ফাৰ্মাচীৰ কোনো অৰ্হতা নথকাকৈয়ে মুখ্যত গ্ৰামাঞ্চলত চলিছিল এইবোৰ ফাৰ্মাচী। চৰকাৰৰ এনে নিৰ্দেশনাৰ পিছত হাহাকাৰ লাগিছে এওঁলোকৰ মাজত। আনহাতে , চৰকাৰৰ এই নিৰ্দশনাক আদৰণি জনাইছে সদৌ অসম ফাৰ্মাচিষ্ট সংন্থাই।
Home / Uncategories / অসমৰ ১০ হাজাৰ ফাৰ্মাচী বন্ধৰ নিৰ্দেশ :: হাজাৰ হাজাৰ ফাৰ্মাচীত নাই অৰ্হতা সম্পন্ন ফাৰ্মাচিষ্ট
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment